জিয়াজুৰি চাহ বাগিচাত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদত উত্তাল সমগ্ৰ পৰিবেশ

Workers protest at Jiajuri tea estate in Samaguri

নগাঁও জিলাৰ চাপানালাৰ জিয়াজুৰি চাহ বাগিচাত আজি চাহ শ্ৰমিক সকলে কেইবাটাও দাবীত প্ৰতিবাদ কৰি সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে৷

প্ৰায় পাঁচ শতাধিক চাহ শ্ৰমিকৰ সহ আটছাৰ নেতা-কৰ্মীয়ে  চাহ বাগিচাখনৰ কলঘৰৰ মূল প্ৰৱেশ দুৱাৰত বাগিছাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ধৰ্মঘট কৰাৰ লগতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

চাহ বাগিচাৰ কৰ্তৃপক্ষই স্থায়ী শ্ৰমিক নিয়োগৰ সংখ্যা ২১ জনলৈ হ্ৰাস কৰাৰ বিৰুদ্ধে শ্ৰমিক সকলে ক্ষোভ প্ৰকাশ কৰে।

প্ৰতিবাদকাৰী সকলে বাগিচাখনত ২১ জন স্থায়ী শ্ৰমিকৰ বিপৰীতে ১২৯ জন স্থায়ী শ্ৰমিকলৈ বৃদ্ধি কৰিব লাগে বুলি দাবী উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

অন্যথা পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰা হ’ব বুলি  চাহ শ্ৰমিক সকলে সকীয়নী প্ৰদান কৰে।

আনহাতে বৰ্তমানৰ চৰকাৰ খনৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধেও চাহ শ্ৰমিক সকলে ক্ষোভ প্ৰকাশ কৰাৰ লগতে চাহ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া দাবী সমূহ সমাধানৰ ক্ষেত্ৰত শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহন নকৰিলে আগন্তুক বিধান সভা নিৰ্বাচনত বাগিছাৰ এলেকাত কোনো ৰাজনৈতিক দলৰ নেতা-কৰ্মীক প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে৷

জিয়াজুৰি বাগিছা কৰ্তৃপক্ষই চাহ শ্ৰমিক সকলৰ দাবী সমূহ মানি নল’লে অনিৰ্দিষ্ট কালৰ বাবে চাহ শ্ৰমিক সকলে কৰ্ম বিৰতি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।