ৰাজ্যজুৰি বিজয়া দশমীৰ আনন্দত ৰাজ্যবাসী মতলীয়া হোৱাৰ মাজতে ৰঙিয়াত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা।
ৰঙিয়াৰ উদিয়ানাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত নলবাৰী অভিমুখী এখন দ্ৰুতবেগী বাইকে মহতিয়ালে পথচাৰী মহিলাক। দুৰ্ঘটনাত থিতাতে নিহত হয় মহিলাগৰাকী।
নিহত মহিলাগৰাকীক উদিয়ানা গাঁৱৰ চলেমা বিবি (৫৫) বুলি চিনাক্ত কৰা হৈছে।
বিপৰীত দিশৰ পৰা অহা টেক্টৰৰ পৰা বাইক আৰোহীজনে নিজক বচাবলৈ চেষ্টা কৰাৰ পিছতে এই দুৰ্ঘটনা সংঘটিত হয় বুলি প্ৰত্যক্ষদৰ্শী সকলে মন্তব্য কৰে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বহু দূৰলৈ বাইকসহ আৰোহীজন চিটিকি পৰে। তাৰ পিছত পুনৰ বাইক লৈ নলবাৰী অভিমুখে পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা বাইক আৰোহীজনে।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী–প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় ৰাইজে।
স্থানীয় ৰাইজে অভিযোগ কৰে যে নৈৰ পৰা অবৈধভাৱে খনন চলাই কোনো ট্ৰেফিক আইন নমনাকৈ ওলাই আহে টেক্টৰসমূহে। যাৰ ফলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
তাৰ পিছতো ৰঙিয়া আৰক্ষীয়ে উদণ্ড টেক্টৰ চালকসকলক নাকী লগাব পৰা নাই বুলি ক্ষোভ উজাৰে ৰাইজে।