• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চেন্নাইত হোপ-হেটমেয়াৰৰ ধুমুহাত বিধ্বস্ত টীম ইণ্ডিয়া; দুৰ্দান্ত বিজয় ৱেষ্টইণ্ডিজৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 16, 2019 8:33 am

2 min read

EL0lCKHUEAEY3V-
342
VIEWS
Share on FacebookShare on Twitter

এদিনীয়া ক্ৰিকেটৰ ৰেংকিঙত নৱম স্থানত থকা দলটোৱে দ্বিতীয় স্থানৰ দলটোক দিশহাৰা কৰি তুলিলে দেওবাৰে চেন্নাইত।

টী-২০’ত দুৰ্ধৰ্ষ হিচাপে পৰিচিত দলটোৱে এদিনীয়াটো যে তেওঁলোক এতিয়া এক সজীৱ প্ৰতিদ্বন্দ্বী সেয়া প্ৰমাণ কৰি দিলে।

এখনৰ পাছত আন এখন ছিৰিজত বিজয় সাৱ্যস্ত কৰি মনোবল তুংগত থকা বিৰাট কোহলিৰ টীম ইণ্ডিয়াক পৰাজিত কৰি ৱেষ্টইণ্ডিজে দমনীয় প্ৰদৰ্শনৰ পৰিভাষা বুজাই দিলে।

হোপ আৰু হেটমেয়াৰৰ দুৰ্দান্ত শতকীয় ইনিংছৰ সহায়ত একপ্ৰকাৰ অসাধ্য সাধন কৰে কেৰিবিয়ান দলটোৱে। সেইদৰে পোলাৰ্ডৰ নেতৃত্বত দলটোৱে ছিৰিজত ১-০ৰ অগ্ৰগতিও লাভ কৰে।

ভাৰতৰ হৈ আন্তৰ্জাতিক এদিনীয়াত প্ৰথমটো অৰ্দ্ধ শতক অৰ্জন কৰে ঋষভ পন্টে।চাৰি নম্বৰত বেটিং কৰা শ্ৰেয়াস আয়াৰেও ভাল প্ৰদৰ্শনে দাঙি ধৰে। কিন্তু দিনটোৰ শেষত তেওঁলোকৰ সেই প্ৰদৰ্শনো হৈ পৰে ম্লান।

ভাৰতৰ অভিজ্ঞসকলেও আশাকৰা মতে প্ৰদৰ্শন দাঙি ধৰাত সফল নহ’ল। মহম্দ ছামীৰ পৰা আৰম্ভ কৰি কুলদীপ যাদব, ৰোহিত শৰ্মাৰ পৰা বিৰাট কোহলিলৈকে সকলো ব্যৰ্থ হ’ল।

ভাৰতৰ টপ অৰ্ডাৰত আঘাত হানি আৰম্ভণিতেই কৰ্টনৰ দলে বুজাই দিলে যুদ্ধ সহজ নহয়।

মিডল অৰ্ডাৰে যুঁজ দিলে ঠিকেই কিন্তু ৮ উইকেটৰ বিনময়ত ২৮৭ ৰাণৰ লক্ষ্য বান্ধি দি এদিনীয়াত জয়ৰ আশা কৰাটো জানো সহজ?  মাত্ৰ কেইদিনমান পূৰ্বে টী-২০’ত আঢ়ৈশ ৰাণ কৰা দলটোৱে তিনিশ ৰাণো স্পৰ্শো কৰিব নোৱাৰিলে।

ভাৰতৰ হৈ শ্ৰেয়াস আয়াৰে ৭০ৰাণ আৰু ঋষভ পন্টে ৭১ ৰাণৰ অৰিহনা যোগায়।

ৱেষ্টইণ্ডিজে সহজতেই জয়ী হ’ল মেচখনত। অপেনাৰ হোপ আৰু হেটমেয়াৰৰ দমনীয় প্ৰদৰ্শনৰ আগত সকলো নিষ্প্ৰভ হৈ পৰিল।

হেটমেয়াৰে ১৩৯ ৰাণ কৰাৰ বিপৰীতে হোপে ১০২ ৰাণ কৰি অপৰাজিত হৈ থাকে।

মহম্মদ ছামী, ৰবীন্দ্ৰ জাডেজা, দীপক চহৰ কোনোজন বলাৰকে ৰেহাই নিদিলে দুৰ্দান্ত যুটীটোৱে। তদুপৰি, ভাৰতৰ সোপাঢিলা ফিল্ডিঙৰ অৰিহনাও আছে।

বেটিং, বলিং, ফিল্ডিং, তিনিওটা বিভাগেই যেতিয়া প্ৰদৰ্শনত ব্যৰ্থ হয়, তাত জয়ৰ আশা নকৰাই ভাল। দেওবাৰে টীম ইণ্ডিয়াৰ অৱস্থাও সেয়াই হ’ল।

ইয়াৰ বিপৰীতে দমনীয় প্ৰদৰ্শনেৰে যোগ্যভাৱেই ভাৰতৰ পৰা মেচখন কাঢ়ি নিলে কেৰিবিয়ান দলটোৱে।

Recent News

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd