• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কি হ’ব মহাৰাষ্ট্ৰ চৰকাৰৰ? বিজেপিৰ ৰাজনৈতিক চক্ৰান্তৰ আগত তিষ্ঠিব পাৰিবনে শিৱসেনা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2022 3:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কি হ’ব মহাৰাষ্ট্ৰ চৰকাৰৰ? মুখ্যমন্ত্ৰীৰ পদবী এৰিব নেকি উদ্ধৱ ঠাকৰেই? যদি শাসনাধীষ্ঠ মহা বিকাশ আঘাদী অক্ষুণ্ণ থাকে, তেন্তে কি হ’ব শিৱসেনাৰ বিসম্বাদী বিধায়কসকলৰ? বিজেপিয়ে কিয় মহাৰাষ্ট্ৰত নিজৰ প্ৰভাৱ অক্ষুণ্ণ ৰাখিব বিচাৰিছে। মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট বৰ্তমান দেশজুৰি চৰ্চিত হৈ পৰিছে।

মহাৰাষ্ট্ৰ নগৰ উন্নয়ন মন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত কেইবাজনো শিৱসেনাৰ বিসম্বাদী বিধায়কে উদ্ধৱ ঠাকৰে চৰকাৰ ভংগ কৰিবলৈ অগ্ৰসৰ হৈছে। কিন্তু কিয় শিৱসেনাত এই বিসম্বাদে দেখা দিছে?

শিৱসেনাৰ এনেধৰণৰ দলীয় অন্তঃকন্দল নতুন নহয়। দুই দশকপূৰ্বে ১৯৯২ চনৰ জুলাই মাহতো এই ধৰণৰ বিসম্বাদ চৰ্চালৈ আহিছিল। সেই সময়ত দলৰ নেতৃত্বত আছিল প্ৰতিষ্ঠাপক বাল ঠাকৰে। বিসম্বাদৰ বাবেই সেই সময়ত দলীয় মুখপত্ৰ ‘সামনা’ত বাল ঠাকৰেই আৱেগিকভাৱে লিখিছিল যে যদি দলৰ কৰ্মীসকলে বিচাৰে, তেন্তে শিৱসেনাৰ মুৰব্বীৰ পদ তেওঁ ত্যাগ কৰিব।

Apply Now

কিন্তু বাল ঠাকৰেই এনেদৰে কোৱাৰ পাছতে তেওঁক লাখ লাখ শিৱসেনা কৰ্মীয়ে সমৰ্থন কৰিবলৈ ধৰে। তাৰ পাছৰে পৰা দলটোৱে এনেধৰণৰ বিসম্বাদৰ সন্মুখীন হোৱা নাছিল। এতিয়া একনাথ সিন্দেৰ নেত্বত্বত শিৱসেনাৰ বিসম্বাদী বিধায়কসকলে হিন্দুত্ববাদৰ স্বাৰ্থতে এই কাম কৰা বুলি প্ৰকাশ কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ঠাকৰেইও মুখ্যমন্ত্ৰীৰ বাসগৃহ ত্যাগ কৰিছে। কৈছে যে তেওঁ পদত্যাগ কৰিবলৈ সাজু।

উল্লেখযোগ্য যে বৰ্তমান মহাৰাষ্ট্ৰত কংগ্ৰেছ আৰু এনচিপিৰ স’তে শিৱসেনাৰ চৰকাৰ চলি আছে। এই মিত্ৰজোঁটক মহাৰাষ্ট্ৰ বিকাশ আঘাদী হিচাপে জনা যায়। ২৮৮ আসন থকা মহাৰাষ্ট্ৰ বিধানসভাত বৰ্তমান শিৱসেনাৰ ৫৫জন বিধায়ক আছে। হিন্দুত্ববাদৰ আদৰ্শৰ শিৱসেনাৰ স’তে ধৰ্মনিৰপেক্ষ দুটাকৈ দল এইদৰে মিত্ৰপাশত আৱদ্ধ হয় ২০১৯ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত। উদ্ধৱ ঠাকৰেৰ প্ৰবল বিজেপি বিৰোধিতাৰ বাবেই এই মিত্ৰতা সম্ভৱ হৈছিল। শিৱসেনা ইয়াৰ আগলৈকে বিজেপিৰ স’তে পৰম মিত্ৰ আছিল। কিন্তু সেই নিৰ্বাচনৰ সময়তে আসন বুজাবুজিক লৈ দল দুটাৰ মাজত সংঘাত হয়।

