NORTHEAST NOW (Assamese)

অসমত প্ৰত্যাহাৰ হ’ল সাপ্তাহিক লকডাউন আৰু সান্ধ্য আইন

September 4, 2020 4:08 pm · কল্পজ্যোতি শইকীয়া
Updated: September 4, 2020 4:43 pm

অসমত প্ৰত্যাহাৰ হ’ল সাপ্তাহিক লকডাউন।

কাইলৈ আৰু পৰহিলৈ ৰাজ্যত নাথাকে কোনো লকডাউন।

সাপ্তাহিক লকডাউনৰ লগতে প্ৰত্যাহাৰ কৰা হৈছে নৈশ সান্ধ্য আইন।

অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই টুইটাৰযোগে জনালে এই কথা।

শুকুৰবাৰে কৰা এটা টুইটত মুখ্য সচিব গৰাকীয়ে এই ঘোষণা কৰিছে।

সমগ্ৰ দেশজুৰি আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতো ৰাজ্যত ক’ৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰ আৰু দেওবাৰে লকডাউন দিয়া হৈছিল
লগতে নিশাৰ ভাগত আছিল সান্ধ্য আইন।

এতিয়াৰ পৰা এই নিয়ম সম্পূৰ্ণৰূপে শিথিল কৰি দিয়া হৈছে বুলি মুখ্য সচিবে জনাইছে।

Related News