• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৱাকফ বিধেয়কক লৈ বিৰোধী ঐক্যৰ মাজতো ৰাহুল গান্ধী কিয় ‘মৌন’? দলৰ ভিতৰতো উত্থাপিত প্ৰশ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2025 10:12 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৱাকফ বিৰোধী বিধেয়কখনৰ বিৰোধিতা কৰিছে বিৰোধী শিবিৰে, সকলোৱে সামূহিকভাৱে কেন্দ্ৰক আক্ৰমণ কৰিছে। প্ৰায় ১২ ঘণ্টা ধৰি চলি থকা বিতৰ্কত বিৰোধী শিবিৰে প্ৰস্তাৱিত ৱাকফ বিধেয়কখনক সাম্প্ৰদায়িক আৰু অসাংবিধানিক বুলি প্ৰমাণ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল। যদিও অৱশেষত সংখ্যাগৰিষ্ঠতাৰ বাবে মোদে চৰকাৰে বিধেয়কখন গৃহীত কৰিবলৈ সক্ষম হ’ল, তথাপিও বিধেয়কখনক লৈ সংসদৰ নিম্ন সদনত যি দীঘলীয়া বিতৰ্ক চলিল সেয়া সঁচা অৰ্থত ঐতিহাসিক। কিন্তু এই বিতৰ্কৰ সময়ত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে নিজেই আচৰিত ধৰণে নিমাত হৈ থাকিল। তেওঁ সংসদলৈ আহি বহিল, কিন্তু ৱাকফ বিষয়ৰ আলোচনাত অংশ লোৱা নাছিল।

কংগ্ৰেছৰ সূত্ৰৰ মতে, ৱাকফ বিষয়ত সংসদত দলটোক প্ৰতিনিধিত্ব কৰাৰ দায়িত্ব লোকসভাৰ উপ-নেতা গৌৰৱ গগৈক দিয়া হ’ব বুলি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছিল। কংগ্ৰেছৰ সূত্ৰই দাবী কৰিছে যে কংগ্ৰেছে গৌৰৱক অসম নিৰ্বাচনৰ মুখামুখি কৰিব বিচাৰিছে। সেয়ে জাতীয় ৰাজনীতিত তেওঁৰ গুৰুত্ব বৃদ্ধিৰ বাবে ৱাকফৰ দৰে গুৰুত্বপূৰ্ণ বিধেয়ক সন্দৰ্ভত আলোচনাত তেওঁক দলৰ নেতৃত্ব দিয়া হৈছে। তাৎপৰ্যপূৰ্ণভাৱে ৱাকফ আলোচনাৰ সময়ত সংসদত উপস্থিত আছিল ৰাহুল গান্ধী। তেওঁ একাধিক দলৰ সাংসদৰ ভাষণ শুনিছে যদিও নিজেও ভাষণ দিয়া নাই। তাৎপৰ্যপূৰ্ণভাৱে গান্ধী পৰিয়ালৰ আন এগৰাকী সদস্য প্ৰিয়ংকা গান্ধীকো সংসদত দেখা নগ’ল।

Apply Now

যদিও সমালোচকসকলে অন্য কথা কয়। অৱগত মহলৰ এটা অংশই কয় যে ৱাকফ বিষয়ত ৰাহুলৰ মৌনতা তাৎপৰ্যপূৰ্ণ আৰু পৰিকল্পিত। ৰাহুল লোকসভাত বিৰোধী দলপতি হোৱাৰ পিছৰে পৰা কংগ্ৰেছে কৈ আহিছে যে এইবাৰ সংসদত তেওঁ বিজেপিক এক ইঞ্চিও মাটি দিব নিবিচাৰে। সেইবাবেই তেওঁ সাংবিধানিক স্থিতি গ্ৰহণ কৰিছিল। কিন্তু যেতিয়া গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই ৱাকফ বিষয়ত চৰকাৰৰ নেতৃত্ব দিছিল তেতিয়া ৰাহুলে কিয় মৌন হৈ আছিল? ইয়াৰ আঁৰত আছে নেকি মৃদু হিন্দুত্ববাদী এজেণ্ডা? গান্ধী পৰিয়ালৰ লোকে ইচ্ছাকৃতভাৱে ৱাকফ বিতৰ্ক এৰাই চলিছিল নেকি?

উল্লেখ্য যে অহা কেইবছৰমানৰ ভিতৰত বিহাৰ, বংগ, তামিলনাডু, অসম, গুজৰাটৰ দৰে ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই নিৰ্বাচনত কংগ্ৰেছক মুছলমান ভোটৰ প্ৰয়োজন। একেদৰে হিন্দু ভোটৰো প্ৰয়োজন। হয়তো সেইবাবেই গান্ধী পৰিয়ালৰ সদস্যসকলে ৱাকফ বিলৰ প্ৰত্যক্ষ বিৰোধিতা কৰি নিজকে মুছলমান সমৰ্থক বুলি উদঙাই দিব নিবিচাৰে। পুনৰ কংগ্ৰেছে দল হিচাপে এই বিধেয়কখনৰ বিৰোধিতা কৰি মুছলমানসকলক ইয়াৰ কাষত থিয় দিবলৈ বাৰ্তা প্ৰেৰণ কৰে। অৱশ্যে কিমান দিনলৈ চলিব এই নীতি? তাক লৈ সন্দেহৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd