DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুন ৰাজনৈতিক দললৈ নিমন্ত্ৰণ জনোৱা হ’লে গ’লহেঁতেন নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ?

‘অসম জাতীয় পৰিষদ’ৰ প্ৰাৰ্থীক লৈ ভৱিষ্যৎ বাণী মন্ত্ৰী হিমন্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 14, 2020 7:41 pm
449
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত আজিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত ভুমিষ্ঠ হ’ল ‘অসম জাতীয় পৰিষদ’ নামৰ নতুন আঞ্চলিক ৰাজনৈতিক দলটো।

নতুন আঞ্চলিক দলটোলৈ নিমন্ত্ৰণ জনালে বিজেপিৰ দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা গ’লহেঁতেন নেকি? এই প্ৰশ্ন উত্থাপন কৰাৰ সুযোগ দিছে মন্ত্ৰীগৰাকীয়ে নিজে।

কিয়নো নতুন দল গঠনক কেন্দ্ৰ কৰি মন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া বিচাৰিছিল সাংবাদিকগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে পোনচাতেই সংবাদ মাধ্যমৰ আগত ‘নিমন্ত্ৰণ’ৰ প্ৰসংগ উত্থাপন কৰে।

মন্ত্ৰীগৰাকীয়ে কয় ‘এই দলটোৰ বিষয়ে বেছি পঢ়াও নাই আৰু খুব বেছি চোৱাও নাই। মোৰ ইমানখিনি আগ্ৰহ নাই। কাৰণ সেইটো দলত মই নিজে যোগদান নকৰো। কাৰোবাৰ বিয়া মই নিমন্ত্ৰিত নহয় গতিকে মই তাৰ বিষয়ে ইমান অস্ত্ৰোপ্ৰচাৰ কৰি কি পাম?’

অগপৰ আমবাৰী মুখ্য কাৰ্যালয়টো ‘বিবাহ ভৱন’ আখ্যা দিয়া হিমন্তই নতুন ৰাজনৈতিক দল গঠনক কেন্দ্ৰ কৰি ‘বিবাহ’ৰ সৈতে তুলনা কৰি এক বিশেষ ইংগিত দিছে।

ইপিনে, নতুন দল খোলাটো স্বাভাৱিক ঘটনা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে দলটোৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰো ভৱিষ্যৎ বাণী কৰে।

তেওঁ কয় ‘প্ৰতিটো সমষ্টিতে তেওঁলোকে ৭০০-১৫০০ ভোট লাভ কৰিব। এইটো ফিক্স ইয়াতকৈ নাবাঢ়ে। পিছত আকৌ নক’ব মই বেলট বাকচত মেজিক কৰিছো বুলি।’

আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৃষকৰ লগত কি সম্পৰ্ক আছে বুলিও কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে।

তাৎপৰ্যপূৰ্ণভাৱে, অসমৰ ৰাইজৰ পৰা চান্দা বিচাৰি হাৰাশাস্তি নকৰিবলৈ মন্ত্ৰীগৰাকীয়ে নতুন ৰাজনৈতিক দলটোক আহ্বান জনায়।

‘দল হওঁক সকলো হওঁক, কোনেও যাতে মানুহক চান্দা খুজি হাৰাশাস্তি নকৰে। দলৰ ভয়ত যাতে দোকানীয়ে দোকানৰ চাতাৰ মাৰিবলগীয়া হয়। ৰাজনীতিত নতুন মানুহ আহিলে ভালেই পাওঁ।‘

হিমন্তই লগতে কয় ‘নিৰ্বাচনৰ বতৰ হ’লে এনে দল, নেতা, সমাজ সেৱক ওলায়েই। একো ডাঙৰ কথা নহয়।’

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd