• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভোট দিবলৈ বংগলৈ গ’ল শ্ৰমিক, গুৰগাঁৱৰ বিলাসী এপাৰ্টমেণ্টত হাহাকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:50 am
134
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগৰ নিৰ্বাচনৰ প্ৰভাৱ এতিয়া ১৫০০ কিলোমিটাৰ দূৰৈৰ গুৰগাঁৱতো দেখিবলৈ পোৱা গৈছে। মিলেনিয়াম চিটি হিচাপে পৰিচিত গুৰগাঁৱৰ বিলাসী আৱাসিক কমপ্লেক্সসমূহত এতিয়া ঘৰুৱা শ্ৰমিকৰ তীব্ৰ নাটনি ঘটিছে। ঘৰৰ কাম-কাজ পৰিচালনা কৰা সৰহসংখ্যক শ্ৰমিকেই ভোটদানৰ বাবে নিজৰ ৰাজ্য পশ্চিম বংগলৈ উভতি যোৱাৰ ফলত এই অৱস্থাৰ সৃষ্টি হৈছে। শ্ৰমিকসকল গুচি যোৱাৰ লগে লগে এই এপাৰ্টমেণ্টবোৰত অস্থায়ী শ্ৰমিকৰ চাহিদাও অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে যদিও বিচাৰিলেই সহায় পোৱাটো অসম্ভৱ হৈ পৰিছে। ফলস্বৰূপে এতিয়া আৱাসীসকলে উপায়ন্তৰ হৈ নিজৰ ঘৰৰ সকলো কাম নিজেই কৰিবলগীয়া হৈছে। ঘৰ সৰা, মজিয়া মচা, কাপোৰ ধোৱা, বাচন-বৰ্তন চাফা কৰাৰ পৰা আৰম্ভ কৰি কাপোৰ ইস্ত্ৰী কৰালৈকে সকলো কাম এতিয়া তেওঁলোকে নিজেই কৰিছে। বিশেষকৈ চাকৰিয়াল দম্পতীসকলৰ বাবে পুৱা অফিচলৈ ওলোৱাৰ সময়ত ঘৰৰ কামবোৰ চম্ভালি লোৱাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে আৰু ঘৰত থকাসকলেও আজৰি সময়খিনি কেৱল ঘৰৰ কামতেই পাৰ কৰিবলগীয়া হৈছে।

গুৰগাঁৱৰ বিভিন্ন খণ্ডৰ আৱাসীসকলে এই সমস্যাৰ বাবে চৰম দুৰ্দশাত ভুগিছে। ১৫ নং খণ্ডৰ হোম এপাৰ্টমেণ্টৰ বাসিন্দাসকলে জানিবলৈ দিয়া মতে, একেলগে অফিচৰ কাম আৰু ঘৰৰ কাম চম্ভালিবলৈ গৈ তেওঁলোক সম্পূৰ্ণৰূপে ভাগৰি পৰিছে। কম সময়ৰ ভিতৰতে আন এজন অস্থায়ী ঘৰুৱা সহায়ক বিচাৰি উলিওৱাটো তেওঁলোকৰ বাবে কঠিন হৈ পৰিছে। একেদৰে ৩৭চি খণ্ডৰ ক‘ৰ‘না এপাৰ্টমেণ্টৰ এগৰাকী মহিলাই আক্ষেপ কৰি কয় যে তেওঁৰ ঘৰত কাম কৰা মানুহগৰাকী ভোট দিবলৈ কলকাতালৈ গৈছে আৰু কেতিয়া ঘূৰি আহিব তাৰ কোনো ঠিক নাই। আন এজন আৱাসীয়ে কয় যে তেওঁ বহু বিচাৰিও কোনো শ্ৰমিক পোৱা নাই আৰু ঘৰত লেতেৰা আৰু মলি গোট খাইছে। ৬৩ নং খণ্ডৰ অনন্ত ৰাজ এষ্টেটৰ বাসিন্দা বীনা গুপ্তাৰো একেই অৱস্থা। তেওঁ জনায় যে তেওঁলোকৰ ঘৰৰ কাম কৰা মহিলাগৰাকী বংগলৈ যোৱাৰ পিছত তেওঁলোকেও কোনো বিকল্প ব্যৱস্থা কৰিব পৰা নাই আৰু এতিয়া নিৰ্বাচন শেষ হোৱালৈকে আশাৰে অপেক্ষা কৰাৰ বাহিৰে আন কোনো পথ নাই। ইফালে ৪০ নং খণ্ডৰ আন এগৰাকী মহিলাই জনোৱা মতে, তেওঁৰ ঘৰুৱা শ্ৰমিকজন দহ দিনৰ আগতেই গুচি যোৱাৰ বাবে বাচন ধোৱা আৰু ঘৰ চাফা কৰা মানুহ নোহোৱাত তেওঁৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিছে।

Apply Now

বৰ্তমান গুৰগাঁৱৰ এই আৱাসীসকলে দিন গণিবলৈ আৰম্ভ কৰিছে। ২৩ এপ্ৰিল পাৰ হৈ যোৱাৰ পিছত, সুনিতা পাঞ্চল আৰু বীনা গুপ্তাৰ দৰে লোকসকলে এতিয়া কেৱল ২৯ এপ্ৰিলৰ দিনটোলৈ আগ্ৰহেৰে অপেক্ষা কৰিছে, কিয়নো সেই দিনটোতেই পশ্চিম বংগত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ‘ব। সুনিতা পাঞ্চলে জনোৱা মতে, তেওঁ ইতিমধ্যে নিজৰ ঘৰুৱা কৰ্মীগৰাকীৰ লগত ফোনযোগে কথা পাতিছে আৰু শ্ৰমিকগৰাকীয়ে ভোট দিয়াৰ পিছদিনাই ৰে‘ল ধৰিব বুলি প্ৰতিশ্ৰুতি দিছে। আন আৱাসীসকলেও নিজৰ শ্ৰমিকসকলৰ লগত নিৰন্তৰ যোগাযোগ ৰাখিছে আৰু তেওঁলোক যিমান পাৰি সোনকালে ঘূৰি অহাৰ আশাত কেলেণ্ডাৰলৈ চাই দিন পাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm
৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

September 1, 2026 5:39 pm
উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd