NORTHEAST NOW (Assamese)

দেশৰ নতুন মুখ্য ন্যায়াধীশে কেতিয়া ল’ব সংবিধানৰ শপত? কোনটো দিন কৰা হ’ল ধাৰ্য!

October 25, 2024 7:00 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: October 24, 2024 9:48 pm

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই। ন্যায়াধীশজনে ১১ নৱেম্বৰত শপত গ্ৰহণ কৰিব।

নিয়ম অনুসৰি অৱসৰৰ পূৰ্বে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কেন্দ্রীয় চৰকাৰৰ ওচৰত তেওঁৰ উত্তৰাধিকাৰীজনৰ নাম পৰামৰ্শ দিছিল।

সেই পৰামৰ্শৰ পাছতে বৃহস্পতিবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সঞ্জীৱ খান্নাক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিৰ্বাচিত কৰে।

এক্স হেণ্ডেলত এই কথা ঘোষণা কৰিলে আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে।

Related News