• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন ৰাজনৈতিক দললৈ নিমন্ত্ৰণ জনোৱা হ’লে গ’লহেঁতেন নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ?

‘অসম জাতীয় পৰিষদ’ৰ প্ৰাৰ্থীক লৈ ভৱিষ্যৎ বাণী মন্ত্ৰী হিমন্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 14, 2020 7:41 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত আজিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত ভুমিষ্ঠ হ’ল ‘অসম জাতীয় পৰিষদ’ নামৰ নতুন আঞ্চলিক ৰাজনৈতিক দলটো।

নতুন আঞ্চলিক দলটোলৈ নিমন্ত্ৰণ জনালে বিজেপিৰ দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা গ’লহেঁতেন নেকি? এই প্ৰশ্ন উত্থাপন কৰাৰ সুযোগ দিছে মন্ত্ৰীগৰাকীয়ে নিজে।

Apply Now

কিয়নো নতুন দল গঠনক কেন্দ্ৰ কৰি মন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া বিচাৰিছিল সাংবাদিকগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে পোনচাতেই সংবাদ মাধ্যমৰ আগত ‘নিমন্ত্ৰণ’ৰ প্ৰসংগ উত্থাপন কৰে।

মন্ত্ৰীগৰাকীয়ে কয় ‘এই দলটোৰ বিষয়ে বেছি পঢ়াও নাই আৰু খুব বেছি চোৱাও নাই। মোৰ ইমানখিনি আগ্ৰহ নাই। কাৰণ সেইটো দলত মই নিজে যোগদান নকৰো। কাৰোবাৰ বিয়া মই নিমন্ত্ৰিত নহয় গতিকে মই তাৰ বিষয়ে ইমান অস্ত্ৰোপ্ৰচাৰ কৰি কি পাম?’

অগপৰ আমবাৰী মুখ্য কাৰ্যালয়টো ‘বিবাহ ভৱন’ আখ্যা দিয়া হিমন্তই নতুন ৰাজনৈতিক দল গঠনক কেন্দ্ৰ কৰি ‘বিবাহ’ৰ সৈতে তুলনা কৰি এক বিশেষ ইংগিত দিছে।

ইপিনে, নতুন দল খোলাটো স্বাভাৱিক ঘটনা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে দলটোৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰো ভৱিষ্যৎ বাণী কৰে।

তেওঁ কয় ‘প্ৰতিটো সমষ্টিতে তেওঁলোকে ৭০০-১৫০০ ভোট লাভ কৰিব। এইটো ফিক্স ইয়াতকৈ নাবাঢ়ে। পিছত আকৌ নক’ব মই বেলট বাকচত মেজিক কৰিছো বুলি।’

আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৃষকৰ লগত কি সম্পৰ্ক আছে বুলিও কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে।

তাৎপৰ্যপূৰ্ণভাৱে, অসমৰ ৰাইজৰ পৰা চান্দা বিচাৰি হাৰাশাস্তি নকৰিবলৈ মন্ত্ৰীগৰাকীয়ে নতুন ৰাজনৈতিক দলটোক আহ্বান জনায়।

‘দল হওঁক সকলো হওঁক, কোনেও যাতে মানুহক চান্দা খুজি হাৰাশাস্তি নকৰে। দলৰ ভয়ত যাতে দোকানীয়ে দোকানৰ চাতাৰ মাৰিবলগীয়া হয়। ৰাজনীতিত নতুন মানুহ আহিলে ভালেই পাওঁ।‘

হিমন্তই লগতে কয় ‘নিৰ্বাচনৰ বতৰ হ’লে এনে দল, নেতা, সমাজ সেৱক ওলায়েই। একো ডাঙৰ কথা নহয়।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd