• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৱশেষত খুলিল : একান্ত বাধ্য ছাত্ৰৰ দৰে সামাজিক ব্যৱধান মানি সুৰাপায়ীয়ে থিয় দিলে ৱাইন শ্বপৰ সন্মুখত

মহানগৰীৰ ৱাইন শ্বপত ন’ মাস্ক ন’ বটল; সাংবাদিকৰ কেমেৰা দেখি লাজ পালে বহু সুৰাপায়ী গ্ৰাহকে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 3, 2020 6:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৱা ১১ বজাৰ লগে লগে আজিৰে পৰা মুকলি হ’ল ৰাজ্যৰ সুৰাৰ বিপণিসমূহ। কালি আবেলিৰে পৰা সুৰাৰ বিপণিসমূহ মুকলি কৰি দিয়া হৈছিল যদিও বহু সুৰাপায়ীয়ে ক্ৰয় কৰিব নোৱাৰিলে সুৰা।

গতিকে সকলোৱে যেন দেওবাৰৰ দিনটোত ১১ বজালৈ আশাৰে বাট চাই ৰ’ল। সুৰাৰ বিপণিৰ চাটাৰ মুকলি হোৱাৰ লগে লগে সকলো সুৰাপায়ীৰ মুখলৈ যেন পানী আহিল।

Apply Now

দীৰ্ঘদিন ধৰি ডিঙিটো টিয়াবলৈ নোপোৱা সুৰাপায়ীসকলে যেন স্বস্তিৰ নিশ্বাস পেলালে। সেয়েহে পুৱাৰে পৰা মহানগৰীৰ সুৰাৰ বিপণিৰ সন্মুখত শিক্ষকৰ একান্ত বাধ্য ছাত্ৰৰ দৰে থিয় হ’ল সুৰাপায়ী।

সকলো সুৰাপায়ীয়ে পালন কৰিলে চৰকাৰ বা প্ৰশাসনে বান্ধি দিয়া নীতি নিৰ্দেশনা। সামাজিক ব্যৱধান মানি সকলোৱে ১ মিটাৰতকৈ অধিক দূৰত্ব বজাই ৰাখি দুপৰীয়াৰ ৰ’দৰ তাপ সহ্য কৰিও সুৰা ক্ৰয়ৰ বাবে শাৰী পাতি থিয় হ’ল।

যি সামাজিক দূৰত্ব শাক-পাচলি ক্ৰয় কৰাৰ সময়ত দেখিবলৈ পোৱা নগ’ল সেয়া দেখা গ’ল সুৰাৰ বিপণিৰ সন্মুখত। সামাজিক ব্যৱধান নামানিলে অন্য উপায়ো নাই যেন সুৰাপায়ীৰ মাজত। পূৰ্বৰ দৰে আৱকাৰী বিভাগৰ খং উঠিলে পুনৰ বন্ধ কৰি দিব পাৰে বিপণিসমূহ। সেয়েহে যিমানখিনি পাৰে সিমানখিনি নিয়মানুবৰ্তিতা মানি চলিলে সুৰাপাায়ী গ্ৰাহকে।

আনহাতে, উলুবাৰীৰ এখন ৱাইন শ্বপৰ সন্মুখত সাংবাদিকৰ কেমেৰা দেখি বৰ লাজ লাগিল সুৰাপায়ী গ্ৰাহকৰ। সেয়েহে মূৰতো তললৈ কৰি কেমেৰাৰ ফালে পিছফাল দেখুৱাই শাৰীত থিয় দিলে এইসকল সুৰাপায়ী গ্ৰাহক।

প্ৰশ্ন হয়, মদ খোৱাটো জানো অপৰাধ হ’ব পাৰে?

ইপিনে, আপুনি হয়তো ন’ মাস্ক ন’ পেট্ৰ’ল বুলি তেল ডিপোসমূহত দেখিছে। পিছে এইবাৰ মহানগৰীৰ এখন বিশেষ ৱাইন শ্বপে লৈছে এই পদক্ষেপ। উলুবাৰীস্থিত এইছ.ডি ৱাইন শ্বপৰ স্বত্তাধিকাৰীয়ে মাস্ক পৰিধান কৰি নহা সুৰপাপায়ী গ্ৰাহকক ওভটাই পঠালে ৱাইন শ্বপৰ পৰা।

উল্লেখযোগ্য যে, আজিৰে পৰা পুৱা ১১ বজাৰ পৰা বিয়লি ৫ বজালৈকে ৰাজ্যৰ ৱাইনশ্বপসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd