• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিছপুৰ সমষ্টিক লৈ নিমিলা অংক বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছ মহাজোঁটৰ; কোনে বিচাৰিলে কোনে পাব?

ৰাইজৰ দল-অজাপৰ কোনেও বিচৰা নাই টিকট; আঞ্চলিক গণ মৰ্চাই কংগ্ৰেছৰ পৰা বিচাৰিছে দিছপুৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 23, 2021 8:42 pm
Hello Dispur
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজধানী হিচাপে দিছপুৰ সমষ্টিটোৰ গুৰুত্ব সৰ্বাধিক। দিছপুৰত থাকিয়েই কোনে দখল কৰিব দিছপুৰ সমষ্টি? এই প্ৰশ্নই বিশেষ চৰ্চা লাভ কৰে নিৰ্বাচনৰ পূৰ্বে।

দিছপুৰ সমষ্টিটো বৰ্তমান শাসনাধিষ্ঠ বিজেপিৰ বিধায়ক অতুল বৰাৰ হাতত আছে। সমষ্টিটোত যোৱাবাৰ নিৰ্বাচনত ২,৭৮,৮৬৯ গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। তাৰে বিধায়ক অতুল বৰাই লাভ কৰিছিল ১,৯৮,৩৭৮ টা ভোট। তাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অকণ বৰাই লাভ কৰিছিল ৬৮,১৮১ টা ভোট।

Apply Now

বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী অকণ বৰাক ১,৩০,১৯৭ টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল।

খোৱা পানীৰ সমস্যা, মাটিৰ পট্টাৰ সমস্যা, ৰাস্তা-ঘাটৰ নিৰ্মাণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে ২১ হাজাৰ কিল’মিটাৰ পথ পকীকৰণ কৰা বুলি দাবী কৰিলেও একমাত্ৰ বিধায়কৰ হেমাহিৰ বাবেই ৰাস্তা-ঘাট পকী হোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল বুলি সমষ্টিবাসীয়ে অভিযোগ কৰিছে।

সেয়েহে এইবাৰ অতুল বৰাই সমষ্টিটোত প্ৰাৰ্থী হিচাপে বিজেপিয়ে তেওঁকেই থিয় কৰাব বুলি দাবী কৰিলেও বিজেপিৰ শীৰ্ষ নেতৃত্বই সভাপতি ৰঞ্জিত দাসে দিয়া ৰিপৰ্ট কাৰ্ডৰ ভিত্তিত বিধায়কগৰাকীক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰাৰ সম্ভাৱনা প্ৰকট।

এনে সময়তে বিজেপিৰে আন দুগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ নাম চৰ্চালৈ আহিছে। তেওঁলোক দুগৰাকী ক্ৰমে বিজেপিৰ উপ সভাপতি জয়ন্ত দাস আৰু বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক তথা যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি মৃগাংক বৰ্মণৰ নাম।

ইতিমধ্যে, বহু সময়ত জয়ন্ত দাসক বৰ্তমানৰ বিধায়কগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখিবলৈ পোৱা গৈছে। তেওঁ সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে অন্য সমষ্টিৰ তুলনাত বিজেপি শাসিত দিছপুৰ সমষ্টিত উন্নয়ন বহু কম পৰিমাণে হৈছে।

ইপিনে, অসম গণ পৰিষদেও বিজেপিৰ পৰা বিচাৰিছে দিছপুৰ সমষ্টি। অসম গণ পৰিষদে দিছপুৰ সমষ্টিৰ পৰা অগপৰ যুৱ নেতা ড০ তপন দাসক থিয় কৰোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে, তপন দাসে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত গৈ প্ৰচাৰ চলোৱা লগতে নিজৰ পোষ্টাৰ-হৰ্ডিং লগোৱা আৰম্ভ কৰিছে।

কিন্তু বিজেপিয়ে নিজৰ দখলত থকা সমষ্টিটো অসম গণ পৰিষদৰ এখন নতুন মুখত এৰি নিদিয়াটো একপ্ৰকাৰ নিশ্চিত বুলিয়েই উল্লেখ কৰিব পাৰি। যাৰ বাবে এক বিসম্বাদ বা চিপৰাং ৰাজনীতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট।

আনহাতে, কংগ্ৰেছৰ পৰাও সমষ্টিটোত প্ৰাক্তন মন্ত্ৰী অকন বৰা, বলীন বৰদলৈ আৰু বন্তি হাজৰিকা প্ৰাৰ্থীত্ব প্ৰত্যাশী। তেওঁলোক তিনিওগৰাকীয়ে ইতিমধ্যে প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰা বুলি জানিব পৰা গৈছে।

তাৰ বিপৰীতে আঞ্চলিক গণ মৰ্চাই দিছপুৰ সমষ্টিটোত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছে। আঞ্চলিক গণ মৰ্চাই মনজিৎ মহন্তক সমষ্টিটোত মহাজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈ ইচ্ছুক বুলি স্পষ্ট কৰি দিছে।

সমষ্টিটোৰ বিভিন্ন প্ৰান্তত মনজিৎ মহন্তৰ বেনাৰ পোষ্টাৰ লগোৱা দেখিবলৈ পোৱা গৈছে।

কিন্তু মনজিৎ মহন্তক কংগ্ৰেছে এৰি দিব নে এনে এটা গুৰুত্বপূৰ্ণ সমষ্টি? এই প্ৰশ্নও বহু চৰ্চিত হৈছে।

মুঠৰ ওপৰত কোনোধৰণৰ অংক নিমিলা হৈছে কংগ্ৰেছৰ মহাজোঁট আৰু বিজেপিৰ মিত্ৰজোঁটৰ মাজত।

দুয়োটা দলৰে শীৰ্ষ নেতৃত্ব এতিয়া চিন্তাত পৰিছে, তেওঁলোকে কাক এৰিব কাক ধৰিব বা কাক টিকট দি সন্তুষ্ট কৰিব? মুঠৰ ওপৰত মিত্ৰজোঁট, মহাজোঁটত এতিয়া মহা আউল লগা পৰিলক্ষিত হৈছে।

তাৰ মাজতে আমাৰ হাতলৈ অহা খবৰ অনুসৰি দিছপুৰ সমষ্টিৰ পৰা বৰ্তমানলৈকে কোনো এগৰাকীয়েও অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰা নাই।

সমষ্টিটোৰ পৰা অসম জাতীয় পৰিষদৰ সঞ্জীৱ বৰাই প্ৰতিদ্বন্দ্বিতা কৰাৰ চৰ্চা চলিছিল যদিও তেওঁক এই সন্দৰ্ভত সোধাত তেওঁ এই কথা নাকচ কৰে।

ৰাইজৰ দলৰ পৰা ৰাজ্যিক কাৰ্য্যনিৰ্বাহক প্ৰদীপ বৰুৱা বৰ্তমানলৈকে একমাত্ৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী বুলি এক সুত্ৰত প্ৰকাশ পাইছে যদিও তেওঁ বৰ্তমানলৈকে টিকট বিচাৰি আবেদন কৰা নাই।

অৱশ্যে, ৰাইজৰ দলৰ হৈ প্ৰদীপ বৰুৱাই সমষ্টিটোত ঘৰে ঘৰে গৈ নিজাববীয়াকৈ প্ৰচাৰ চলাই থকা বুলি জানিব পৰা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

June 18, 2026 3:33 pm
মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

June 18, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd