• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলা প্ৰদেশ কংগ্ৰেছে লাভ কৰিলে প্ৰতীক সম্বলিত পতাকা; উন্মোচন কৰিলে দলৰ জ্যেষ্ঠ নেতাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 15, 2018 7:42 pm
Woman Congress Assam

অমস মহিলা কংগ্ৰেছৰ ল'গ' উন্মোচনৰ দৃশ্য।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত ল’গ’ বা প্ৰতীক চিহ্ন তথা পতাকা উন্মোচনী অনুষ্ঠানত পতাকাখন উন্মোচন কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী শ্বেহনাজ হক চৌধুৰীয়ে।

উল্লেখ্য যে, মহিলা কংগ্ৰেছে ৩২ বছৰৰ পূৰ্বে আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰিছিল যদিও তেওঁলোকৰ এখন নিজাববীয়া পতাকা নাছিল। কিন্তু আজি মহিলা কংগ্ৰেছে নিজাববীয়াকৈ এখন পতাকা তথা প্ৰতীক চিহ্ন উন্মোচন কৰে।

Apply Now

উক্ত পতাকা উন্মোচনী কাৰ্য্যসূচীত প্ৰাক্তন মুখ্য মন্ত্ৰী ভূমিধৰ বৰ্মন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি শৰৎ বৰকটকীকে ধৰি মহিলা প্ৰদেশ কংগ্ৰেছৰ অন্যান্য বিষয় ববীয়াসকল উপস্থিত থাকে।

উন্মোচনী সভাত উপস্থিত থাকি প্ৰাক্তন মুখ্য মন্ত্ৰী ভূমিধৰ বৰ্মনে কয় যে মহিলাসকলে স্বাধীনতা দিৱসত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।গতিকে অনাগত দিনবোৰতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মহিলাসকলে কংগ্ৰেছ দলৰ হৈ নিষ্ঠাৰে কাম কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক জয়ী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও আশা প্ৰকাশ কৰে।

তেওঁ লগতে কয়, “ইন্দিৰা গান্ধীয়ে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ মহিলাৰ সন্মান পাইছিল। তেওঁৰ আদৰ্শ গ্ৰহণ কৰি সকলো মহিলাই নতুন উদ্যমেৰে কাম কৰি যাব লাগে।”

আনহাতে, সভাখনত ভাষণ প্ৰদান কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয় যে নতুন পতাকাৰ জৰিয়তে মহিলা কংগ্ৰেছে ন-ন পদক্ষেপ হাতত ৰাখি সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব।

তেওঁ লগতে কয় “ইন্দিৰা গান্ধী আৰু সৰোজিনী নাইডুকে মুখ্য কৰি অন্যান্য বহু মহিলাই স্বাধীনতা আন্দোলনৰ সময়ত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছিল আৰু বৰ্তমানেও মহিলাসকলে সমাজত বহু অবদান আগবঢ়াই আহিছে। মহিলাৰ সমাজৰ প্ৰতি অবদান স্বীকাৰ কৰিব লাগিব।”

আনহাতে, ‘বিজেপি দলৰ মহিলাসকলৰ প্ৰতি থকা দৃষ্টিভংগি বিজ্ঞানসন্মত নহয় বুলি’ দাবী কৰি তেওঁ কয় “বিজেপিয়ে এটা পুৰণিক’লীয়া মনোভাব লৈ আছে মহিলাসকলৰ প্ৰতি। তেওঁলোকৰ মতে মহিলাসকল ঘৰতেই থাকিব লাগে, সমাজলৈ আগুৱাই আহিব নালাগে। কিন্তু কংগ্ৰেছৰ সেইটো নীতি নাই।”

তেওঁ লগতে কয়, “কংগ্ৰেছে সকলো মহিলাকে সুযোগ-সুবিধা দিবলৈ বিচাৰে। গতিকে বৰ্তমান সময়ত মহিলা কংগ্ৰেছৰ যোগেদি মহিলাসকলে নিৰ্বাচনৰ সময়ত সক্ৰিয়তা দেখুৱাব লাগিব।”

আনহাতে, উক্ত সভাতে উপস্থিত থাকি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা জ্যেষ্ঠ নেতা শৰৎ বৰকটকীয়ে কয় যে শ্বেহনাজ হকৰ নেতৃত্বত অসমত মহিলা কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে। তেওঁ লগতে কয় যে মহিলা সমিতিৰ সভা সমিতি পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে।

আনহাতে, তেওঁৰ মতে ৰাহুল গান্ধীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতি বেছিকৈ গুৰুত্ব প্ৰদান কৰে বাবে সুস্মিতা দেবক অসমৰ হ’লেও মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদত অধিষ্ঠিত কৰিছে।

তদুপৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে উক্ত সভাতে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক সমালোচনা কৰি কয়, “বিজেপিয়ে কেৱল ঘোষণাৰ পাছত ঘোষণা কৰিছে, কামত একো নাই।”

আনহাতে, প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত মহিলা ওলাই আহি কংগ্ৰেছক জিকোৱাত সহায় কৰিব বুলিও আশা প্ৰকাশ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd