• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ শিক্ষাৰ্থীয়ে পুনৰ লাভ কৰিব শিক্ষা লোণ; থাকিব ৰাজ সাহায্য; কৰিব লাগিব অনলাইন আবেদন

ৰাজ্যৰ ৮ লাখ চাহ শ্ৰমিকে পুনৰ লাভ কৰিব ধন পুৰস্কাৰ মেলাৰ ধন; হিমন্তৰ ঘোষণা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 4, 2020 3:53 pm
Himu DADA
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰে ২০১৯-২০ বৰ্ষত ঘোষণা কৰা শিক্ষাৰ্থীৰ লোণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিছে।

জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই কথা।

Apply Now

‘কোনোবাই যদি শিক্ষাৰ লোণ লয় তেতিয়াহ’লে তেওঁলোকে ৫০ হাজাৰ টকা ৰাজ সাহায্য  লাভ কৰিব। ১৫৪৫ গৰাকী হিতাধিকাৰীয়ে ইতিমধ্যে লোণ লৈ এই সাহায্য পাইছে। যোৱাবছৰেই এই আঁচনি গ্ৰহণ কৰা হৈছিল যদিও কোভিদৰ কাৰণে এইবছৰ এই আঁচনি আৰম্ভ কৰা হোৱা নাছিলো।‘ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।

ইতিমধ্যে পূৰ্বে পূৰণ কৰা ৫৫৪৭ খন অনুমোদিত আবেদন ৰাজ্য চৰকাৰৰ হাতত আছে বুলি সদৰী কৰি হিমন্তই লগতে কয় ‘যিসকলে আগতে আবেদন কৰিব পৰা নাছিল তেওঁলোকে www.assamfinanceloans.in ত গৈ প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব। পূ্ৰ্বতে আবেদন নকৰাসকলেও ৫০ হাজাৰ টকাৰ ৰাজ সাহায্য লাভ কৰিব।‘

এইবছৰ বাজেটত এই আঁচনিৰ বাবদ ২৫ কোটি টকা ধায্য কৰা হৈছে বুলি মন্ত্ৰীয়ে জনায়।

মন্ত্ৰীয়ে জনোৱা অনুসৰি ৭ অক্টোবৰৰ পৰা ১০ অক্টোবৰৰ ভিতৰত এই পুঁজি মুকলি কৰি দিয়া হ’ব।

নতুনকৈ আবেদন কৰা সকলে ২০ চেপ্তেম্বৰৰ ভিতৰত এই ৱেবচাইটতলৈ গৈ আবেদন কৰিব লাগিব বুলি তেওঁ কয়।

ইপিনে, চাহ বাগিচাৰ শ্ৰমিকসকলৰ কাৰণে বিশেষ আঁচনি পুনৰ আৰম্ভ কৰা বুলি উল্লেখ কৰি হিমন্তই লগতে কয়  ‘এইখন ২০১৭-১৮ বৰ্ষৰ চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলা আঁচনি। ২০১৭-১৮ ত ৬ লাখ ৩৩ হাজাৰ ৪১১ চাহ শ্ৰমিকৰ একাউন্ট খোলা হৈছিল আৰু আঢ়ৈ হাজাৰ টকাকৈ জমা দিয়া হৈছিল।‘

‘২০১৮-১৯ চনত ৭,১৫,৯৭৯ লৈ বৃদ্ধি পাইছিল চাহ বাগিচাত একাউন্ট খোলা লোকৰ সংখ্যা, তেতিয়াও আঢ়ৈ হাজাৰ টকাকৈ পুনৰ জমা কৰা হৈছিল। ২০১৯-২০ চনত এই আঁচনিৰ কাম হোৱা নাছিল।‘ হিমন্তই এইদৰে কয়।

পুনৰ ২০২০-২১ বৰ্ষত ৩ হাজাৰ টকাকৈ বেংক একাউন্ট সমূহত জমা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তেওঁ জনায়।

তেওঁ আৰু কয় ‘এই বেংক একাউন্টৰ সংখ্যা ৭,১৫,৯৭৯ ৰ পৰা ৮ লাখলৈ বৃদ্ধি কৰি ১০০ শতাংশ চাহ শ্ৰমিকৰে বেংক একাউন্ট খোলাৰ দিহা কৰা হ’ব। এই বছৰ ধন পুৰস্কাৰ মেলা আঁচনিৰ বাবদ ২৫০ কোটি টকা ধায্য কৰা হৈছে।‘

চলিত বৰ্ষৰ ১৫ নবেম্বৰৰ ভিতৰত এই পুঁজি চাহ শ্ৰমিকৰ বেংকত জমা হ’ব বুলি তেওঁ সদৰী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd