NORTHEAST NOW (Assamese)

প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল! ৬০ বছৰ বয়সত পুনৰ প্ৰেমত পৰিল আমিৰ খান…কোন এই মোহময়ী?

March 14, 2025 1:17 pm · এন ই নাও নিউজ, গুৱাহাটী

আমিৰ খানে তেওঁৰ ৬০ সংখ্যক জন্মদিন উদযাপনৰ প্ৰাকক্ষণত সংবাদ মাধ্যমৰ সৈতে তেওঁৰ প্ৰেমিকা তথা সংগী গৌৰী স্প্ৰাটক চিনাকি কৰাই দিয়ে। তেওঁৰ গোপনীয়তাক সন্মান জনাই পাপাৰাজীক তেওঁৰ ফটো নলবলৈ অনুৰোধ জনায়। অভিনেতাগৰাকীয়ে কয় যে তেওঁলোকে ইজনে সিজনক ২৫ বছৰ ধৰি চিনি পাই আহিছে যদিও এবছৰতকৈও অধিক পূৰ্বে ডেটিং আৰম্ভ কৰিছিল। বৰ্তমান আমিৰ খানৰ সৈতে কাম কৰি আছে গৌৰী স্প্ৰাট-এ।

কোন গৌৰী?

বেংগালুৰুৰ গৌৰী স্প্ৰাট ছয় বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ।

লিংকডইন প্ৰফাইলৰ মতে, লণ্ডনৰ কলা বিশ্ববিদ্যালয়ৰ পৰা ফেশ্বন, ষ্টাইলিং আৰু ফটোগ্ৰাফীত এফ ডি এ লাভ কৰিছে।

বৰ্তমান তেওঁ খানৰ সৈতে প্ৰডাকচনত কাম কৰে।

১৩ মাৰ্চত সংবাদ মাধ্যমৰ সৈতে মুম্বাইত অনুষ্ঠিত হোৱা অনানুষ্ঠানিক বৈঠকত আমিৰ খানে কয় যে তেওঁ আৰু স্প্ৰাট ইজনে সিজনৰ প্ৰতি দায়বদ্ধ আৰু এতিয়া একেলগে থকাৰ এবছৰৰো অধিক হল।

তেওঁ আৰু প্ৰকাশ কৰে যে তেওঁ বৰ্তমান স্প্ৰাট আৰু তেওঁৰ ছয় বছৰীয়া পুত্ৰৰ সৈতে থাকে। খানে স্বীকাৰ কৰে যে তেওঁৰ পৰিয়ালৰ সদস্যসকলে স্প্ৰাটক লগ পাইছিল আৰু তেওঁলোকৰ সম্পৰ্কক লৈ তেওঁলোক সুখী আছিল।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আমিৰ খান দুটাকৈ বিবাহ বিচ্ছেদ ঘটিছে।

Related News