হিতাধিকাৰী বঁটা! সন্মানপ্ৰাপ্তৰ ৮০০ গৰাকীয়ে শুদ্ধ অসমীয়া গদ্য লিখিব পাৰিবনে?
বঁটা দিয়াটো বেয়া কথা নেকি? কিয় হ’ব, নিশ্চয় নহয়। তেন্তে, ৮০০তকৈ বেছি ডেকা-ডেকেৰীক যুৱ সাহিত্যিক বঁটা দিয়া কথাটোক লৈ কিয় ইমান বিতৰ্ক? প্ৰথম কথা, অসমীয়া ভাষা-সাহিত্য বৰ্তমান যিটো অৱস্থাত আছে, তাত ৮০০ জনতকৈ অধিক বঁটা পোৱাৰ যোগ্য যুৱক-যুৱতী আছেনে? বঁটাৰ বাবে যোগ্যতাৰ কথা বাদ দিয়ক। এতিয়া, শুদ্ধ অসমীয়া গদ্য লিখিব পৰা ৮০০ গৰাকী ব্যক্তি অসমত ওলাবনে? আজিকালি অসমীয়া বাতৰিকাকত, প্ৰচাৰ মাধ্যম বা আলোচনী আৰু কিতাপ-পত্ৰত অসমীয়া ভাষা-সাহিত্যৰ কি ধৰণৰ অনুশীলন আমি দেখি আছোঁ? এতিয়া মাহত, বছৰত কেইটা ভাল প্ৰবন্ধ, গল্প, কবিতা অসমীয়াত ওলায়? প্ৰতি বছৰৰ কথা বাদ দিলোঁ। যোৱা দহ বছৰত কেইখন ভাল কিতাপ অসমীয়া ভাষাত ওলাইছে?
হয়, ভাল-বেয়াৰ কথাটো তুলনামূলক, মাত্ৰাৰ কথা। যেনেকৈ এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ কথা আলোচনা কৰিবলৈ যাওতে আমাৰ মনলৈ আগৰ বাণীকান্ত কাকতি, বিৰিঞ্চি কুমাৰ বৰুৱা, মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মা, গোলোকচন্দ্ৰ গোস্বামী আদিৰ নাম আহে।তেওঁলোকৰ লগত আমি আজিৰ সকলৰ তুলনা নকৰিম জানো? কেশৱানন্দ গোস্বামীৰ মৃত্যুৰ পিছত শংকৰী সাহিত্যৰ পণ্ডিত হিচাপে, এতিয়া, কাৰ নাম আমাৰ মনলৈ আহে? হয়তো এটা-দুটা নাম আহিব। কিন্তু আগৰ বৈষ্ণৱ পণ্ডিতসকলৰ লগত তেওঁলোকক ৰিজাই চালে কি দেখোঁ? একো নাই। অসমীয়া ভাষা-সাহিত্যৰ এই দুৰ্দশাৰ, ৰিক্ততাৰ মূলতে কোন?
তালৈ যোৱাৰ আগতে কওঁ— আজিও, অসমৰ প্ৰায় ৮০% ছাত্ৰ-ছাত্ৰী চৰকাৰী আৰু অসমীয়া মাধ্যমৰ স্কুলত পঢ়ে। কিন্তু ক্ৰমাত চৰকাৰী আৰু অসমীয়া মাধ্যমৰ স্কুলৰ সংখ্যা কমি আহিছে। অসমীয়াৰ পথাৰ চনপৰাৰ দৰে অসমীয়া ভাষা-সাহিত্যৰ পথাৰো চনপৰি আহিছে। তাৰ কাৰণ বহুত। সেই সকলো কাৰণৰ বাবে আমি চৰকাৰকো দোষাৰোপ কৰিব নোৱাৰোঁ। কিন্তু প্ৰাথমিক শিক্ষাৰ পৰা উচ্চ শিক্ষালৈ চৰকাৰে আমাৰ শিক্ষা আৰু ভাষা-সাহিত্যক লৈ হেতালী খেলা নাইনে? আজি আমাৰ ভাষা-সাহিত্যৰ দুৰৱস্থাৰ বাবে মূলতঃ চৰকাৰ আৰু চৰকাৰশ্ৰয়ী সাহিত্য সভাৰ দৰে অনুষ্ঠানবোৰ দায়ী নহয়নে? স্বজন তোষণ আৰু দুৰ্নীতি আগতেও হৈছিল। কিন্তু এতিয়া যিটো মাত্ৰাত হৈছে তাৰ লগত আগৰ কোনো তুলনা নহয়। এতিয়া কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ ৰেয়াজ উঠিছে। না কলেজ কলেজ হৈ আছে, না সি বিশ্ববিদ্যালয় হৈছে?
সকলোতে কেৱল বিজেপি আৰু আৰএছএছৰ দখল। আজিকালি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হ’বলৈ হ’লে আপুনি আৰএছএছৰ আশীৰ্বাদধন্য হ’বই লাগিব। শম্ভু সিঙে তেজপুৰ বিশ্ববিদ্যালয়ত কি কৰিলে দেখিছে? এই ভাইৰাছ আন বিশ্ববিদ্যালয়লৈ সংক্ৰমিত নহ’ব বুলি ভাবিছেনে? দুটা কথা অনুষ্ঠান এটাৰ শ্ৰীবৃদ্ধিৰ কাৰণে বৰ জৰুৰী। এটা হ’ল চৰকাৰী নীতি। এই নীতি দলীয় পক্ষপাতিত্ব আৰু পন্থাৰ গোৰামিৰ পৰা মুক্ত হ’ব লাগিব। ই হ’ব লাগিব সমসাময়িক চিন্তাৰ আলোকেৰে উদ্ভাসিত এক প্ৰগতিশীল নীতি। আৰু আনটো হ’ল এক কঠোৰ মাপকাঠি। যি মাপকাঠিৰ বাচনিত কেৱল প্ৰতিভাৱান আৰু গুণীজনহে উঠিব। এই দুয়োটা এতিয়া অন্ধ গলিত পতিত।
উদাহৰণ হিচাপে মনত পেলাওক আজিৰ পৰা ২০/২৫ বছৰ আগতে সাহিত্য অকাদেমী পুৰস্কাৰ পোৱা লেখক আৰু কিতাপবোৰলৈ। তাৰ তুলনাত দুই-এগৰাকীক বাদ দি এতিয়াৰ প্ৰায়বোৰেই ভুচি নহয়নে? আৰু এতিয়া এওঁলোকে কি কৰিছে? বঁটাৰ বানপানী বোৱাই দিছে। বাপৰে, ৮০০তকৈ অধিক গৰাকীক বঁটা দিছে। এওঁলোকৰ মাজত ১/২% হয়তো ভাল ওলাবও পাৰে। কিন্তু বাকী ৯০%তকৈ বেছি ওলাব অপদাৰ্থ। এওঁলোকক কিয় বঁটা দিছে? নিৰ্বাচনৰ সময়ত এই বঁটাধাৰীসকলে যাতে চৰকাৰৰ হৈ গুণগান কৰে তাৰ কাৰণে, মানে শাসকীয় দলৰ কাৰণে ভোট চপিয়াই আনিবলৈ। গতিকে এনে বঁটাই আমাৰ ভাষা-সাহিত্যৰ কোনো উন্নতি নকৰে। তাক আৰু বেছি ৰসাতললৈহে নিব।
আঠশ লিখকক কোনো সু-সঙ্গঠিত বিচাৰ-পদ্ধতিৰ মাজেৰে নোযোৱাকৈ সাহিত্য-বটা দিয়াৰ আঁৰৰ উদ্দেশ্য কি , তাক আঙুলি টোৱাই দেখুওৱাৰ প্ৰয়োজন নাই। এয়াও এক ধৰণৰ হিতাধিকাৰী সৃষ্টিৰ প্ৰয়াস নহয়নে? এনে ৰাজনৈতিক উদ্দেশ্যৰ তুলুঙা ব্যৱস্থাৰ দ্বাৰা সাহিত্যৰ উদ্দেশ্য সাধন কৰাতকৈ সাহিত্যক ৰাজনৈতিক উদ্দেশ্যৰ হাথিয়াৰ ক’ৰাহে হৈছে। সাহিত্য-মূল্যৰ অৱনয়ন হ’ব ইয়াৰ পৰিণতি। নেচনেল বুক ট্ৰাষ্টৰ, এসময়ৰ অসমীয়া ভাষাৰ সম্পাদক হিচাপে, অন্বেষাৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে, এসময়ৰ ‘ডেউকা’ৰ সম্পাদক হিচাপে আৰু এতিয়া নৰ্থ-ইষ্ট নাওৰ মুখ্য সম্পাদক হিচাপে মই ভাবোঁ এইখিনি কথা কোৱাৰ যোগ্যতা মোৰ আছে। আজি প্ৰকাশন পৰিষদে যি কৰিছে ২০ বছৰ আগতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গ্ৰন্থ মেলা পাতি অন্বেষাই সেইটো কৰি থৈছে।