• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত মহকুমা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , January 26, 2019 10:44 pm

2 min read

কলিয়াবৰত মহকুমা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন
543
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি কলিয়াবৰতো কলিয়াবৰ মহকুমা প্ৰশাসনে কুঁৱৰীলস্থিত গান্ধী খেলপথাৰত ৭০ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰে। গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে।

পুৱা ৯ বজাত গান্ধী খেলপথাৰত ৰাষ্ট্ৰীয় গণৰাজ্য দিৱসৰ পেৰেডৰ কাৰ্যসূচীত  অসম চৰকাৰৰ সামৰিক বাহিনীৰ দলৰ লগতে কলিয়াবৰ মহাবিদ্যালয়ৰ এন চি চি দল, কলিয়াবৰৰ কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ কেইবাটাও কুচকাৱাজৰ দলে পেৰেডত অংশ গ্ৰহণ কৰি মহকুমাধিপতিক উদ্দেশ্যে কৰি অভিবাদন জ্ঞাপন কৰে।

মহকুমাধিপতিগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত মহাত্মা গান্ধী, ভগৎ সিং, কনকলতা আদি বীৰ চহিদ সকলৰ আদৰ্শৰে উপস্থিত জোৱানসকলক আগবাঢ়ি জোৱাৰ বাবে কয়।

আনহাতে কলিয়াবৰ মুক্তিযুদ্ধাকে প্ৰমুখ্য কৰি কলিয়াবৰ মহকুমাৰ বিভিন্ন বিদ্যালয়সমূহৰ লগতে মহকুমাৰ বিভিন্ন ক্ষেত্ৰৰ চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান সমূহত সেৱা আগবঢ়াই অহা দক্ষ বিষয়াসকলক নিৰ্বাচন কৰি কলিয়াবৰ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।

গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি কলিয়াবৰ মহকুমাপ্ৰশাসন, কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু কলিয়াবৰ গড়কাপ্তানী বিভাগে কাৰিকৰী ব্যৱস্থাৰে ঢলা শদিয়া দলং, বগীবিল দলং, ইটা ভাতাৰ শিশু শ্রমিকৰ শিক্ষা গ্ৰহণ, নিৰ্বাচন আয়োগৰ ই ভি এম শিক্ষাৰে উলিওৱা ৰেলীৰে দৰ্শক ৰাইজক অধিক মনোৰঞ্জন দিয়া পৰিলক্ষিত হয়। লগতে সাংস্কৃতিক বাৰেৰহনীয়া অনুষ্ঠানত কলিয়াবৰ বাগৰিস্থিত আৰক্ষীৰ ছাউনী সেনাৰ জোৱানে কৰা ভাংৰা নৃত্য আৰু ভূপেন দাৰ গীতৰ তালে তালে সৃষ্টি শিল নৃত্যকে ধৰি আৰু বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰে।

কলিয়াবৰ মহকুমা প্ৰশাসনে কলিয়াবৰৰ উলুৱনী, জখলাবন্ধা চিকিৎসালয় আৰু চিমনাস্থিত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত  থকা ৰোগী সকলৰ মাজত ফলমূল বিতৰণ কৰে। বিয়লি কলিয়াবৰ মহকুমা প্ৰশাসন বনাম কলিয়াবৰ প্ৰেছ একাদশৰ মাজত প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয় আৰু কলিয়াবৰ প্ৰেছ একাদশ জয়ী হয়।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd