পৰিয়ালত সাধাৰণতে প্ৰথম সন্তানক লৈ সকলোৰে বহুত আশা থাকে আৰু আটাইতকৈ সৰু সন্তানটোৱে আটাইতকৈ বেছি মৰম আৰু আদৰ পায়। তেনেহ’লে মাজৰ সন্তানটোৰ অৱস্থান ক’ত? মনোবিজ্ঞানে বহুত দিন ধৰি এই প্ৰশ্নৰ উত্তৰ বিচাৰি আছে। সাধাৰণতে ভবা হয় যে পৰিয়ালৰ মাজু সন্তানটোৱে সৰুৰে পৰা এক ধৰণৰ অৱহেলাৰ অনুভৱ লৈ ডাঙৰ হয়। এই অনুভৱটো তেওঁলোকৰ মনত গোটেই জীৱন থাকি যাব পাৰে। পৰিয়ালৰ ডাঙৰ বা সৰু সন্তানৰ সৈতে মাজু সন্তানৰ এক মানসিক দূৰত্বও সৃষ্টি হয়। এই অৱহেলাৰ অনুভৱে তেওঁলোকৰ মনত গোপন নিসংগতাৰ জন্ম দিয়াৰ লগতে এই অৱস্থাৰ সুবিধা লৈ তেওঁলোকক বেছি স্বাধীনচেতা, বিদ্ৰোহী বা জটিল পৰিস্থিতি চম্ভালিব পৰা স্বভাৱৰ কৰি তুলিব পাৰে।
মনোবিজ্ঞানৰ জগতত মিডল চাইল্ড চিনড্ৰম কোনো অচিনাকি বিষয় নহয়। অষ্ট্ৰিয়ান মনোবিজ্ঞানী আলফ্ৰেড এডলাৰে প্ৰথমে পৰিয়ালৰ মাজৰ সন্তানৰ ব্যক্তিত্বৰ বিষয়ে আলোচনা আৰম্ভ কৰিছিল। ১৯২০ৰ দশকত তেওঁ দাবী কৰিছিল যে পৰিয়ালত সন্তানৰ জন্মৰ ক্ৰম তেওঁলোকৰ ব্যক্তিত্ব বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰথম সন্তান সাধাৰণতে দায়িত্বশীল হয় আৰু সৰু সন্তান বেছি মৰমীয়াল হয়। আনহাতে দুয়োটাৰ মাজত নিজৰ স্থান বিচাৰিবলৈ গৈ মাজু সন্তানে বেলেগ ধৰণৰ মানসিক বৈশিষ্ট্য লাভ কৰে। ১৯২৮ চনত এডলাৰে কয় যে একেটা পৰিয়ালত জন্ম গ্ৰহণ কৰিলেও জন্মৰ ক্ৰমে মানসিক বিকাশত প্ৰভাৱ পেলায়। তেওঁৰ মতে ডাঙৰ সন্তানৰ ওপৰত পিতৃ-মাতৃৰ আশা বেছি থাকে বাবে তেওঁলোকে নিজকে বেছি শক্তিশালী বুলি ভাবে।
আনহাতে সৰু সন্তানটোৱে পৰিয়ালত মৰমিয়াল হৈ ডাঙৰ হয়। মাজু সন্তান সাধাৰণতে ভাৰসাম্যপূৰ্ণ স্বভাৱৰ হয়। ডাঙৰ আৰু সৰু ভাই-ভনীৰ মাজত থকাৰ বাবে তেওঁ নিজকে খাপ খুৱাই লোৱাত কিছুমান সমস্যাত ভুগিব পাৰে। আমেৰিকাৰ স্বাস্থ্য বিষয়ক ৱেবছাইট হেলথলাইন ডট কমৰ মতে, মাজু সন্তানৰ ব্যক্তিত্ব সাধাৰণতে আন ভাই-ভনীৰ ছাঁত লুকাই পৰে। কাৰণ ডাঙৰজন দৃঢ়মনা আৰু সৰুজন পৰিয়ালৰ মৰমৰ হয়। ইয়াৰ ফলত মাজু সন্তানৰ ব্যক্তিত্ব তুলনামূলকভাৱে চাপা হৈ পৰে। পিতৃ-মাতৃৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰতো তেওঁলোকে আন ভাই-ভনীৰ দৰে সমান গুৰুত্ব নোপোৱা বুলি অনুভৱ কৰিব পাৰে। ডাঙৰ সন্তানে বেছি দায়িত্ব পায়, সৰুৱে বেছি যত্ন পায় আৰু মাজু সন্তানে কম মনোযোগ লাভ কৰে।
পিতৃ-মাতৃৰ মনোযোগ পাবলৈ মাজু সন্তানে ডাঙৰ আৰু সৰু ভাই-ভনীৰ লগত প্ৰতিযোগিতাত নামিবলগীয়া হোৱা বুলি মানসিক চাপ অনুভৱ কৰিব পাৰে। এনে প্ৰতিযোগিতাৰ ফলত তেওঁলোক বেছি অৱহেলিত হোৱাৰ ভয়ো থাকে। আকৌ পৰিয়ালৰ বিভিন্ন কাজিয়াৰ মাজত থকাৰ বাবে তেওঁলোকক বহুত সময়ত মধ্যস্থতাকাৰীৰ ভূমিকাত দেখা যায়। মাজু সন্তানে সাধাৰণতে নিজকে পিতৃ-মাতৃৰ আটাইতকৈ প্ৰিয় সন্তান বুলি ভাবিব নোৱাৰে। পৰিয়ালত ডাঙৰজনক বিশেষ আৰু সৰুজনক শিশু হিচাপে চোৱা হয়, যাৰ ফলত মাজৰ সন্তানে কাৰো প্ৰিয় হৈ উঠাৰ সুযোগ নাপাবও পাৰে।
বহুতো লোকৰ মতে এই মিডল চাইল্ড চিনড্ৰমৰ প্ৰভাৱ কেৱল শৈশৱতে সীমাবদ্ধ নাথাকে, ইয়াৰ প্ৰভাৱ ডাঙৰ হোৱাৰ পিছতো থাকি যায়। যিসকলে শৈশৱত নিজকে অৱহেলিত বুলি অনুভৱ কৰে, তেওঁলোকে ডাঙৰ হৈ সম্পৰ্কৰ ক্ষেত্ৰত আনৰ ওপৰত অতিৰিক্ত নিৰ্ভৰশীল হোৱাৰ সমস্যাত ভুগিব পাৰে। কিছুমানে আকৌ কৰ্মক্ষেত্ৰ বা পৰিয়ালত মধ্যস্থতাকাৰীৰ ভূমিকা ল’বলৈ পছন্দ কৰে। তেওঁলোকে নিজকে কোনো ঘনিষ্ঠ বন্ধু বা জীৱন সংগীৰ আটাইতকৈ প্ৰিয় মানুহ বুলি ভাবিবলৈও অস্বস্তি বোধ কৰিব পাৰে। পুৰণি কিছুমান গৱেষণাত জন্মৰ ক্ৰমৰ লগত ওসিডি, বিষণ্নতা আদি মানসিক অৱস্থাৰ সম্পৰ্ক বিচাৰি চোৱা হৈছিল, যদিও ফলাফলবোৰত মতভেদ দেখা গৈছে।
জাপানত শেহতীয়াকৈ কৰা এক গৱেষণাত দেখা গৈছে যে কৈশোৰ অৱস্থাত মাজু সন্তান আন ভাই-ভনীতকৈ অলপ কম সুখী হ’ব পাৰে, কিন্তু তেওঁলোকৰ আৱেগিক সমস্যাত ভোগাৰ সম্ভাৱনা কম থাকে। আমেৰিকান চাইক’লজিকেল এছ’চিয়েশ্যনৰ মতে, জন্মৰ ক্ৰমৰ পৰা মানসিক অৱস্থাৰ কোনো নিৰ্দিষ্ট ভৱিষ্যতবাণী কৰিব নোৱাৰি। ২০২৪ চনত সাত লাখতকৈও বেছি মানুহৰ ওপৰত কৰা এক গৱেষণাত দেখা গৈছে যে মাজু সন্তান আন ভাই-ভনীতকৈ বেছি সহায়কাৰী, বুজাবুজি কৰা আৰু সহনশীল হয়। ডাঙৰ আৰু সৰু ভাই-ভনীৰ লগত সম্পৰ্ক ৰাখিবলৈ গৈ তেওঁলোকৰ আলোচনা কৰাৰ দক্ষতা বৃদ্ধি পায়। তেওঁলোক বেছি স্বাধীনচেতা হয় আৰু প্ৰচলিত নিয়মক প্ৰশ্ন কৰাৰ প্ৰৱণতা থাকে।
অৱশ্যে মনোবিজ্ঞানীসকলৰ মতে, মাজু সন্তানৰ এই অৱহেলিত অনুভৱ বাস্তৱিক হ’লেও ইয়াৰ একমাত্ৰ কাৰণ জন্মৰ ক্ৰম নহয়। যদি পৰিয়াল সচেতন হয় আৰু পিতৃ-মাতৃয়ে প্ৰতিটো সন্তানক সমান মনোযোগ দিয়ে, তেন্তে এনে সমস্যা বহুত পৰিমাণে দূৰ কৰিব পৰা যায়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, প্ৰতিটো শিশুৱেই সুকীয়া। তেওঁ প্ৰথম, মাজৰ নে শেষৰ সন্তান, সেইটো পৰিয়ালত গুৰুত্ব পোৱা উচিত নহয়। শৈশৱত বহুতো পাৰিপাৰ্শ্বিক আৰু পাৰিবাৰিক কাৰণত এজন মানুহৰ ব্যক্তিত্ব গঢ় লৈ উঠে। সেয়েহে মাজু সন্তানক বুজাৰ আটাইতকৈ ভাল উপায় হ’ল তেওঁক কেৱল এজন মাজৰ সন্তান হিচাপে বিচাৰ নকৰি এজন সুকীয়া ব্যক্তি হিচাপে মৰম আৰু সন্মান দিয়া।





