দেশত কোভিডৰ সংক্ৰমণে কালান্তক ৰূপ ধাৰণ কৰিছে।
অসমতো কোভিডত আক্ৰান্ত আৰু মৃত্যু ঘটা লোকৰ সংখ্যা দৈনিক বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।
এনে সময়তে শিক্ষাৰ্থীৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি নজৰ ৰাখি চিবিএছইয়ে ৪ মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয়।
এনে সময়তে কোভিডে সংহাৰ আৰম্ভ কৰা অসমতো আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক প্ৰথম তথা চূড়ান্ত বৰ্ছৰ পৰীক্ষা বাতিল অথবা স্থগিত ৰখা হ’ব নেকি তাকে লৈ অভিভাৱক তথা পৰীক্ষাৰ্থীসকলৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
এতিয়ালৈকে অসম চৰকাৰৰ তৰফৰ পৰা পৰীক্ষা বাতিল বা স্থগিত ৰখাৰ প্ৰসংগত কোনো মন্তব্য কৰা হোৱা নাই যদিও সদৌ অসম ছাত্ৰ সন্থাই আজি বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই পৰীক্ষা বাতিল বা স্থগিত ৰখাৰ প্ৰসংগত মন্তব্য কৰি কয় যে এই সমগ্ৰ বিষয়টোৱেই যিহেতু অতি স্পৰ্শকাতৰ বিষয় সেয়ে চৰকাৰে ভাবি চিন্তি চাইহে সিদ্ধান্ত গ্ৰহণ কৰা উচিৎ হ’ব।
কোনো কাৰণতে যাতে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে এটা মূল্যৱান শৈক্ষিক বৰ্ষ হেৰুৱাবলগীয়া নহয় তাৰ প্ৰতি চৰকাৰ সচেষ্ট হ’ব লাগিব বুলিও ভট্টাচাৰ্যই মন্তব্য কৰে।
তেওঁ কয় যে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষ,চৰকাৰ আৰু অভিভাৱকসকলে আলোচনা কৰি এটা বাস্তৱসন্মত সিদ্ধান্ত ল’ব লাগিব।
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই লগতে এইবুলিও স্পষ্ট কৰি দিয়ে যে ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহিব নালাগিব আৰু এটা মূল্যৱান শৈক্ষিক বৰ্ষও তেওঁলোকে হেৰুৱাব নালাগিব।
সেয়ে চৰকাৰে সমগ্ৰ বিষয়টো সতৰ্কতাৰে পৰ্যবেক্ষণ কৰি পদক্ষেপ গ্ৰহণ কৰা উচিৎ বুলি তেওঁ মন্তব্য কৰে।