সমগ্ৰ গোৱালপাৰা জিলাখনতে অব্যাহত বনৰীয়া হাতীৰ তাণ্ডৱ তথা সন্ত্ৰাস ৷ দিনে দিনে ভয়ংকৰ ৰূপত বৃদ্ধি হবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত ৷ কৰোবাত যদি এজনীয়া হাতীয়ে চলাইছে সন্ত্ৰাস আন কৰোবাত জাক জাক হাতীয়ে উপদ্ৰৱ চলাই গৈছে গোৱালপাৰাৰ বিভিন্ন অঞ্চলত ৷ গোৱালপাৰা জিলাৰ মাটিয়া অঞ্চলত কেইবাদিনো ধৰি অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷
যোৱা নিশা গোৱালপাৰাৰ মাটিয়াত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতীয়ে ভাঙিলে অঙ্গনবাড়ীকেন্দ্ৰ ৷ পশ্চিম মাটিয়াৰ পূৱ পাহাৰতলী হাজংপাৰা অঙ্গনবাড়ী কেন্দ্ৰটো ভাঙি তচনচ কৰে অকলশৰীয়া হাতীটোৱে ৷অঙ্গনবাড়ী কেন্দ্ৰটোৰ ঘৰ সম্পূৰ্ণভাৱে বিদ্ধস্ত কৰি পেলোৱাৰ লগতে শিশু খাদ্য, চাউল আদি খাদ্য সামগ্ৰী খাই তহিলং কৰে হাতীটোৱে ৷ আনহাতে কেন্দ্ৰটোৰ সকলো আচ-বাব ভাঙি লণ্ডভণ্ড কৰি থৈ যায় হাতীটোৱে ৷
কেন্দ্ৰটোৰ ৫২ গৰাকী কণ কণ শিশুক পাঠদান কৰিবলৈ নাই এতিয়া গৃহ ৷ অঙ্গনবাড়ী কেন্দ্ৰটো ভাঙি কাষতে থকা এখন পাহাৰত অৱস্থান কৰে হাতীটো ৷
আনহাতে দুদিন পূৰ্বে এটা বনৰীয়া হাতীয়ে মাটিয়াত মাতৃ-পুত্ৰক গচকি হত্যা কৰিছিল ৷ এই অকলশৰীয়া হাতীটোৱে হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজৰ ৷ আনহাতে অঞ্চলটোতে আন এটা বৃহৎ হাতীৰ জাক অৱস্থান কৰি আছে যদিও হাতীৰ উপদ্ৰৱৰ পৰা ৰাইজক সকাহ দিবলৈ ব্যৰ্থ বন বিভাগ ৷
এক প্ৰকাৰ ঢাল-তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰৰ ভূমিকাত গোৱালপাৰাৰ বন বিভাগ ৷সন্ধিয়া হলেই জনাঞ্চলত হাতীৰ বনৰীয়া হাতীয়ে প্ৰৱেশ কৰাৰ ফলত আতংকিত সাধাৰণ জনতা ৷