• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মছজিদত লাউডস্পীকাৰ বিতৰ্ক: এইবাৰ মন্দিৰে মন্দিৰে লাউডস্পীকাৰ বিতৰণ বিজেপি নেতাৰ

কোনো কাৰণতে ৰাজ্যৰ শান্তি বিঘ্নিত কৰিবলৈ দিয়া নহ'ব: মহাৰাষ্ট্ৰৰ চৰকাৰৰ সকীয়নি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2022 12:42 pm
loudspeaker row
229
VIEWS
Share on FacebookShare on Twitter

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰ লৈ হিন্দুত্ববাদী নেতাই সৃষ্টি কৰা ৰাজনৈতিক বিতৰ্কই এইবাৰ নতুন মূৰ লৈছে। এইবাৰ বিজেপি নেতা মোহিত কম্বোজে হনুমান চালিচা বজাবলৈ মন্দিৰে-মন্দিৰে বিনামূলীয়াকৈ বিতৰণ কৰিছে লাউডস্পীকাৰ।

১৪ এপ্ৰিলত বিজেপি নেতাজনে মন্দিৰন্যাস আৰু স্বতন্ত্ৰ মন্দিৰসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰি কয় যে তেওঁ বিনামূলীয়া লাউডস্পীকাৰ ছেট বিতৰণ কৰিছে আৰু ন্যাসসমূহে হনুমান চালিচা আৰু দেৱ-দেৱীৰ অন্যান্য ভক্তিমূলক গীত বজাব লাগে।

“হিন্দুসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰা হৈছে আৰু আক্ৰমণ এতিয়াও চলি আছে। হিন্দু ধৰ্মৰ ওপৰত মানুহৰ বিশ্বাস বৃদ্ধি কৰাৰ বাবে মই সকলো মন্দিৰত লাউডস্পীকাৰ বিতৰণ কৰাৰ সিদ্ধান্ত লৈছো।”— বিজেপি নেতা কম্বোজে কয়।

“মন্দিৰৰ চৌহদত লাউডস্পীকাৰ স্থাপন কৰক আৰু দৈনিক ভিত্তিত হনুমান চালিচা আৰু দেৱ-দেৱীৰ ভক্তিমূলক গীত বজাওক।”- কম্বোজে লগতে কয়।

উল্লেখ্য যে কিছুদিন পূৰ্বে মছজিদসমূহত লাউডস্পীকাৰ ব্যৱহাৰ বন্ধ কৰিবলৈ দাবী জনাইছিল মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মুৰব্বী ৰাজ ঠাকৰেই।

ৰাজ ঠাকৰেৰ এই দাবীৰ পিছতে মছজিদত লাউডস্পীকাৰৰ ব্যৱহাৰৰ সমান্তৰালভাৱে মন্দিৰতো লাউডস্পীকাৰ ব্যৱহাৰৰ প্ৰস্তাৱ আগবঢ়াই এই বিনামূলীয়া বিতৰণৰ ব্যৱস্থা কৰিছে বিজেপি নেতাজনে।

ইফালে লাউডস্পীকাৰ বিতৰ্কৰ ৰাজনীতিৰ মাজতে ৰাজ্যখনৰ শান্তি আৰু স্বাভাৱিকতা ব্যাহত কৰিবলৈ কাকো অনুমতি দিয়া নহ’ব বুলি সকীয়াই দিছে মহাৰাষ্ট্ৰ চৰকাৰে।

মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী দিলীপ ৱালছে পাটিলে কয় যে আৰক্ষীয়ে এই সন্দৰ্ভত কঠোৰ নিৰীক্ষণ কৰি আছে।

“আমি বিষয়টো গুৰুত্বসহকাৰে লৈছো আৰু তীক্ষ্ণভাৱে চাই আছো। আৰক্ষী সতৰ্ক হৈ আছে। হনুমান জয়ন্তীৰ লগতে আন এটা উৎসৱৰো আয়োজন হ’বলৈ গৈ আছে। কাকো স্বাভাৱিক অৱস্থাৰ ব্যাঘাত জন্মাবলৈ অনুমতি দিয়া নহ’ব।”— পাটিলে কয়।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd