ক’ভিড ভেকচিনৰ মূল্যসমূহক লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে যে চৰকাৰে যদি দেশক কৰোণামুক্ত কৰাৰ সংকল্প লৈছে, তেনেহ’লে ভেকচিনৰ মূল্য ৰাজ্য আৰু কেন্দ্ৰৰ বাবে বেলেগ বেলেগকৈ ধাৰ্য কৰা হৈছে?
কেৱল সেয়াই নহয়, কৰোণা সংক্ৰান্ত কোনো তথ্য যাতে গোপন কৰা নহয়, সেয়াও নিশ্চিত কৰিব লাগিব আদালতত।
বিচাৰপতি ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এক ডিভিজন বেঞ্চৰ তৰফৰ পৰা এনেদৰে কেন্দ্ৰীয় চৰকাৰক তিৰষ্কাৰ কৰা হয়।
উচ্চতম ন্যায়ালয়ে কয় যে ভেকচিনৰ মূল্যৰ পৰা কিনাৰ প্ৰক্ৰিয়ালৈকে বৈষম্য দেখা গৈছে।
উল্লেখযোগ্য যে ভাৰতৰ ক’ভিড উৎপানকাৰী সংস্থা চেৰাম ইনষ্টিউট আৰু ভাৰত বায়োটেকে ইতিমধ্যে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক কিমান কিমান দৰত ভেকচিনসমূহ বিক্ৰী কৰিব, সেয়া ঘোষণা কৰিছে।
এই অনুসৰি ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰতকৈ দুগুণ উচ্চ দৰত ভেকচিনসমূহ ক্ৰয় কৰিব লাগিব।
এইক্ষেত্ৰত চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।
কেন্দ্ৰ চৰকাৰক উচ্চতম ন্যায়ালয়ে কয় যে দেশৰ নাগৰিক হিচাপে এই বৈষম্য কিয় মানি লব নোৱাৰি।
”টকা দিয়েই যেতিয়া কিনা হ’ব, তেনেহ’লে এই বিভেদ কিয়? আমি কোনো নিৰ্দেশ দিয়া নাই, কিন্তু আপোনালোকে বিষয়টি ভাবি চোৱা উচিত।”- কেন্দ্ৰ চৰকাৰক উচ্চতম ন্যায়ালয়ে এইদৰে কয়।
তদুপৰি উচ্চতম ন্যায়ালয়ে কয় যে আমেৰিকাই ভাৰততকৈ কম দামতে অষ্ট্ৰজেনেকা (AstraZeneca) ভেকচিন বিক্ৰী কৰিছে।
”কেন্দ্ৰ বা ৰাজ্য. যিয়েই ভেকচিন ক্ৰয় নকৰক কিয়, সেয়া কিনা হৈছে সাধাৰণ মানুহৰ বাবে। সেইক্ষেত্ৰত বেলেগ বেলেগ দাম কিয়?”- উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে।