• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

সামাজিক মাধ্যমত এতিয়া তীব্ৰ আলোড়ন সৃষ্টি হৈছে। যুৱ প্ৰজন্মৰ বিভিন্ন সমস্যা লৈ ৰাজপথত নামি আন্দোলন গঢ়ি তোলা হৈছে। আনকি শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত দেশজুৰি গণ আন্দোলনৰো আহ্বান জনাইছে ককৰোচ জনতা পাৰ্টীয়ে। কিন্তু ইয়াৰ পিছৰ পদক্ষেপ কি হ’ব, তেওঁলোকে সম্পূৰ্ণ ৰাজনৈতিক দল খুলি নিৰ্বাচনৰ পথাৰত নামিবনে নে এইদৰেই বিভিন্ন বিষয়ত চৰকাৰ আৰু প্ৰশাসনক আইনা দেখুৱাই থাকিব, তাক লৈ প্ৰশ্ন উঠিছে। ককৰোচ জনতা পাৰ্টীৰ নেতাসকলে আচলতে কি বিচাৰিছে, সেই সন্দৰ্ভত অৱশেষত ইংগিত দিছে দলটোৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2026 9:07 pm
68
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামাজিক মাধ্যমত এতিয়া তীব্ৰ আলোড়ন সৃষ্টি হৈছে। যুৱ প্ৰজন্মৰ বিভিন্ন সমস্যা লৈ ৰাজপথত নামি আন্দোলন গঢ়ি তোলা হৈছে। আনকি শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত দেশজুৰি গণ আন্দোলনৰো আহ্বান জনাইছে ককৰোচ জনতা পাৰ্টীয়ে। কিন্তু ইয়াৰ পিছৰ পদক্ষেপ কি হ’ব, তেওঁলোকে সম্পূৰ্ণ ৰাজনৈতিক দল খুলি নিৰ্বাচনৰ পথাৰত নামিবনে নে এইদৰেই বিভিন্ন বিষয়ত চৰকাৰ আৰু প্ৰশাসনক আইনা দেখুৱাই থাকিব, তাক লৈ প্ৰশ্ন উঠিছে। ককৰোচ জনতা পাৰ্টীৰ নেতাসকলে আচলতে কি বিচাৰিছে, সেই সন্দৰ্ভত অৱশেষত ইংগিত দিছে দলটোৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে।

তেওঁলোকৰ দলটোৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজেনে নাই সেই প্ৰশ্নৰ উত্তৰত অভিজিতে কয় যে তেওঁলোকৰ নিৰ্বাচন খেলাৰ প্ৰশ্নই নুঠে। এই দেশত যদি প্ৰতিগৰাকী ব্যক্তিয়েই নিজৰ অধিকাৰ আদায়ৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া হয়, তেন্তে দেশ কেনেকৈ চলিব বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। মঙলবাৰে ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে ইংগিত দিয়ে যে তেওঁলোকে এইদৰেই বিভিন্ন সমস্যাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব বিচাৰে। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কোনো বিশেষ ইচ্ছা তেওঁলোকৰ নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰ এছ এছ আৰু বিজেপিৰ একেৰাহে সমালোচনা কৰিলেও অভিজিত দীপকৰ মন্তব্যত এইটো স্পষ্ট হৈ পৰিছে যে তেওঁলোকে লাভ কৰা জনসমৰ্থনক নিৰ্বাচনৰ ভোট বাকচত ব্যৱহাৰ কৰাৰ কোনো ইচ্ছা আপাতত নাই।

Apply Now

এই সন্দৰ্ভত তেওঁ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি কয় যে বিশ্বৰ যিকোনো প্ৰান্তত কিবা এটা ঘটনা ঘটিলেই প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখি প্ৰতিক্ৰিয়া ব্যক্ত কৰে, কিন্তু দেশৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া আত্মহত্যা কৰে, তেতিয়া তেওঁ কোনো উচ্চবাচ্য নকৰে। অভিজিতে স্পষ্টকৈ কৰ যে নিট পৰীক্ষাৰ কেলেংকাৰিৰ পিছত যি কেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে, প্ৰধানমন্ত্ৰীয়ে প্ৰথমে তেওঁলোকৰ পৰিয়ালক সাক্ষাৎ কৰা উচিত আছিল। সোমবাৰে তেওঁক ৰাজহুৱাকৈ চৰ মৰা ঘটনাৰ বাবে তেওঁ আৰ এছ এছক জগৰীয়া কৰে। তেওঁৰ বক্তব্য অনুসৰি, যেতিয়াই কোনোবাই এই চৰকাৰ বা তেওঁলোকৰ আদৰ্শৰ বিৰুদ্ধে মাত মাতে, তেতিয়াই তেওঁলোকক আক্ৰমণ কৰা হয়।

অভিজিতৰ দলটোৱে যদি নিৰ্বাচনৰ পথাৰত নানামে, তেন্তে শাসক আৰু বিৰোধী দুয়োটা শিবিৰেই কিছু পৰিমাণে সকাহ পাব। কিয়নো এই ককৰোচ পাৰ্টীয়ে যদি নিৰ্বাচন খেলে, তেন্তে নতুন প্ৰজন্মৰ সমৰ্থনৰ বাবে শাসক আৰু বিৰোধী দুয়ো পক্ষৰে বহু নিৰ্বাচনী অংক সলনি হৈ যাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd