NORTHEAST NOW (Assamese)

জাগুনত বন্যহস্তীৰ তাণ্ডব; লণ্ড-ভণ্ড বাসগৃহ

April 20, 2020 6:44 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ ডিগবৈ বনসংমণ্ডলৰ অধীনৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ আঠ মাইল বিষ্ণুপুৰত বন্য হস্তীৰ তাণ্ডবৰ ফলত বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা হৈছে স্থানীয় গাওঁবাসী ৰাইজে।

খাদ্যসংকটত পৰা বন্যহস্তীয়ে বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহাৰ ফলত অঞ্চলটোত হাতী মানুহৰ সংঘাতৰ সৃষ্টি হৈছে।

বিশেষকৈ এই মুহূৰ্তত খাদ্যৰ সংকটত পৰা বনৰীয়া হাতীৰ লক্ষ্য হৈ পৰিছে মানুহৰ বাসগৃহ। জাগুনৰ আঠ মাইল বিষ্ণুপুৰত যোৱা নিশা টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দুটা প্ৰকাণ্ড বনৰীয়া হাতী ওলাই আহি আঠ মাইল বিষ্ণুপুৰ নিবাসী নাৰয়ণ ছেত্ৰি নামৰ ব্যক্তি জনৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে আঁচবাব নষ্ট কৰে।

হাতী দুটাই পৰিয়ালটোৰ সকলো খাদ্য সামগ্ৰী খাই এক অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি কৰে।

উল্লেখযোগ্য যে,বিগত ১৫ এপ্ৰিলত জাগুনৰ ৩ নং উদয়পুৰৰ কথা ৰিজাৰ্ভত বন্যহস্তীৰ আক্ৰমণত দল বাহাদুৰ তামাং(৭০) নামৰ এজন লোকৰ মৃত্যু হৈছিল।

অঞ্চলটোৰ সংৰক্ষিত বনাঞ্চল সমূহ সংকুচিত হৈ পৰাত হস্তীকুলে তীব্ৰ খাদ্য সংকট পৰাৰ ফলত অঞ্চলটোত প্ৰতিদিনেই হাতী মানুহ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে।

আনহাতে, এইক্ষেত্ৰত বগাহাতীত পৰিণত হোৱা বন বিভাগটোক অধিক সক্ৰিয় হ’বলৈ প্ৰকৃতি প্ৰেমী সকলে দাবী উত্থাপন কৰাৰ লগতে শেহতীয়াকৈ অঞ্চলটোত বন্যহস্তীয়ে ক্ষয়-ক্ষতি কৰা প্ৰতিটো পৰিয়ালক তাৎক্ষণিক ভাৱে চৰকাৰী সাহায্য প্ৰদানৰো দাবী উত্থাপন কৰে।

Related News