• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব পুনৰ আহিব নেকি কংগ্ৰেছলৈ?, কি ক’লে গগৈয়ে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 9, 2019 10:36 pm
Tarun-Gogoi_HimantaBishwa
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত অতিকৈ চৰ্চিত আৰু দক্ষ মন্ত্ৰী হিচাপে পৰিচিত ড০ হিমন্ত বিশ্ব শৰ্মা। সঘনাই মত সলনি কৰা অথবা দল সলনি কৰাৰ সন্দৰ্ভত আটাইতকৈ বেছি চৰ্চিত নামটোৱে হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকৰখনৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ একালৰ ৰাজনৈতিক গুৰু প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ প্ৰত্যেকখন সংবাদমেলতে উচ্চাৰণ কৰে হিমন্ত বিশ্বৰ নাম। তাৰ প্ৰত্যুত্তৰতে গগৈৰ এসময়ৰ নয়নৰ মণি মন্ত্ৰীগৰাকীয়ে কটূ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীক।

এতিয়া তৰুণ গগৈৰ মনত শংকা হৈছে ‘হিমন্ত বিশ্ব শৰ্মা পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিব নেকি?’ আজি এক সংবাদমেলযোগে এই শংকা প্ৰকাশ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

Apply Now

‘’এসময়ত হিমন্ত মোৰে আটাইতকৈ বেছি ভক্ত আছিল। হিমন্ত বিশ্ব কাইলৈ আকৌ কংগ্ৰেছলৈ ঘূৰি নাহিব, তাৰো ঠিক নাই,‘’-সংবাদমেলত এই মন্তব্য তৰুণ গগৈৰ।

গগৈৰ মতে ‘হিমন্তই কংগ্ৰেছৰ সৈতে এতিয়াও মনে মনে সম্বন্ধ ৰাখি আছে।‘

‘কিন্তু এতিয়া কংগ্ৰেছলৈ আহিলে তেওঁ আকৌ জেইললৈ যাব লাগিব,‘-এইদৰে কয় গগৈয়ে।

অৱশ্যে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছলৈ হিমন্ত বিশ্ব শৰ্মা ঘূৰি অহাটো বিচৰা নাই। কাৰণ তেওঁ এতিয়া একালৰ নয়নৰ মণিক কেতিয়াও বিশ্বাসত ল’ব নোৱাৰে।

‘’হিমন্তক যি বিশ্বাস কৰে সি মৰিলে আৰু। হিমন্ত বিশ্বক মই আটাইতকৈ বেছি বিশ্বাস কৰিছিলো, মই বিশ্বাস কৰি মৰিছো। কংগ্ৰেছলৈ ঘূৰি আহিব বিচাৰিলে মই বিৰোধিতা কৰিম, কাৰণ আকৌ হিমন্তই কংগ্ৰেছক ঠগিব,’‘- হিমন্তৰ সন্দৰ্ভত এইদৰে কয় গগৈয়ে।

ইপিনে, এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমলক কটাক্ষ কৰিলেও মন্ত্ৰী হিমন্ত আৰু বিজেপি দলে মনে মনে সম্পৰ্ক ৰখা বুলিও সন্দেহ কৰে গগৈয়ে।

‘হিমন্ত বিশ্বৰ সৈতে আজমলৰ মধুৰ সম্পৰ্ক আছে,‘’-এইদৰে কয় গগৈয়ে।

গগৈৰ মতে ‘’বদৰুদ্দিন আজমলক পানী দি বিজেপিয়ে জীয়াই ৰাখিছে।‘‘

তদুপৰি, বদৰুদ্দিনক জীয়াই ৰাখিলেহে বিজেপিয়ে হিন্দু-মুছলমানৰ ৰাজনীতি কৰিব পাৰিব বুলিও সংবাদমেলত মন্তব্য কৰে গগৈয়ে।

গগৈয়ে লগতে কয়, ‘’যোৱা বিধানসভা নিৰ্বাচনত এআইয়ুডিএফে কংগ্ৰেছৰ সমষ্টিত প্ৰাৰ্থী দি কংগ্ৰেছক হৰুৱালে। এআইয়ুডিএফ জয়ী নোহোৱা সমষ্টিতো প্ৰাৰ্থী দিছিল যোৱা বিধানসভা নিৰ্বাচনত।‘’

আনহাতে, সেই একেখন সংবাদমেলতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি তুলিবৰ বাবে ৰাজ্যৰ দল-সংগঠনসমূহক আহ্বান জনায়।

‘’নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন চলি থাকিব লাগিব, কিন্তু এই আন্দোলন শান্তিপূৰ্ণ হ’ব লাগিব। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জেইল ভৰাও আন্দোলন কৰি থাকিব লাগিব। লাখ লাখ মানুহক জেইলত ভৰাওঁক কোনো কথা নাই। প্ৰয়োজন সাপেক্ষে আমি জেইললৈ যাবলৈ সাজু থাকিব লাগিব,’‘- সংবাদমেলত গগৈয়ে এইদৰে কয়।

তদুপৰি, কেন্দ্ৰই লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বিভেদ আনিছে বুলিও গগৈয়ে মন্তব্য কৰে।

‘‘ধৰ্মৰ নামত অসমক ভাগ কৰিছে। অসম চুক্তিত ধৰ্মৰ নামত বিদেশী চিনাক্তকৰণৰ কথা কোৱা হোৱা নাছিল। আমাৰ দেশ এতিয়াও ধৰ্মনিৰপেক্ষ,’‘-সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd