উচ্চতম ন্যায়ালয়ে যোৱা ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত বিতৰ্কিত নিৰ্বাচনী বণ্ড আঁচনিখন বাতিল কৰিছিল। ইয়াৰ পাছত ২০২৪-২৫ বৰ্ষৰ বাবে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা ৰাজনৈতিক দলসমূহৰ চান্দাৰ প্ৰতিবেদনত এক আশ্বৰ্যকৰ ছবি ফুটি উঠিছে। কেন্দ্ৰীয় শাসনত থকা ভাৰতীয় জনতা পাৰ্টিয়ে এই সময়ছোৱাত নিজৰ আৰ্থিক স্থিতি আৰু অধিক শক্তিশালী কৰি তুলিবলৈ সক্ষম হৈছে। দলটোৱে তেওঁলোকৰ প্ৰধান প্ৰতিদ্বন্দ্বী কংগ্ৰেছতকৈ প্ৰায় ১২ গুণ অধিক চান্দা সংগ্ৰহ কৰিছে। যোৱা বৰ্ষত বিজেপিৰ এই আয়ৰ পৰিমাণে আন কেইবাটাও বিৰোধী দলৰ মুঠ চান্দাতকৈয়ো ৪.৫ গুণ বেছি বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত বিজেপিয়ে ৩,৯৬৭ কোটি টকা চান্দা হিচাপে লাভ কৰিছিল। কিন্তু লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱা বৰ্ষটোত এই পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত দলটোৱে মুঠ ৬,০৮৮ কোটি টকা লাভ কৰা বুলি জানিব পৰা গৈছে। নিৰ্বাচনী বণ্ড বাতিল হোৱাৰ পাছত নিৰ্বাচনী ট্ৰাষ্টসমূহৰ জৰিয়তে ৰাজনৈতিক দলসমূহলৈ চান্দাৰ সোঁত বৈছে। ইয়াৰে ভিতৰত আটাইতকৈ বেছি লাভান্বিত হৈছে বিজেপি। দেশৰ সাতটা ডাঙৰ কৰ্পোৰেট গোট যেনে টাটা গ্ৰুপ, অ’পি জিন্দাল গ্ৰুপ, এল এণ্ড টি, মেঘা ইঞ্জিনিয়াৰিং, অশোক লেলেণ্ড, ডিএলএফ আৰু মহিন্দ্ৰা গোটৰ পৰাই অধিকাংশ চান্দা আহিছে।
বিজেপিৰ আয় বৃদ্ধি পালেও ইয়াৰ বিপৰীত ছবিহে দেখা গৈছে কংগ্ৰেছৰ ক্ষেত্ৰত। ২০২৪-২৫ বৰ্ষত কংগ্ৰেছে অনুদান আৰু নিৰ্বাচনী ট্ৰাষ্টৰ পৰা মুঠ ৫২২.১৩ কোটি টকা লাভ কৰিছে। যোৱা বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল ১,১২৯.৬৬ কোটি টকা। অৰ্থাৎ কংগ্ৰেছৰ চান্দাৰ পৰিমাণ আধাতকৈও অধিক হ্ৰাস পাইছে। নিৰ্বাচনী বণ্ড আঁচনিখন বন্ধ হোৱাৰ পাছত ৰাষ্ট্ৰীয় দলসমূহৰ মাজত এই বিত্তীয় ব্যৱধান ক্ৰমান্বয়ে বৃদ্ধি পোৱা বিষয়টোৱে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। কংগ্ৰেছৰ মুঠ চান্দাৰ ৬০ শতাংশই আহিছে নিৰ্বাচনী ট্ৰাষ্টসমূহৰ জৰিয়তে।
আঞ্চলিক দলসমূহৰ ভিতৰত অন্ধ্ৰপ্ৰদেশৰ শাসকীয় দল তেলেগু দেশম পাৰ্টি আৰু জনসেনা পাৰ্টিয়েও যথেষ্ট চান্দা লাভ কৰিছে। টিডিপি দলে এইবাৰ ৮৩.০৩ কোটি টকা লাভ কৰিছে, যদিও যোৱা বছৰৰ তুলনাত এইটো কিছু পৰিমাণে কম। দলটোক প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্টে( প্ৰুডেন্ট ইলেকটোৰেল ট্ৰাষ্ট হ’ল ভাৰতৰ এটা সংস্থা যিয়ে বিভিন্ন কৰ্পোৰেট কোম্পানীৰ পৰা চান্দা সংগ্ৰহ কৰি বিভিন্ন ৰাজনৈতিক দলসমূহক নিৰ্বাচনী পুঁজি হিচাপে বিতৰণ কৰে) সৰ্বাধিক ৪০ কোটি টকা দান কৰিছে। আনহাতে পৱন কল্যাণৰ নেতৃত্বত থকা জনসেনা পাৰ্টিয়ে ২৫.৩৩ কোটি টকা লাভ কৰিছে। এই দলটোলৈ ব্যক্তগত চান্দা আৰু নিৰ্মাণ কোম্পানীসমূহৰ পৰা অধিক সাহাৰ্য আহিছে। উল্লেখ্য দলটোৰ এজন শুভাকাংক্ষীয়ে অকলেই ৫ কোটি টকা দান কৰা ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
পশ্চিমবংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছৰ পুঁজি এইবাৰ আশ্বৰ্যকৰভাৱে তিনিগুণ বৃদ্ধি পাইছে। যোৱা বিত্তীয় বৰ্ষত দলটোৱে লাভ কৰা ৬৪.২৪ কোটি টকাৰ বিপৰীতে এইবাৰ ১৮৪.৯৬ কোটি টকা লাভ কৰিছে। ইয়াৰে এক বৃহৎ অংশ লটাৰী বিতৰক কোম্পানী আৰু নিৰ্বাচনী ট্ৰাষ্টসমূহৰ পৰা আহিছে। কেৱল এজন লটাৰী বিতৰকেই দলটোক ৫০ কোটি টকা চান্দা দিছে। ইয়াৰ উপৰি তৃণমূলৰ প্ৰায় ২০০ বিধায়ক আৰু ৪০ সাংসদেও নিজৰ বেতনৰ পৰা দলীয় পুঁজিলৈ বৰঙণি আগবঢ়াইছে।
দিল্লী আৰু পঞ্জাৱৰ শাসকীয় দল আম আদমি পাৰ্টিৰো চান্দা এইবাৰ বৃদ্ধি পাইছে। যোৱা বছৰৰ ১১.০৬ কোটি টকাৰ পৰা এইবাৰ আপৰ পুঁজি ৩৮.১ কোটি টকালৈ বৃদ্ধি পালে। আম আদমি পাৰ্টিৰ বিশেষত্ব হ’ল যে ইয়াত ডাঙৰ কোম্পানীতকৈ ব্যক্তিগত দানৰ সংখ্যা অধিক। দলটোৰ নেতা অৰবিন্দ কেজৰিৱাল আৰু আতিশীৰ লগতে আন কেইবাজনো নেতাই দলীয় পুঁজিলৈ নিয়মীয়াকৈ চান্দা দিছে। ইয়াৰ উপৰি বিহাৰৰ জেডিইউ আৰু এলজেপি দলেও নিৰ্বাচনী ট্ৰাষ্টসমূহৰ পৰা বৃহৎ পৰিমাণৰ ধন লাভ কৰিছে। বিশেষকৈ নীতিশ কুমাৰৰ দল জেডিইউৰ চান্দা ৯০০ শতাংশতকৈও অধিক বৃদ্ধি পোৱা দেখা গৈছে।
এক কথাত ক’বলৈ গ’লে নিৰ্বাচনী বণ্ড বাতিল হোৱাৰ পাছতো ৰাজনৈতিক দলসমূহলৈ কৰ্পোৰেট জগতৰ চান্দা দিয়াৰ পদ্ধতি সলনি হৈছে যদিও বিজেপিৰ আধিপত্য একেই আছে। দেশৰ ডাঙৰ ডাঙৰ কোম্পানীসমূহৈ এতিয়া নিৰ্বাচনী ট্ৰাষ্টৰ জৰিয়তে নিজৰ পছন্দৰ দলক সহায় কৰিছে। এই সমগ্ৰ প্ৰক্ৰিয়াটোত শাসকীয় বিজেপি দল আন দলসমূহৰ তুলনাত বিত্তীয়ভাৱে বহুত আগুৱাই আছে। আনহাতে আঞ্চলিক দলসমূহে নিজৰ নিজৰ ৰাজ্যত নিজৰ স্থিতি শক্তিশালী কৰাৰ বাবে স্থানীয় উদ্যোগপতি আৰু ব্যক্তিৰ পৰা পুঁজি সংগ্ৰহ কৰাত গুৰুত্ব দিছে।




