• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহিলা প্ৰদেশ কংগ্ৰেছে লাভ কৰিলে প্ৰতীক সম্বলিত পতাকা; উন্মোচন কৰিলে দলৰ জ্যেষ্ঠ নেতাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 15, 2018 7:42 pm
Woman Congress Assam

অমস মহিলা কংগ্ৰেছৰ ল'গ' উন্মোচনৰ দৃশ্য।

351
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত ল’গ’ বা প্ৰতীক চিহ্ন তথা পতাকা উন্মোচনী অনুষ্ঠানত পতাকাখন উন্মোচন কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী শ্বেহনাজ হক চৌধুৰীয়ে।

উল্লেখ্য যে, মহিলা কংগ্ৰেছে ৩২ বছৰৰ পূৰ্বে আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰিছিল যদিও তেওঁলোকৰ এখন নিজাববীয়া পতাকা নাছিল। কিন্তু আজি মহিলা কংগ্ৰেছে নিজাববীয়াকৈ এখন পতাকা তথা প্ৰতীক চিহ্ন উন্মোচন কৰে।

উক্ত পতাকা উন্মোচনী কাৰ্য্যসূচীত প্ৰাক্তন মুখ্য মন্ত্ৰী ভূমিধৰ বৰ্মন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি শৰৎ বৰকটকীকে ধৰি মহিলা প্ৰদেশ কংগ্ৰেছৰ অন্যান্য বিষয় ববীয়াসকল উপস্থিত থাকে।

উন্মোচনী সভাত উপস্থিত থাকি প্ৰাক্তন মুখ্য মন্ত্ৰী ভূমিধৰ বৰ্মনে কয় যে মহিলাসকলে স্বাধীনতা দিৱসত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।গতিকে অনাগত দিনবোৰতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মহিলাসকলে কংগ্ৰেছ দলৰ হৈ নিষ্ঠাৰে কাম কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক জয়ী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও আশা প্ৰকাশ কৰে।

তেওঁ লগতে কয়, “ইন্দিৰা গান্ধীয়ে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ মহিলাৰ সন্মান পাইছিল। তেওঁৰ আদৰ্শ গ্ৰহণ কৰি সকলো মহিলাই নতুন উদ্যমেৰে কাম কৰি যাব লাগে।”

আনহাতে, সভাখনত ভাষণ প্ৰদান কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয় যে নতুন পতাকাৰ জৰিয়তে মহিলা কংগ্ৰেছে ন-ন পদক্ষেপ হাতত ৰাখি সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব।

তেওঁ লগতে কয় “ইন্দিৰা গান্ধী আৰু সৰোজিনী নাইডুকে মুখ্য কৰি অন্যান্য বহু মহিলাই স্বাধীনতা আন্দোলনৰ সময়ত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছিল আৰু বৰ্তমানেও মহিলাসকলে সমাজত বহু অবদান আগবঢ়াই আহিছে। মহিলাৰ সমাজৰ প্ৰতি অবদান স্বীকাৰ কৰিব লাগিব।”

আনহাতে, ‘বিজেপি দলৰ মহিলাসকলৰ প্ৰতি থকা দৃষ্টিভংগি বিজ্ঞানসন্মত নহয় বুলি’ দাবী কৰি তেওঁ কয় “বিজেপিয়ে এটা পুৰণিক’লীয়া মনোভাব লৈ আছে মহিলাসকলৰ প্ৰতি। তেওঁলোকৰ মতে মহিলাসকল ঘৰতেই থাকিব লাগে, সমাজলৈ আগুৱাই আহিব নালাগে। কিন্তু কংগ্ৰেছৰ সেইটো নীতি নাই।”

তেওঁ লগতে কয়, “কংগ্ৰেছে সকলো মহিলাকে সুযোগ-সুবিধা দিবলৈ বিচাৰে। গতিকে বৰ্তমান সময়ত মহিলা কংগ্ৰেছৰ যোগেদি মহিলাসকলে নিৰ্বাচনৰ সময়ত সক্ৰিয়তা দেখুৱাব লাগিব।”

আনহাতে, উক্ত সভাতে উপস্থিত থাকি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা জ্যেষ্ঠ নেতা শৰৎ বৰকটকীয়ে কয় যে শ্বেহনাজ হকৰ নেতৃত্বত অসমত মহিলা কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে। তেওঁ লগতে কয় যে মহিলা সমিতিৰ সভা সমিতি পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে।

আনহাতে, তেওঁৰ মতে ৰাহুল গান্ধীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতি বেছিকৈ গুৰুত্ব প্ৰদান কৰে বাবে সুস্মিতা দেবক অসমৰ হ’লেও মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদত অধিষ্ঠিত কৰিছে।

তদুপৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে উক্ত সভাতে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক সমালোচনা কৰি কয়, “বিজেপিয়ে কেৱল ঘোষণাৰ পাছত ঘোষণা কৰিছে, কামত একো নাই।”

আনহাতে, প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত মহিলা ওলাই আহি কংগ্ৰেছক জিকোৱাত সহায় কৰিব বুলিও আশা প্ৰকাশ কৰে।

Recent News

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd