দোকান, মল বা ৰেষ্টুৰেণ্টত গৈ ২০০০ টকাৰ বেছি ইউ পি আই পেমেণ্ট কৰিলে অতিৰিক্ত টকা দিব লাগিব নেকি? যোৱা কেইদিনমান ধৰি ডিজিটেল লেনদেন কৰা সাধাৰণ মানুহৰ মনত এই প্ৰশ্নটোৱে দোলা দিছে। ইয়াৰ উত্তৰ হৈছে, নাই, বৰ্তমান গ্ৰাহকে এক টকাও অতিৰিক্ত দিব নালাগে। কিন্তু ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ আইনী পৰিৱৰ্তনৰ কথা চিন্তা কৰিছে।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত পেমেণ্ট এণ্ড চেটেলমেণ্ট চিষ্টেমছ এক্ট সংশোধনৰ প্ৰস্তাৱ উত্থাপন কৰিছে। এই আইনী প্ৰস্তাৱ গৃহীত হ’লে ভৱিষ্যতে চৰকাৰে নিৰ্দিষ্ট কিছুমান ব্যৱসায়িক ইউ পি আই লেনদেনত মাৰ্চেণ্ট ডিস্কাউণ্ট ৰেট বা এম ডি আৰ আৰম্ভ কৰাৰ আইনী অধিকাৰ পাব।
মাৰ্চেণ্ট ডিস্কাউণ্ট ৰেট বা এম ডি আৰ হৈছে ডিজিটেল পেমেণ্ট প্ৰচেছ কৰাৰ বিনিময়ত বেংক বা পেমেণ্ট এপবোৰে পোৱা চাৰ্জ। ক্ৰেডিট বা ডেবিট কাৰ্ডৰ ক্ষেত্ৰত ব্যৱসায়ীসকলে এই চাৰ্জ দিব লগা হ’লেও ইউ পি আইৰ ক্ষেত্ৰত ইমান দিনে জিৰ’ এম ডি আৰ নীতি চলি আছিল। আলোচনা হৈ থকা প্ৰস্তাৱ অনুসৰি বছৰত ডেৰ কোটি টকাতকৈ বেছি ব্যৱসায় কৰা ডাঙৰ বাণিজ্যিক প্ৰতিষ্ঠান, শ্বপিং মল বা ৰেষ্টুৰেণ্টৰ বাবে এই নিয়ম আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে। ২০০০ টকাৰ ওপৰৰ লেনদেনত ০.৩ শতাংশৰ পৰা ০.৫ শতাংশলৈকে এম ডি আৰ বহুৱাব পাৰে। পিছে এই চাৰ্জ পোনপটীয়াকৈ সাধাৰণ গ্ৰাহকৰ বেংক একাউণ্টৰ পৰা কটা নাযায়, ইয়াৰ পৰিৱৰ্তে সংশ্লিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে বেংক বা পেমেণ্ট এপক এই ধন দিব লাগিব। সাধাৰণ গ্ৰাহকৰ পৰা সাধাৰণ গ্ৰাহকলৈ কৰা ট্ৰেন্সফাৰ যেনে বন্ধুক টকা পঠিওৱা বা ঘৰ ভাড়া দিয়াৰ দৰে পেমেণ্ট একেবাৰে বিনামূলীয়া আৰু চাৰ্জমুক্ত হৈয়েই থাকিব।
ইউ পি আই পেমেণ্ট চাৰ্ভিচ চলোৱা, চাৰ্ভাৰ চম্ভালা, চাইবাৰ নিৰাপত্তা বজাই ৰখা আৰু জালিয়াতি ৰোধ কৰিবলৈ ফিনটেক কোম্পানীবোৰৰ বহুত খৰচ হয়। কোনো ফিজ নোপোৱাৰ বাবে দীৰ্ঘম্যাদী ব্যৱসায়িক মডেল থিয় কৰোৱাত অসুবিধা হৈছিল। ২০২৬ চনৰ জুলাই মাহত কেৱল এমাহতে বাংলাদেশ আৰু ভাৰতত অভিলেখসংখ্যক ২৩৬০ কোটি ইউ পি আই লেনদেন হৈছে, যাৰ আনুমানিক মূল্য আছিল প্ৰায় ২৯.৯ লাখ কোটি টকা।
তথ্য বিশ্লেষণ কৰা সংস্থা জেফাৰিজৰ মতে, ২০০০ টকাৰ ওপৰত এই এম ডি আৰ প্ৰযোজ্য হ’লে ফোন পে, গুগল পে, পেটিএম বা পাইন লেবছৰ দৰে ডিজিটেল পেমেণ্ট উদ্যোগবোৰে বছৰি প্ৰায় ৫০০০ ৰ পৰা ১০০০০ কোটি টকা অতিৰিক্ত ৰাজহ আয় কৰিব পাৰিব।
সাধাৰণ নাগৰিক আৰু ওচৰৰ সৰু দোকানীসকলৰ বৰ্তমান চিন্তা কৰিবলগীয়া একো নাই। সংসদত উত্থাপন হোৱা এই বিলখনে কেৱল ভৱিষ্যতৰ বাবে এটা প্ৰশাসনিক আন্তঃগাঁথনি বা ৰাস্তা তৈয়াৰ কৰি ৰাখিছে। চৰকাৰে বেলেগ জাননী জাৰি নকৰালৈকে আপোনাৰ দৈনন্দিন ইউ পি আই পেমেণ্ট আগৰ দৰেই সম্পূৰ্ণ বিনামূলীয়াকৈ চলি থাকিব।





