• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিবছৰ অতিক্ৰম! কি ৰাজনৈতিক পাকচক্ৰত অনুষ্ঠিত নহ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন?

বিজেপিয়ে বিচাৰে পৌৰ নিগমৰ নিৰ্বাচন; কিন্তু ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নিবিচাৰে নেকি সোণোৱাল নেতৃত্বাধীন চৰকাৰে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 29, 2021 9:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাৰ হ’ল তিনিবছৰ ৭ মাহ তথাপিও অনুষ্ঠিত নহ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন।

কিয় পৌৰ নিগমৰ নিৰ্বাচনলৈ আওকান দিচপুৰৰ? ৰাজনীতিৰ বিকেন্দ্ৰীকৰণ হোৱাটো নিবিচাৰে নেকি সোণোৱাল চৰকাৰে? নিৰ্বাচনী প্ৰণালী হেৰুৱাই পেলাব খোজে নেকি বিজেপি চৰকাৰে? সংসদীয় ৰাজনীতিত বিশ্বাসী নহয় নেকি বিজেপি চৰকাৰ? ইয়াক লৈ বৰ্তমান সময়ত স্বাভাৱিকতে এনেবোৰ প্ৰশ্নৰে সূচনা হয়।

Apply Now

তিনিবছৰ ৭ মাহ ধৰি কেৱল আমোলা- বিষয়াই চলাইছে গুৱাহাটী পৌৰ নিগম।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই কয় ‘আচলতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ’ব লাগে। সেই কথা চিন্তা কৰিয়েই পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে পঞ্চায়ত, নিকায়, নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰিছিল কংগ্ৰেছ চৰকাৰে। কিন্তু দুৰ্ভাগ্যজনক কথা অসমৰ প্ৰাণকেন্দ্ৰস্বৰূপ গুৱাহাটীতে বিজেপি চৰকাৰে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰা নাই। ইয়াৰ প্ৰকৃত কাৰণ বা ৰহস্য কি?’

‘এইটোৱে প্ৰমাণ কৰে যে বিজেপি চৰকাৰে ৰাইজৰ হাতত ক্ষমতা দিব নোখোজে। ৰাইজৰ হাতত ক্ষমতা দিলে তেওঁলোকৰ অসুবিধা হ’ব।‘ শৰ্মাই এইদৰে কয়।

আনহাতে, এই সন্দৰ্ভত মত পোষণ কৰি হীতেন দত্ত নামৰ মহানগৰিক এজনে কয় ‘পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত নকৰাটোৱে এইটোৱেই সূচাইছে যে যিখিনি সংসদীয় প্ৰণালী আছিল সেইখিনি হেৰাই গ’ল। সংসদীয় গণতন্ত্ৰক এই চৰকাৰখনে কুঠাৰঘাত কৰিছে। মহাত্মা গান্ধীক হত্যা কৰা নাথুৰামৰ ভক্ত বিজেপি চৰকাৰে কেনেকৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ প্ৰসংগ উত্থাপন কৰিব?’

ইপিনে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ন-কংগ্ৰেছী নেত্ৰী মীৰা বৰঠাকুৰ।

মীৰাৰ আশা ‘আদালতে এইক্ষেত্ৰত দিব নিৰপেক্ষ ৰায়দান বা সঠিক সিদ্ধান্ত ল’ব।‘

অতদিনে মেয়ৰ, কাউন্সিলাৰ অবিহনে গুৱাহাটী পৌৰ নিগম চলি থাকিবলগীয়া হোৱাত এতিয়া চৰম অসুবিধাৰ সন্মুখীন হৈছে মহানগৰবাসী। প্ৰায় ২ মাহৰ পাছত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।

এনে সময়তো গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাত ক্ষোভ মহানগৰবাসীৰ। বিজেপি চৰকাৰক ব্যৰ্থ আখ্যা মহানাগৰিক প্ৰশান্ত বৰ্মণৰ।

তেওঁৰ মতে ‘বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত পৌৰ নিগমৰ মেয়ৰ-কাউন্সিলাৰ অবিহনে এতিয়া কাণ্ডাৰীহীন নাওঁত পৰিণত হৈছে পৌৰ নিগম তথা মহানগৰবাসী।

ইপিনে, বৰ্তমানলৈকে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত নকৰাত এক অসৎ উদ্দেশ্য তথা ৰাজনৈতিক অংক থকাৰ সন্দেহ জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যৰ।

আনহাতে, এই সন্দৰ্ভত মন্ত্ৰী আমোলা -বিষয়াক সুধিবলৈ সাংবাদিকক অনুৰোধ জনায় বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে। অৱশ্যে গোস্বামীৰো স্পষ্ট মত ‘বিজেপিয়ে বিচাৰে পৌৰ নিগমৰ নিৰ্বাচন।

প্ৰশ্ন হয় ‘কিয় বাৰে বাৰে GMC নিৰ্বাচন অনুষ্ঠিত কৰাত পিছ হুঁহুকিছে সোণোৱাল চৰকাৰ?

নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পুঁজিৰ অভাৱ নেকি বিজেপি চৰকাৰৰ? নে গুৱাহাটীবাসীৰ ৰোষত পৰাৰ ভয়তে এতিয়ালৈকে অনুষ্ঠিত নহ’ল পৌৰ নিগমৰ নিৰ্বাচন?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd