NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছৰ উৎপত্তিৰ উৎসৰ সন্ধানত চীনলৈ যাব WHOৰ এটা অনুসন্ধানকাৰী দল!

May 7, 2020 10:51 am · এন ই নাও নিউজ

বিশ্ব স্থাস্থ্য সংস্থা( WHO)এ ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীনৰ য়ুদান প্ৰদেশলৈ এটা দল প্ৰেৰণ কৰিব।

বুধবাৰে এই সম্পৰ্কত WHOৰ জেনেভাস্থিত কাৰ্যালয়ে এই কথা প্ৰকাশ কৰিছে।

এই সম্পৰ্কত চীন চৰকাৰৰ লগত আলোচনা কৰি থকা বুলি জানিবলৈ দিছে WHOএ।

য়ুহানৰ যিখন বজাৰত ক’ৰ’না উৎপত্তি হোৱা বুলি চীনে দাবী কৰিছে সেই বজাৰখনত WHOৰ অনুসন্ধানকাৰী দলটোৱে ক’ৰ’নাত উৎপত্তিৰ অনুসন্ধাৰ কৰিব।

WHOৰ টেকনিকেল প্ৰধান ডাঃ খাৰ্খভে কয় যে আন্তুক অভিযানৰ বাবে চীনৰ লগত আলোচনা চলাই থকা হৈছে।

উল্লেখ্য য়ুহানৰ এখন মাংসৰ বজাৰ পৰা এই মাৰাত্মক ভাইৰাছবিধ উৎপত্তি হোৱা বুলি কোৱা হৈছিল।

এই সন্দৰ্ভত বিজ্ঞানীসকলে বিভিন্ন জন্তুৰ শৰীৰত পৰীক্ষা কৰি আছে যদিও এতিয়াও ইয়াৰ উৎসৰ সন্ধান পোৱা নাই।

যোৱা ফেব্ৰুৱাৰি মাহত WHOএ ডাঃ খাৰ্খভেৰ নেতৃত্বত এটা আন্তৰ্জাতিক বিশেষজ্ঞ দলে চীনলৈ এই সম্পৰ্কত এটা দল প্ৰেৰণ কৰিছিল।

তেতিয়াই দলটোৱে বিভিন্ন জন্তুৰ শৰীৰত ভাইৰাছবিধ সন্ধানৰ বাবে চীনক পৰীক্ষা কৰিবলৈ অনুমোদন দিছিল।

বুধবাৰে WHOএ কয় যে মানৱ সমাজলৈ সংকট অনা অজ্ঞাত জন্তুৰ পৰা উদ্বুদ্ধ এই ভাৰইৰাছক প্ৰতিৰোধ কৰাতো কঠিন হৈ পৰিছে।

Related News