• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

শীতকালত এইসমূহ শাক খোৱাৰ উপকাৰিতা জানিলে আপুনিও আচৰিত হ’ব!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2026 6:50 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীতকালৰ আগমনৰ লগে লগে আমাৰ শৰীৰক অতিৰিক্ত যত্নৰ প্ৰয়োজন হয়। এই সময়ছোৱাত চৰ্দি, কাহ বা শাৰীৰিক দুৰ্বলতাৰ দৰে সমস্যাবোৰ তেনেই সাধাৰণ কথা হৈ পৰে। সুস্বাস্থ্যৰ বাবে সঠিক খাদ্যাভ্যাসৰ অত্যন্ত প্ৰয়োজন; সেয়েহে আমাৰ খাদ্য তালিকাত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। এই শাক-পাচলিবোৰে আমাৰ ৰুচি বৃদ্ধি কৰাই নহয়, আমাৰ শৰীৰটোক ভিতৰৰ পৰা শক্তিশালী, উষ্ণ আৰু সুস্থ কৰি ৰখাতো সহায় কৰে। বিশেষকৈ শীতকালত অসমত উপলব্ধ কিছুমান সেউজীয়া শাক পুষ্টিকৰ হোৱাৰ লগতে আমাৰ শৰীৰৰ শক্তি বৃদ্ধি কৰে।

আমাৰ জ্যেষ্ঠসকলে সদায় শৰীৰৰ উপকাৰৰ বাবে শাক-পাচলি খোৱাৰ পৰামৰ্শ দিয়ে। বৰ্তমান বজাৰত বিভিন্ন সেউজীয়া শাক-পাচলি সহজলভ্য হৈ পৰিছে। বহুলোকে নিজৰ বাৰীতেই ভিন্ন শাক-পাচলিৰ খেতি কৰে। জ্যেষ্ঠজনৰ পৰামৰ্শৰ পিছতো বহুতে শাক খাবলৈ অনিচ্ছা প্ৰকাশ কৰা দেখা যায়, কিন্তু এইসমূহৰ ঔষধি গুণৰ বিষয়ে জানিলে আপুনি কেতিয়াও এনে ভুল নকৰে।

Apply Now

আমাৰ অসমত এনে বহু শাক আছে যিবোৰ স্বাস্থ্যৰ বাবে মহৌষধসদৃশ। মৌমাখিয়ে যিদৰে নানা উৎসৰ পৰা ৰস আহৰণ কৰি ‘অমৃতসম’ মৌ তৈয়াৰ কৰে, ঠিক তেনেদৰে বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ এইসমূহ শাকৰ আঞ্জা আমাৰ শৰীৰৰ বাবে অমৃততুল্য। আইৰণ আৰু ভিটামিনৰ পৰা আৰম্ভ কৰি এণ্টিঅক্সিডেণ্টলৈকে বহু পুষ্টিকৰ উপাদান এই শাকবোৰত প্ৰচুৰ পৰিমাণে পোৱা যায়।

আহক জানো এই শীতকালত আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা কেইবিধমান সেউজীয়া শাকৰ বিষয়ে:

১/ পালেং শাক

পালেঙত অতি কম কেলৰি থাকে যদিও ই প্ৰটিন, কাৰ্ব, ফাইবাৰ, ফলিক এচিড আৰু কেলচিয়ামৰ এক উৎকৃষ্ট উৎস। ইয়াৰ উপৰিও ই আইৰণৰ এক অন্যতম উৎস। পালেঙত ভিটামিন চি আৰু ভিটামিন কে প্ৰচুৰ পৰিমাণে থাকে। ইয়াত উপলব্ধ এণ্টিঅক্সিডেণ্টসমূহে অক্সিডেটিভ চাপ (Oxidative stress) হ্ৰাস কৰে। পালেঙত থকা জিএক্সান্থিন আৰু লুটিন চকুৰ বাবে উপকাৰী। তদুপৰি, ৰক্তচাপ নিয়ন্ত্ৰণতো পালেং অতি সহায়ক।

২/ মেথি শাক

মেথি শাকত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। ইয়াৰ উপৰিও ইয়াত ভিটামিন এ, বি৬, কে আৰু খনিজ পদাৰ্থ যেনে— আইৰণ, পটাছিয়াম আৰু কেলচিয়াম থাকে। মেথি শাকে তেজৰ চেনি (Blood Sugar) নিয়ন্ত্ৰণত সহায় কৰে। মেথিত ফাইবাৰৰ পৰিমাণ অধিক হোৱাৰ বাবে হজম শক্তি উন্নত হয় আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয়। মেথিত থকা আইৰণে হিম’গ্লবিন বৃদ্ধিত সহায় কৰে। গাঁঠিৰ বিষৰ সমস্যা থকা লোকৰ বাবে মেথি শাক খোৱাটো অতি উপকাৰী।

৩/ জিলমিল শাক

জিলমিল শাকত যথেষ্ট পৰিমাণে ভিটামিন এ, চি, কে, কেলচিয়াম, আইৰণ আৰু ফাইবাৰ থাকে। জিলমিল শাকে হাড় শক্তিশালী কৰে, ওজন নিয়ন্ত্ৰণত সহায় কৰে আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। আইৰণৰ পৰিমাণ অধিক হোৱাৰ বাবে ই তেজ বিশুদ্ধ কৰাতো সহায় কৰে।

৪/ লাই শাক

লাই শাকত ভিটামিন এ, চি, ই, কে আৰু কেলচিয়ামৰ দৰে পুষ্টিকৰ উপাদান থাকে। লাই শাকে হজম শক্তি বৃদ্ধি কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। হৃদৰোগীৰ বাবেও লাই শাক অতি উপকাৰী বুলি গণ্য কৰা হয়।

৫/ মৰিচা শাক

মৰিচাত যথেষ্ট পৰিমাণৰ ভিটামিন, কেলচিয়াম, মেগনেছিয়াম আৰু প্ৰটিন থাকে। মৰিচা খালে চকুৰ দৃষ্টিশক্তি উন্নত হয়। ই হাড় মজবুত কৰে আৰু ৰক্ত সঞ্চালন প্ৰক্ৰিয়া উন্নত কৰাত সহায় কৰে। ওজন হ্ৰাস কৰিব বিচৰা লোকৰ বাবে মৰিচা এবিধ শ্ৰেষ্ঠ খাদ্য।

৬/ দোৰোণ বন

দোৰোণ বনৰ ঔষধি গুণ নহৰু, নেমুটেঙা বা তুলসীতকৈ কোনো গুণে কম নহয়। ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবেও দোৰোণ ক্ষতিকাৰক নহয়। যিসকলে ইয়াৰ গোন্ধটো ভাল নাপায়, তেওঁলোকে পদিনা, মছন্দৰী, মধুসোলেং বা ঢেকীয়া শাকৰ লগত মিহলাই খাব পাৰে। দোৰোণৰ বিশিষ্ট গুণসমূহ হ’ল— ই বিষহাৰক, জ্বৰনাশক, এণ্টিফাংগেল (ভেঁকুৰ প্ৰতিৰোধী), এণ্টি-বেক্টেৰিয়েল আৰু কৃমিনাশক। লিভাৰৰ সমস্যা, কাহ আৰু ডায়েবেটিছৰ বাবেও দোৰোণ অতি উপকাৰী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm
নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm
নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd