• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশৰ স্কুলসমূহত বাধ্যতামূলক হ’ব নেকি যৌন শিক্ষা? পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ প্ৰস্তুতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2026 6:26 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিদ্যালয়সমূহত যৌন শিক্ষা বাধ্যতামূলক কৰাৰ দিশে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। কিশোৰ-কিশোৰীসকলৰ অধিকাৰ, সুৰক্ষা আৰু সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে গ্ৰহণ কৰা এই পদক্ষেপৰ কথা ইতিমধ্যে উচ্চতম ন্যায়ালয়ক জনোৱা হৈছে। চৰকাৰে জনাইছে যে এই সন্দৰ্ভত গঠন কৰা ২৬ জনীয়া এটা ৰাষ্ট্ৰীয় বিশেষজ্ঞ সমিতিয়ে ইতিমধ্যে তেওঁলোকৰ বিতং প্ৰতিবেদন দাখিল কৰিছে। এতিয়া উচ্চতম ন্যায়ালয়ে চূড়ান্ত নিৰ্দেশ দিলেই এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ কাম আৰম্ভ হ’ব।

বৰ্তমান উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত এটা গোচৰ চলি আছে। বিচারপতি বি ভি নাগৰত্না আৰু বিচারপতি আৰ মহাদেৱনৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰিছে। কিশোৰ-কিশোৰীসকলৰ ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ আৰু শিশু সুৰক্ষা আইন অৰ্থাৎ পকচো আইনৰ প্ৰয়োগক লৈ আদালতে নিজে উদ্যোগ লৈ এই শুনানি আৰম্ভ কৰিছিল। আদালতৰ মূল উদ্বেগ হৈছে যে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ পাৰস্পৰিক সন্মতিত গঢ়ি উঠা সম্পৰ্কক বহু ক্ষেত্ৰত পোনপটীয়াকৈ অপৰাধ হিচাপে গণ্য কৰা হৈছে। শিশুসকলক যৌন উৎপীড়নৰ পৰা ৰক্ষা কৰিবলৈ পকচো আইন প্ৰণয়ন কৰা হৈছিল যদিও বাস্তৱত ইয়াক পাৰস্পৰিক সন্মতিৰ সম্পৰ্কৰ ক্ষেত্ৰতো প্ৰয়োগ কৰা হৈছে বুলি আদালতে উদ্বেগ প্ৰকাশ কৰিছে।

Apply Now

এই শুনানিৰ সময়তে আদালতে কেন্দ্ৰীয় চৰকাৰক স্কুলত যৌন শিক্ষা আৰম্ভ কৰাৰ সম্ভাৱনীয়তা সন্দৰ্ভত মতামত দিবলৈ কৰিবলৈ কৈছিল। সেই নিৰ্দেশ অনুসৰিয়েই মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিবৰ নেতৃত্বত ২৬ জনীয়া ৰাষ্ট্ৰীয় বিশেষজ্ঞ সমিতি গঠন কৰা হয়। এই সমিতিত টাটা সমাজবিজ্ঞান প্ৰতিষ্ঠানৰ বিশেষজ্ঞ, চিকিৎসা-মনোবিজ্ঞানী আৰু বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয়ৰ প্ৰতিনিধিসকল আছিল। কিশোৰ-কিশোৰীসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ মাজত যৌনতা, সম্পৰ্ক, সুৰক্ষা আৰু আইনী বিষয়ত সঠিক সচেতনতা গঢ়ি তুলিব পৰাকৈ এটা বাস্তৱসন্মত পৰিকল্পনা প্ৰস্তুত কৰাৰ দায়িত্ব এই সমিতিক দিয়া হৈছিল। সেই প্ৰতিবেদনেই এতিয়া আদালতত জমা দিয়া হৈছে।

বিশেষজ্ঞ সমিতিৰ এক গুৰুত্বপূৰ্ণ পৰামৰ্শ অনুসৰি, ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ সৈতে সংগতি ৰাখি এনচিইআৰটি-য়ে এক নতুন পাঠ্যক্ৰম প্ৰস্তুত কৰিব। সেই অনুসৰি প্ৰাথমিক স্তৰৰ পৰাই বয়সৰ লগত মিলাই যৌন শিক্ষা আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। এই প্ৰস্তাৱ অনুসৰি সৰু ল’ৰা-ছোৱালীক শৰীৰৰ বিভিন্ন অংগ আৰু স্পৰ্শৰ বিষয়ে সঠিক বয়সত শিক্ষা দিয়া হ’ব। বয়স বৃদ্ধিৰ লগে লগে সন্মতিৰ গুৰুত্ব, ব্যক্তিগত পৰিসীমা, পকচো আইনৰ নিয়মসমূহ, কৈশোৰ কালৰ শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন আৰু দায়িত্বশীল সিদ্ধান্ত গ্ৰহণৰ দৰে বিষয়সমূহো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়া হৈছে।

সমিতিয়ে লগতে জনাইছে যে প্ৰতিখন স্কুলতে বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকে সপ্তাহত অন্ততঃ দুদিন ১৫ ৰ পৰা ২০ মিনিটৰ বাবে বাধ্যতামূলক সজাগতা ক্লাছ ল’ব। ইয়াৰ উপৰিও অভিভাৱক আৰু শিক্ষকসকলৰ বাবেও সজাগতা কাৰ্যসূচীৰ আয়োজন কৰাৰ পৰামৰ্শ দিয়া হৈছে, যাতে যৌন শিক্ষাক লৈ society বা সমাজত থকা লাজ-সংকোচ আৰু ভুল ধাৰণাবোৰ দূৰ কৰিব পৰা যায়।

শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে আন এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰি কয় যে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ সময়ছোৱাত কিশোৰ-কিশোৰীৰ শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন অতি দ্ৰুত হয়। এই বয়সত পাৰস্পৰিক সন্মতিৰ ভিত্তিত গঢ়ি উঠা প্ৰতিটো সম্পৰ্ককে ফৌদাৰী অপৰাধ হিচাপে দেখাটো উচিত নহয়। ১৬ ৰ পৰা ১৮ বছৰৰ কোনো কিশোৰ-কিশোৰীয়ে সন্মতিৰে সম্পৰ্ক কৰিলে বা ঘৰ এৰি গুচি গ’লে, বহু সময়ত পৰিয়ালে নিজৰ সামাজিক মৰ্যাদা ৰক্ষা কৰিবলৈ ল’ৰাজনৰ বিৰুদ্ধে পকচো আইনৰ অধীনত গোচৰ তৰে। ইয়াৰ ফলত অপ্ৰাপ্তবয়স্কসকলে জেললৈ যাবলগীয়া হয় আৰু ইয়াৰ প্ৰভাৱ তেওঁলোকৰ পঢ়া-শুনা, কৰ্মজীৱন তথা ভৱিষ্যতৰ ওপৰত দীৰ্ঘদিন ধৰি পৰে। ন্যায়াধীশ নাগৰত্নই স্পষ্টকৈ কয় যে শিশুৰ সুৰক্ষা নিশ্চিত কৰাটো যেনেকৈ জৰুৰী, তেনেকৈয়ে অপ্ৰাপ্তবয়স্কসকলৰ ওপৰত অহেতুক কঠোৰ আইনী শাস্তি জাপি দিয়াটো উচিত নহয়। এতিয়া এই বিশেষজ্ঞ সমিতিৰ পৰামৰ্শসমূহ পৰীক্ষা কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক প্ৰয়োজনীয় নিৰ্দেশ দিব আৰু তাৰ পিছতেই দেশৰ স্কুলসমূহক লৈ চূড়ান্ত সিদ্ধান্ত কাৰ্যকৰী হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd