• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিবহন মন্ত্ৰী কোন? কিয় মুখ্যমন্ত্ৰীৰ চকুত এলাগী চন্দ্রমোহন পাটোৱাৰী?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
January 1, 2022 8:42 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰিবহণ মন্ত্ৰী কোন? চন্দ্ৰমোহন পাটোৱাৰী  নে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা?

যদি অসমৰ পৰিবহন দপ্তৰৰ মন্ত্ৰী হিচাপে চন্দ্ৰমোহন পাটোৱাৰীৰ নাম মনলৈ আহিছে তেন্তে কেইটামান বিজ্ঞাপন দেখিলে সেই ধাৰণা আপোনাৰ সলনি হ’ব।

Apply Now

কিয়না নিয়মমাফিক হিচাপেহে যেন ৰাজ্যৰ পৰিবহন বিভাগৰ দায়িত্ব লৈ আছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

বিজ্ঞাপনত কিয় এলাগী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী?

এখন ৰাজ্য কেতিয়াও এজন মুখ্যমন্ত্ৰীয়ে চলাব নোৱাৰে। তেওঁৰ সমান্তৰালকৈ বিভিন্ন দপ্তৰ চম্ভালিবলৈ বিভিন্নজনক মন্ত্ৰীৰ দায়িত্ব দিয়া হয়।

কিন্তু ৰাজ্যৰ পৰিবহন বিভাগৰ বিজ্ঞাপনতে নাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নাম তথা ফটো।

ৰাজ্যৰ আগশাৰীৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা সম্পূৰ্ণকৈ জোৰা এটা বিজ্ঞাপন। য’ত পথ সুৰক্ষাৰ বাবে পঞ্চসুত্ৰ পালন কৰিবলৈ পথচাৰী বা চালকসকলক আহ্বান জনোৱা হৈছে।

বিজ্ঞাপনটোত স্পষ্টকৈ উল্লেখ আছে অসম চৰকাৰ পৰিবহন বিভাগ। কিন্তু সেই বিজ্ঞাপনটোত ভালদৰে চকু ফুৰালে আপুনি দেখা নাপাব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নাম। বৰঞ্চ ডাঙৰকৈ জিলিকি থাকিল মুখ্যমন্ত্ৰীৰ ফটো।

তদুপৰি মহানগৰীৰ জি. এছ ৰোডৰ পথৰ দাঁতিত লগোৱা এইসমূহ বেনাৰ পোষ্টাৰতো সকলোতে কেৱল মুখ্যমন্ত্ৰীৰ ফটোৱেই দেখিবলৈ পোৱা যাব। এই বেনাৰ পোষ্টাৰতো এলাগী হ’ল পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

ঠিক সেইদৰে মাজ নিশালৈকে কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৃথকে পৃথকে জিলা পৰিবহন বিষয়া আৰু আৰক্ষীৰ সৈতে অভিযানত নমা পৰিলক্ষিত হ’ল। যিটো দায়িত্ব পৰিবহন মন্ত্ৰী হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে অকলেই সম্পাদন কৰিব পাৰিলেহেঁতেন তেনেক্ষেত্ৰত হাইলাইটত আহিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম।

মহানগৰীৰ চাৰিটাকৈ স্থান ক্ৰমে গণেশগুৰি, চান্দমাৰী, উলুবাৰী আৰু গুৱাহাটী ক্লাৱত ওৰে নিশাটো আৰক্ষীৰ সৈতে অভিযানত নামি পৰিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

প্ৰশ্ন হৈছে; পৰিবহন মন্ত্ৰীৰ কাম-কাজত সন্তুষ্ট নহয় নেকি মুখ্যমন্ত্ৰী?
ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নিবিচাৰে নেকি মুখ্যমন্ত্ৰী ড০ শৰ্মাই?
মুখ্যমন্ত্ৰীতে ক্ষমতা কেন্দ্ৰীভূত হৈছে নেকি অসমত?

নে অখিল গগৈৰ ভাষাৰে মুখ্যমন্ত্ৰীয়ে ৰজা, তেওঁৱেই মন্ত্ৰী বা তেওঁৱেই বিধায়ক বা তেওঁৱেই সৰ্বে-সৰ্বা?

অন্য এক প্ৰসংগও উত্থাপন নোহোৱা নহয়। আভ্যন্তৰীণ সংঘাত হৈছে নেকি বিজেপি চৰকাৰৰ ভিতৰচ’ৰাত? কিয় নিজৰ হাতত গৃহ, লোক নিৰ্মাণ বিভাগকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ দপ্তৰ থকাৰ পাছতো বেলেগৰ দপ্তৰত হস্তক্ষেপ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই? তেওঁৰ লবীৰ বাহিৰৰ মন্ত্ৰীসকলক নিষ্কৰ্মা সজাই একনায়কত্ববাদ প্ৰতিষ্ঠাৰ সূচনা কৰিছে নেকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd