• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

পৰিয়ালত কিয় অবহেলিত হয় মাজু সন্তান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2026 7:52 pm
73
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিয়ালত সাধাৰণতে প্ৰথম সন্তানক লৈ সকলোৰে বহুত আশা থাকে আৰু আটাইতকৈ সৰু সন্তানটোৱে আটাইতকৈ বেছি মৰম আৰু আদৰ পায়। তেনেহ’লে মাজৰ সন্তানটোৰ অৱস্থান ক’ত? মনোবিজ্ঞানে বহুত দিন ধৰি এই প্ৰশ্নৰ উত্তৰ বিচাৰি আছে। সাধাৰণতে ভবা হয় যে পৰিয়ালৰ মাজু সন্তানটোৱে সৰুৰে পৰা এক ধৰণৰ অৱহেলাৰ অনুভৱ লৈ ডাঙৰ হয়। এই অনুভৱটো তেওঁলোকৰ মনত গোটেই জীৱন থাকি যাব পাৰে। পৰিয়ালৰ ডাঙৰ বা সৰু সন্তানৰ সৈতে মাজু সন্তানৰ এক মানসিক দূৰত্বও সৃষ্টি হয়। এই অৱহেলাৰ অনুভৱে তেওঁলোকৰ মনত গোপন নিসংগতাৰ জন্ম দিয়াৰ লগতে এই অৱস্থাৰ সুবিধা লৈ তেওঁলোকক বেছি স্বাধীনচেতা, বিদ্ৰোহী বা জটিল পৰিস্থিতি চম্ভালিব পৰা স্বভাৱৰ কৰি তুলিব পাৰে।

মনোবিজ্ঞানৰ জগতত মিডল চাইল্ড চিনড্ৰম কোনো অচিনাকি বিষয় নহয়। অষ্ট্ৰিয়ান মনোবিজ্ঞানী আলফ্ৰেড এডলাৰে প্ৰথমে পৰিয়ালৰ মাজৰ সন্তানৰ ব্যক্তিত্বৰ বিষয়ে আলোচনা আৰম্ভ কৰিছিল। ১৯২০ৰ দশকত তেওঁ দাবী কৰিছিল যে পৰিয়ালত সন্তানৰ জন্মৰ ক্ৰম তেওঁলোকৰ ব্যক্তিত্ব বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰথম সন্তান সাধাৰণতে দায়িত্বশীল হয় আৰু সৰু সন্তান বেছি মৰমীয়াল হয়। আনহাতে দুয়োটাৰ মাজত নিজৰ স্থান বিচাৰিবলৈ গৈ মাজু সন্তানে বেলেগ ধৰণৰ মানসিক বৈশিষ্ট্য লাভ কৰে। ১৯২৮ চনত এডলাৰে কয় যে একেটা পৰিয়ালত জন্ম গ্ৰহণ কৰিলেও জন্মৰ ক্ৰমে মানসিক বিকাশত প্ৰভাৱ পেলায়। তেওঁৰ মতে ডাঙৰ সন্তানৰ ওপৰত পিতৃ-মাতৃৰ আশা বেছি থাকে বাবে তেওঁলোকে নিজকে বেছি শক্তিশালী বুলি ভাবে।

Apply Now

আনহাতে সৰু সন্তানটোৱে পৰিয়ালত মৰমিয়াল হৈ ডাঙৰ হয়। মাজু সন্তান সাধাৰণতে ভাৰসাম্যপূৰ্ণ স্বভাৱৰ হয়। ডাঙৰ আৰু সৰু ভাই-ভনীৰ মাজত থকাৰ বাবে তেওঁ নিজকে খাপ খুৱাই লোৱাত কিছুমান সমস্যাত ভুগিব পাৰে। আমেৰিকাৰ স্বাস্থ্য বিষয়ক ৱেবছাইট হেলথলাইন ডট কমৰ মতে, মাজু সন্তানৰ ব্যক্তিত্ব সাধাৰণতে আন ভাই-ভনীৰ ছাঁত লুকাই পৰে। কাৰণ ডাঙৰজন দৃঢ়মনা আৰু সৰুজন পৰিয়ালৰ মৰমৰ হয়। ইয়াৰ ফলত মাজু সন্তানৰ ব্যক্তিত্ব তুলনামূলকভাৱে চাপা হৈ পৰে। পিতৃ-মাতৃৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰতো তেওঁলোকে আন ভাই-ভনীৰ দৰে সমান গুৰুত্ব নোপোৱা বুলি অনুভৱ কৰিব পাৰে। ডাঙৰ সন্তানে বেছি দায়িত্ব পায়, সৰুৱে বেছি যত্ন পায় আৰু মাজু সন্তানে কম মনোযোগ লাভ কৰে।

পিতৃ-মাতৃৰ মনোযোগ পাবলৈ মাজু সন্তানে ডাঙৰ আৰু সৰু ভাই-ভনীৰ লগত প্ৰতিযোগিতাত নামিবলগীয়া হোৱা বুলি মানসিক চাপ অনুভৱ কৰিব পাৰে। এনে প্ৰতিযোগিতাৰ ফলত তেওঁলোক বেছি অৱহেলিত হোৱাৰ ভয়ো থাকে। আকৌ পৰিয়ালৰ বিভিন্ন কাজিয়াৰ মাজত থকাৰ বাবে তেওঁলোকক বহুত সময়ত মধ্যস্থতাকাৰীৰ ভূমিকাত দেখা যায়। মাজু সন্তানে সাধাৰণতে নিজকে পিতৃ-মাতৃৰ আটাইতকৈ প্ৰিয় সন্তান বুলি ভাবিব নোৱাৰে। পৰিয়ালত ডাঙৰজনক বিশেষ আৰু সৰুজনক শিশু হিচাপে চোৱা হয়, যাৰ ফলত মাজৰ সন্তানে কাৰো প্ৰিয় হৈ উঠাৰ সুযোগ নাপাবও পাৰে।

বহুতো লোকৰ মতে এই মিডল চাইল্ড চিনড্ৰমৰ প্ৰভাৱ কেৱল শৈশৱতে সীমাবদ্ধ নাথাকে, ইয়াৰ প্ৰভাৱ ডাঙৰ হোৱাৰ পিছতো থাকি যায়। যিসকলে শৈশৱত নিজকে অৱহেলিত বুলি অনুভৱ কৰে, তেওঁলোকে ডাঙৰ হৈ সম্পৰ্কৰ ক্ষেত্ৰত আনৰ ওপৰত অতিৰিক্ত নিৰ্ভৰশীল হোৱাৰ সমস্যাত ভুগিব পাৰে। কিছুমানে আকৌ কৰ্মক্ষেত্ৰ বা পৰিয়ালত মধ্যস্থতাকাৰীৰ ভূমিকা ল’বলৈ পছন্দ কৰে। তেওঁলোকে নিজকে কোনো ঘনিষ্ঠ বন্ধু বা জীৱন সংগীৰ আটাইতকৈ প্ৰিয় মানুহ বুলি ভাবিবলৈও অস্বস্তি বোধ কৰিব পাৰে। পুৰণি কিছুমান গৱেষণাত জন্মৰ ক্ৰমৰ লগত ওসিডি, বিষণ্নতা আদি মানসিক অৱস্থাৰ সম্পৰ্ক বিচাৰি চোৱা হৈছিল, যদিও ফলাফলবোৰত মতভেদ দেখা গৈছে।

জাপানত শেহতীয়াকৈ কৰা এক গৱেষণাত দেখা গৈছে যে কৈশোৰ অৱস্থাত মাজু সন্তান আন ভাই-ভনীতকৈ অলপ কম সুখী হ’ব পাৰে, কিন্তু তেওঁলোকৰ আৱেগিক সমস্যাত ভোগাৰ সম্ভাৱনা কম থাকে। আমেৰিকান চাইক’লজিকেল এছ’চিয়েশ্যনৰ মতে, জন্মৰ ক্ৰমৰ পৰা মানসিক অৱস্থাৰ কোনো নিৰ্দিষ্ট ভৱিষ্যতবাণী কৰিব নোৱাৰি। ২০২৪ চনত সাত লাখতকৈও বেছি মানুহৰ ওপৰত কৰা এক গৱেষণাত দেখা গৈছে যে মাজু সন্তান আন ভাই-ভনীতকৈ বেছি সহায়কাৰী, বুজাবুজি কৰা আৰু সহনশীল হয়। ডাঙৰ আৰু সৰু ভাই-ভনীৰ লগত সম্পৰ্ক ৰাখিবলৈ গৈ তেওঁলোকৰ আলোচনা কৰাৰ দক্ষতা বৃদ্ধি পায়। তেওঁলোক বেছি স্বাধীনচেতা হয় আৰু প্ৰচলিত নিয়মক প্ৰশ্ন কৰাৰ প্ৰৱণতা থাকে।

অৱশ্যে মনোবিজ্ঞানীসকলৰ মতে, মাজু সন্তানৰ এই অৱহেলিত অনুভৱ বাস্তৱিক হ’লেও ইয়াৰ একমাত্ৰ কাৰণ জন্মৰ ক্ৰম নহয়। যদি পৰিয়াল সচেতন হয় আৰু পিতৃ-মাতৃয়ে প্ৰতিটো সন্তানক সমান মনোযোগ দিয়ে, তেন্তে এনে সমস্যা বহুত পৰিমাণে দূৰ কৰিব পৰা যায়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, প্ৰতিটো শিশুৱেই সুকীয়া। তেওঁ প্ৰথম, মাজৰ নে শেষৰ সন্তান, সেইটো পৰিয়ালত গুৰুত্ব পোৱা উচিত নহয়। শৈশৱত বহুতো পাৰিপাৰ্শ্বিক আৰু পাৰিবাৰিক কাৰণত এজন মানুহৰ ব্যক্তিত্ব গঢ় লৈ উঠে। সেয়েহে মাজু সন্তানক বুজাৰ আটাইতকৈ ভাল উপায় হ’ল তেওঁক কেৱল এজন মাজৰ সন্তান হিচাপে বিচাৰ নকৰি এজন সুকীয়া ব্যক্তি হিচাপে মৰম আৰু সন্মান দিয়া।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd