স্ত্ৰী আৰু তিনি কন্যাক হত্যা কৰাৰ পাছত মন্দিৰলৈ গৈ নাম-সংকীৰ্তনত অংশ লৈছিল এজন মধ্যবয়সীয়া লোকে। তাত ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰি প্ৰাৰ্থনাও কৰিছিল। তাৰ পাছত জয়পুৰৰ এখন বিলাসী হোটেলত আশ্ৰয় লৈছিল। হাতত থকা ধন শেষ হোৱাত কম খৰচৰ আন এখন হোটেললৈ যায়। কিন্তু আৰক্ষীৰ চকুত ধূলি দি দীঘলীয়া সময় পলাই থাকিবলৈ সক্ষম নহ’ল ৰাজস্থানৰ ৰাহুল ঝাঁ নামৰ লোকজন।
ৰাহুল ঝাঁক ৰাজস্থানৰ চিকৰ জিলাৰ ৰিঙ্গাছ চহৰৰ ৰিঙ্গাছ-ইন নামৰ এখন হোটেলৰ বাহিৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ উপস্থিতিৰ উমান পাই তেওঁ ৰুমালেৰে মুখ ঢাকি হোটেলৰ পৰা ওলাই আন ঠাইলৈ পলাই যোৱাৰ চেষ্টা কৰিছিল। কিন্তু তাৰ আগতেই আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়।
ঘটনাটো সংঘটিত হৈছে জয়পুৰ চহৰৰ কৰধানী অঞ্চলত। আৰক্ষীৰ মতে, ৰাহুলে তেওঁৰ পত্নী গীতা, বয়স ৪০ বছৰ, ডাঙৰ জীয়াৰী নন্দিনী, বয়স ২৩ বছৰ, মাজু জীয়াৰী ৰাধিকা, বয়স ১৭ বছৰ আৰু সৰু জীয়াৰী গৌৰীক হত্যা কৰে। আৰক্ষীয়ে প্ৰাথমিকভাৱে জানিবলৈ দিয়া মতে, পাৰিবাৰিক অশান্তি আৰু বিশেষকৈ পত্নী আৰু ডাঙৰ জীয়াৰীৰ সৈতে চলি থকা সংঘাতেই এই ভয়ংকৰ হত্যাকাণ্ডৰ মূল কাৰণ হ’ব পাৰে।
পৰিয়ালৰ ভিতৰৰ সংঘাত কেতিয়াবা কিমান ভয়ংকৰ ৰূপ ল’ব পাৰে, এই ঘটনাই আকৌ এবাৰ সেই প্ৰশ্ন উত্থাপন কৰিছে। দেশত স্বামীৰ হাতত পত্নী আৰু সন্তান হত্যাৰ ঘটনা একেবাৰে নতুন নহয়। আনহাতে, কেতিয়াবা পত্নীৰ বিৰুদ্ধেও স্বামী বা সন্তান হত্যাৰ অভিযোগ উঠিছে। আৰক্ষীৰ মতে, এনে ঘটনাৰ আঁৰত বহু সময়ত পাৰিবাৰিক কলহ, সম্পৰ্কক লৈ সন্দেহ, পৰকীয়া সম্পৰ্ক, আৰ্থিক সংকট অথবা গভীৰ মানসিক চাপৰ ভূমিকা থাকে।
জয়পুৰৰ এই ঘটনাতো আৰক্ষীয়ে পৰকীয়া সম্পৰ্কক লৈ সৃষ্টি হোৱা সংঘাতৰ সম্ভাৱনাক তদন্তৰ আওতালৈ আনিছে। অৱশ্যে তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ নিশ্চিত বুলি ক’ব পৰা নাযায়। আৰক্ষীয়ে বিভিন্ন তথ্য আৰু প্ৰমাণ সংগ্ৰহ কৰি ঘটনাৰ আঁৰৰ সম্পূৰ্ণ সত্য উলিয়াবলৈ চেষ্টা চলাইছে।
তদন্তত ঘৰৰ সন্মুখত থকা চিচিটিভি কেমেৰাৰ দৃশ্যই আৰক্ষীক গুৰুত্বপূৰ্ণ সূত্ৰ যোগান ধৰে। আৰক্ষীৰ জেৰাত অভিযুক্তই কোৱা বুলি জানিব পৰা মতে, পত্নী আৰু তিনি কন্যাক হত্যা কৰাৰ পাছত তেওঁৰ অনুশোচনা হৈছিল। তাৰ পাছত তেওঁ ৰাধা-গোৱিন্দৰ মন্দিৰলৈ গৈ ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰে আৰু নিজৰ ভুলৰ বাবে ক্ষমা কৰিবলৈ প্ৰাৰ্থনা কৰে।
ইয়াৰ পাছত তেওঁ জয়পুৰৰ এখন হোটেলত থাকিছিল। কিন্তু লগত থকা ধন শেষ হৈ অহাত চিকৰলৈ গৈ আন এখন সাধাৰণ হোটেলত আশ্ৰয় লয়। আৰক্ষীয়ে অৱশ্যে তেওঁৰ চলাচলৰ ওপৰত নজৰ ৰাখি আছিল। মোবাইল ফোন অন থকাৰ বাবেই আৰক্ষীয়ে তেওঁৰ অৱস্থানৰ বিষয়ে তথ্য লাভ কৰিবলৈ সক্ষম হয়।
শেষত চিকৰৰ হোটেলখনৰ বাহিৰত আৰক্ষী উপস্থিত হোৱাৰ কথা গম পাই ৰাহুলে মুখ ৰুমালেৰে ঢাকি পলাই যাবলৈ চেষ্টা কৰে। কিন্তু সেই চেষ্টা ব্যৰ্থ হয়। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি এতিয়া হত্যাকাণ্ডৰ সম্পূৰ্ণ কাৰণ আৰু ঘটনাৰ আঁৰত আন কোনো ব্যক্তি জড়িত আছিল নে নাই, সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে। মন্দিৰত গৈ ক্ষমা বিচাৰিলেও চাৰি জীৱন কাঢ়ি লোৱাৰ অভিযোগৰ পৰা শেষত সাৰি যাব নোৱাৰিলে ৰাহুল ঝাঁ।





