NORTHEAST NOW (Assamese)

মদৰ ৰাগীত ৰে’ল লাইনেৰে এক কিলোমিটাৰ গাড়ী চলালে মহিলাই, তাৰ পিছত কি হ’ল চাওঁক ভিডিঅ’

November 15, 2020 11:50 am · এন ই নাও নিউজ

মদৰ ৰাগীত বহুতেই বহু নকৰিবলগীয়া কামেই কৰে।

এই গৰাকী মহিলাই মদ খোৱাৰ পিছত এনে এক কাম কৰিলে যিটো কামে মহিলাগৰাকীৰ নিজৰ লগতে আনৰ জীৱনৰ প্ৰতিও ভাবুকি কঢ়িয়াই অনাৰ আশংকা বৃদ্ধি কৰিলে।

মদ্যপান কৰি হিতাহিত জ্ঞান হেৰুৱাই পোলোৱা মহিলা গৰাকীয়ে গাড়ী চলাই যাওঁতে পথ ভুল কৰি ৰাজপথ এৰি ৰে’ল লাইনেৰে চলাই নিলে নিজৰ গাড়ী খন।

প্ৰায় এক কিলোমিটাৰ পথ ৰে’ল লাইনেৰে গাড়ী চলাই নিয়াৰ পিছতো অৱশ্যে ঘটনাৰ তত ধৰিব পৰা নাছিল নিচাসক্ত মহিলা গৰাকীয়ে।

অৱশেষত যেনিবা গাড়ী খনৰ তিনিটাকৈ চকা ফুটি যোৱাৰ পিছত গাড়ী খন ৰে’ল লাইনতে নিজে নিজে ৰৈ যায়।

ঘটনাটো ঘটিছে স্পেইনৰ মালাগা চহৰত। মালাগা চহৰৰ মাজেৰে যোৱা ৰে’ল পথেৰেই মহিলাগৰাকীয়ে এক কিলোমিটাৰৰো বেছি পথ নিজৰ গাড়ী খন চলাই নিয়ে।

গাড়ী খনৰ চকা তিনিটা ফুটি গাড়ী খন ৰৈ যোৱাৰ পিছতহে ৰে’ল বিভাগৰ লোকে ঘটনাৰ বিষয়ে জানিব পাৰে।

লগে লগে বন্ধ কৰি দিয়া হয় সেই পথেৰে যাবলগীয়া সকলো ৰে’লৰ চলাচল।

আৰক্ষীয়ে ৰে’ল লাইনত পৰি ৰোৱা গাড়ী খনৰ পৰা নিচাসক্ত অৱস্থাত মহিলা গৰাকীক উদ্ধাৰ কৰে আৰু যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈ পৰে।

চিচিটিভিত বন্দী সমগ্ৰ দৃশ্য আৰক্ষীয়ে ৰাজহুৱা কৰিছে।

Related News