২০১৭ চনৰ চাঞ্চল্যকৰ উন্নাও ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তথা বহিষ্কৃত বিজেপি নেতা কুলদীপ সিং চেংগাৰৰ যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ মঙলবাৰে বাতিল কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।
দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুব্ৰহ্মণ্যম প্ৰসাদ আৰু ন্যায়াধীশ হৰিশ বৈদ্যনাথন শংকৰৰ খণ্ড বিচাৰপীঠে এই স্থগিতাদেশ জাৰি কৰে। অৱশ্যে, এই নিৰ্দেশৰ পাছতো কুলদীপে কেতবোৰ চৰ্ত মানি চলিব লাগিব।
যদিও তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাতিল কৰা হৈছে, তথাপিও কুলদীপ সিং চেংগাৰে তাৎক্ষণিকভাৱে মুক্তি লাভ নকৰে। তেওঁৰ মুক্তিৰ বাবে আদালতে নিম্নলিখিত চৰ্তসমূহ আৰোপ কৰিছে:
- ব্যক্তিগত বণ্ড: কুলদীপে ১৫ লাখ টকাৰ ব্যক্তিগত বণ্ড আৰু সমপৰিমাণৰ ধনৰ তিনিজন জামিনদাৰ আদালতত হাজিৰ কৰিব লাগিব।
- পাস্পৰ্ট জমা: তেওঁ নিজৰ পাস্পৰ্ট আদালতত জমা দিব লাগিব।
- স্থান পৰিৱৰ্তনত বাধা: অভিযুক্ত কুলদীপে দিল্লীতেই থাকিব লাগিব আৰু তেওঁ ভুক্তভোগীৰ পৰা অতি কমেও ৫ কিলোমিটাৰ দূৰত্বত থাকিব লাগিব।
- থানাত হাজিৰা: তেওঁ প্ৰতি সোমবাৰে ওচৰৰ আৰক্ষী থানাত হাজিৰ হ’ব লাগিব।
- নিৰাপত্তা নিশ্চিতকৰণ: ভুক্তভোগী কিশোৰীগৰাকী আৰু তেওঁৰ মাতৃৰ নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্বও প্ৰাক্তন বিধায়কজনৰ ওপৰত ন্যস্ত কৰা হৈছে। কোনো কাৰণতে তেওঁ ভুক্তভোগীক ভাবুকি প্ৰদান কৰিব নোৱাৰিব।
উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বাংগৰমউ সমষ্টিৰ চাৰিবাৰৰ বিধায়ক কুলদীপ সিং চেংগাৰৰ বিৰুদ্ধে এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। চাকৰিৰ প্ৰলোভনেৰে নাবালিকাগৰাকীক ধৰ্ষণ কৰিছিল কুলদীপ সিং চেংগাৰে। এই ঘটনাক লৈ সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
অভিযোগ উঠিছিল যে আৰম্ভণিতে কুলদীপৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাছিল, বৰঞ্চ ভুক্তভোগী কিশোৰীগৰাকীৰ দেউতাককহে গ্ৰেপ্তাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত আৰক্ষীৰ জিম্মাতে কিশোৰীগৰাকীৰ পিতৃৰ মৃত্যু হয়, যাৰ ফলত এই গোচৰটোৱে অধিক গুৰুত লাভ লৈছিল।
আনহাতে, আদালতে স্পষ্ট কৰি দিছে যে যদিহে কুলদীপে আদালতৰ এই চৰ্তসমূহৰ কোনো এটা উলংঘা কৰে, তেন্তে তেওঁৰ জামিন তৎক্ষণাত বাতিল কৰা হ’ব।





