NORTHEAST NOW (Assamese)

তিনিটা পদক্ষেপৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা WHOৰ অধ্যক্ষ টেড্ৰ’ছৰ

April 2, 2020 2:35 pm · এন ই নাও নিউজ

বিশ্ব স্থাস্থ্য সংস্থা( WHO)ৰ অধ্যক্ষ টেড্ৰ’ছ এধান’ম ঘেব্ৰেয়াচুছে প্ৰশংসা কৰিছে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক।

সমগ্ৰ বিশ্বত নৰ সংহাৰ চলোৱা ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা তিনিটা পদক্ষেপৰ বাবে প্ৰশংসা কৰিছে টেড্ৰ’ছে।

নিজৰ টুইটাৰ একাউন্টত টুইট কৰি টেড্ৰ’ছে ল’কডাউনৰ সময়ছোৱাত দৰিদ্ৰ আৰু অসুৰক্ষিত শ্ৰেণীৰ লোকৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰাৰ পদক্ষেপক প্ৰশংসা কৰিছে টেড্ৰ’ছে।

বিশেষকৈ দৰিদ্ৰ লোকৰ ৰেচনৰ বাবে ৮০০ মিলিয়ন, দৰিদ্ৰ মহিলাক কেচ ট্ৰেন্সফাৰৰ বাবে ২০৪ মিলিয়ন আৰু দুখীয়া গৃহিনীসকললৈ গেছ যোগানৰ ৮০ মিলিয়নকৈ ধন প্ৰদানৰ ঘোষণা কৰা বাবে টেড্ৰ’ছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে।

যোৱা বৃহস্পতিবাৰে ২১ দিনীয়া ল’কডাউনৰ কালছোৱাত দৰিদ্ৰ আৰু প্ৰব্ৰজিত শ্ৰমিকসকলৰ আৰ্থিক সকাহৰ বাবে চৰকাৰে ১.৭ লাখ কোটি টকাৰ এটা পেকেজ ঘোষণা কৰিছিল।

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ অধীনত এই পেকেজৰ জৰিয়তে নগৰ আৰু গ্ৰামাঞ্চালৰ দৰিদ্ৰসকলক ‘ভোকাতুৰ শূণ্য’ কৰাত তাৎক্ষণিক গুৰুত্ব প্ৰদান কৰা হ’ব।

Related News