আনহাতে, শিৱসেনাৰ বিসম্বাদৰ নেতৃত্ব দিয়া একনাথ সিন্দে হৈছে দলটোৰ এগৰাকী অতি পুৰণা নেতা। মহাৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ চহৰ থানে আৰু পালঘৰ সমষ্টিত সিন্দে অত্যন্ত জনপ্ৰিয় নেতা। ১৯৮০ চনৰ পৰা তেওঁ শিৱসেনাৰ হৈ ৰাজনীতি কৰি আহিছে।  একনাথ সিন্দেই কৈ আহিছে শিৱসেনাৰ প্ৰতিষ্ঠাপক বাল থাকৰেৰ হিন্দুত্ববাদী আদৰ্শ পুনৰ প্ৰতিষ্ঠাই তেওঁৰ লক্ষ্য।

উদ্ধৱ ঠাকৰেই সিন্দেলৈ শেহতীয়াকৈ বাৰ্তা প্ৰেৰণ কৰিছিল যে ঠাকৰেৰ ঠাইত সিন্দেই হওক মুখ্যমন্ত্ৰী। কিন্তু এই প্ৰস্তাৱ অগ্ৰাহ্য কৰে সিন্দেই। তেওঁৰ নিশ্চয়কৈ মুখ্যমন্ত্ৰী হোৱাৰ লক্ষ্য নহয়। এতিয়া প্ৰশ্ন হৈছে, কাক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে তেওঁ? চৰ্চাত আছে ৰাজ ঠাকৰেৰ নাম। ৰাজ ঠাকৰে হৈছে বাল ঠাকৰেৰ ভতিজাক। ৰাজনৈতিক বৈৰীতাৰ বাবেই ৰাজ ঠাকৰেই ২০০৬ চনত শিৱসেনা এৰি যায়। গঠন কৰে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা।

ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে, আদৰ্শ আৰু ব্যক্তিত্বৰ ক্ষেত্ৰত উদ্ধৱতকৈ ৰাজ ঠাকৰে অধিক পৰিমাণে বাল ঠাকৰেৰ ওচৰ চপা। সেইবাবেই তেওঁক বাল ঠাকৰেৰ উত্তৰাধিকাৰি হিচাপে বহুতে ক’ব বিচাৰে। ২০১৯ চনত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ৰাজ ঠাকৰেই প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত আছিল। তেওঁৰ দলে ১০১খন আসনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও মাত্ৰ এখনতহে সফলতা লাভ কৰে।

এতিয়া প্ৰশ্ন উঠিছে যে বিজেপি আৰু শিৱসেনাৰ বিসম্বাদী বিধায়কসকলে ৰাজ ঠাকৰেক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে নেকি? শেহতীয়া খবৰ অনুসৰি, ৰাজ ঠাকৰে বৰ্তমান শাৰীৰিকভাৱে অসুস্থ অৱস্থাত আছে। দুই-তিনিমাহৰ পাছতহে তেওঁক সুস্থ ৰূপত দেখা পোৱা যাব।

আনহাতে, যদি ইমানখিনিৰ পাছতো উদ্ধৱ ঠাকৰেৰ নেতৃত্বত মহা আঘাদী চৰকাৰ যদি অক্ষুণ্ণ থাকে, তেন্তে বিসম্বাদী বিধায়কসকলৰ কি হ’ব? বিজেপিলৈ যাব নেকি? বিজেপিয়ে কিয় মহাৰাষ্ট্ৰত নিজৰ প্ৰভাৱ অক্ষুণ্ণ থকাটো বিচাৰিছে। ইয়াৰ কাৰণ হৈছে মহাৰাষ্ট্ৰ দেশৰ ভিতৰতে আটাইকৈ চহকী ৰাজ্য।  মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই হৈছে দেশৰ মুখ্য বাণিজ্যিক চহৰ। বলিউড, ক্ৰিকেটকে ধৰি দেশৰ মুখ্য উদ্যোগসমূহো এই চহৰতে অৱস্থিত। এইসমূহ কাৰণতে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে সমগ্ৰ দেশজুৰি প্ৰভাৱ বিস্তাৰ কৰি আহিছে।

সেইবাবেই এনে এখন ৰাজ্যৰ শাসনৰ চাবি কাঠি নিজৰ হাতত ৰাখিবলৈ বিজেপিয়ে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখি আহিছে। যিকোনো পৰিস্থিতিতে কিদৰে উদ্ধৱ ঠাকৰেক আঁতৰাব পাৰি, তাৰ পৰিকল্পনাত ব্যস্ত আছে অমিত শ্বাহ-নৰেন্দ্ৰ মোদী। এনেসমূহ কাৰণতে সমগ্ৰ ঘটনাৱলী আকৰ্ষণীয় হৈ পৰিছে। লক্ষ্যণীয় হ’ব যে বিজেপিৰ এই কূটিল ৰাজনীতিৰ সমুখত কিদৰে বৰ্তি থাকে মহাৰাষ্ট্ৰৰ চৰকাৰ!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd