NORTHEAST NOW (Assamese)

কোকৰাঝাৰত সুৰাৰ অভাৱত বন্ধ হৈ পৰিব সুৰা বিপনী; চৰকাৰক সুৰা যোগান নিশ্চিত কৰিবলৈ আহ্বান সুৰাপ্ৰেমীৰ

May 8, 2020 11:53 am · এন ই নাও নিউজ

দেশৰ লগতে ৰাজ্যত বৰ্তমান তৃতীয় পৰ্যায়ৰ ল’কডাউন চলি আছে আৰু তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ সময়ছোৱাত গ্ৰীণ জ’ন সমূহত সুৰাৰ বিপনী সমূহ খুলি দিয়া হৈছিল।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো সুৰাৰ বিপনী সমূহ খুলি দিয়া হৈছিল যদিও দুই-এদিনৰ ভিতৰত এই সুৰাৰ বিপনী সমূহ পুনৰ বন্ধ হৈ পৰিব।

আচৰিত কথা যে চৰকাৰী নিৰ্দেশনা অনুসৰি কোকৰাঝাৰৰ সুৰাৰ বিপনী সমূহ বন্ধ হোৱাৰ বিপৰীতে কোকৰাঝাৰত সুৰাৰ বিপনী সমূহ নিজে বন্ধ হৈ পৰিব।

বহুতে ভাবিছে ক’ৰ’নাৰ সংক্ৰমণৰ বাবেই চাগে সুৰা বিপনীৰ মালিক সমূহে বিপনী সমূহ বন্ধ কৰিব কিন্তু প্ৰকৃততে গুদামত সুৰাৰ অভাৱৰ বাবেই বিপনী সমূহ বন্ধ হৈ পৰিব।

কোকৰাঝাৰলৈ মূলত বঙাইগাঁও আৰু ধুবুৰীৰৰ পৰা সুৰা আহে কিন্তু বৰ্তমান সময়ত দুয়োখন জিলা হালধীয়া জ’ন হোৱাত সুৰাৰ আমদানি বন্ধ হৈ আছে কোকৰাঝাৰত।

জিলাখনত দুই-তিনিখন সুৰাৰ বিপনী খোলা আছে যদিও সেই বিপনী কেইখনত সৰ্বসাধাৰণে ক্ৰয় কৰা কম মূল্যৰ সুৰা উপলব্ধ নহয়।

কোকৰাঝাৰত সুৰাৰ নাটনিৰ সময়তে সুৰাপ্ৰেমী সকলে চৰকাৰলৈ জিলাখনত সুৰা যোগান ধৰাৰ বাবে আহ্বান জনাইছে।

সুৰা বিক্ৰেতা সকলেও সুৰাৰ বিপনী খোলাৰ সমান্তৰালভাৱে সুৰা অনাৰ ব্যৱস্থা কৰিব লাগে বুলি চৰকাৰক আহ্বান জনায়।

সূত্ৰ মতে, কোকৰাঝাৰ চহৰৰ সুৰাৰ বিপনী পৰা অসম চৰকাৰে প্ৰতি মাহে ৰাজহ সংগ্ৰহ কৰে এক কোটি বিছ লাখ টকা, তেনেধৰণে চিৰাং জিলাৰ পৰা নব্বৈ লাখ টকা চৰকাৰৰ ৰাজহৰ ঘৰত জমা হয়।

Related News