• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অখিলৰ বিৰুদ্ধে দিয়া উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ প্ৰশ্ন তুলিলে ৰাইজৰ দলে

সাহস আছে যদি বিজেপি চৰকাৰে অখিল গগৈক মুকলি কৰি দি নিৰ্বাচন খেলক : ভাস্ক’ডি শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 11, 2021 2:49 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গীতানগৰস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে দিয়া উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ প্ৰশ্ন তুলিলে ৰাইজৰ দলে।

ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ আৰু কল্যাণ ৰায় চুড়ানা বিচাৰপীঠে দিয়া ৰায়ৰ ওপৰত অস্তুষ্টি ব্যক্ত কৰে।

Apply Now

‘অখিল গগৈক লৈ দুজনীয়া বিচাৰপীঠে দিয়া ৰায় ত্ৰুটিপূৰ্ণ, বিলম্বিত আৰু পক্ষপাতদুষ্ট ৰায়। এই ৰায়ে আমাৰ লগতে অসমবাসীক অসন্তুষ্ট আৰু হতাশ কৰিছে।‘ শইকীয়াই এইদৰে সংবাদমেলত কয়।

ইপিনে, অখিল গগৈৰ গোচৰটোত গুৱাহাটীৰ NIA আদালতে অখিল গগৈসহ চাৰি মূল অভিযুক্তক ১৭ মাৰ্চ ২০২০ ত ‘ডিফল্ট’ জামিন প্ৰদান কৰিছিল বুলি উল্লেখ কৰি শইকীয়াই লগতে কয় ‘কিন্তু সেই জামিনৰ স্থগিতাদেশ বিচাৰি NIAই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু ৭ এপ্ৰিল ২০২০ত ন্যায়ালয়ে NIAৰ সপক্ষে জামিনত স্থগিতাদেশ জাৰি কৰিছিল। তদানীন্তন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বাই গোচৰটোত স্থগিতাদেশ দি ৰায় দিয়ে যে দহ দিনৰ ভিতৰত গোচৰটো সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠ নিযুক্তি দি তাৎক্ষণিক ৰায় দিব, কিয়নো বিষয়টোৰ লগত ব্যক্তি স্বাধীনতাৰ প্ৰশ্ন জড়িত হৈ আছে।‘

‘পিছে মুখ্য ন্যায়াধীশজনে যোৱা ২০ ছেপ্তেম্বৰ ২০২০ত অৱসৰ গ্ৰহণ কৰে আৰু অৱসৰ গ্ৰহণৰ পূৰ্বে ১৬৪ দিন বা ৫ মাহ ১৪ দিনৰ পাছত ১৭ ছেপ্তেম্বৰতহে সাংবিধানিক বিচাৰপীঠ গঠন কৰি গোচৰটো অভূতপূৰ্বভাৱে বিলম্ব কৰে। এইদৰে অখিল গগৈক দীঘলীয়াকৈ বন্দী কৰি ৰাখে। অখিল গগৈৰ অধিবক্তাই বাৰম্বা গোচৰটো ‘মেঞ্চন’ কৰাৰ পাছতো গোচৰটো ন্যায়ালয়ত উঠিবলৈ দিয়া নহ’ল।‘ শইকীয়াই সংবাদমেলত এইদৰে কয়।

আনহাতে, CRL.A./186/202 গোচৰটো একেটা ‘নিয়া’ গোচৰৰ জামিন বিচাৰি গুৱাহাটীৰ NIA আদালতত অখিল গগৈয়ে কৰা আবেদন নাকচ হোৱাৰ কাৰণে তৰা গোচৰ আছিল বুলি উল্লেখ কৰি শইকীয়াই লগতে কয় ‘যোৱা ১৩ জুলাই, ২০২০ত NIA আদালতে অখিল গগৈৰ জামিন নাকচ কৰিছিল। সেই বাবে গগৈৰ অধিবক্তাই গুৱাহাটী উচ্চ, ন্যায়ালয়ত আপীল আবেদন জনায়। এই আবেদনো সময়মতে বিচাৰ কৰা হোৱা নাছিল যাৰ বাবে আইন অনুসৰি যোৱা ২৬ ডিচেম্বৰতে গোচৰটোৰ ৰায় প্ৰদান কৰিব লাগিছিল যদিও ৭ জানুৱাৰীতহে ৰায় প্ৰদান কৰে আৰু অখিল গগৈৰ জামিন আবেদন নাকচ কৰে।

ইপিনে, এনে বহু কিছু আঁসোৱাহ অখিল গগৈৰ ৰায়দানত ৰৈ যোৱা বুলি দাবী কৰি শইকীয়াই লগতে কয় ‘আদালতত অখিল গগৈৰ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰিছিল যে অভিযুক্ত ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰক যিহেতু একে কেইটা গোচৰৰ ধাৰাত বা একেই অভিযোগত জামিন প্ৰদান কৰা হৈছে সেয়েহে ‘সাদৃশ্যতাৰ ভিত্তিত’ অখিল গগৈকো আদালতে জামিন দিব লাগে। কিন্তু আশ্বৰ্যজনকভাৱে আদালতৰ ৰায়টোত সেই ক্ষেত্ৰত পেৰাগ্ৰাফ চাৰিত(পৃষ্ঠা ৪)ত কোৱা হৈছে যে আন তিনিজন অভিযুক্তও এতিয়া পৰ্যন্ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ন্যায়িক জিম্মাত আছে। ব্যক্তিগত স্বাধীনতাৰ এটা বিষয়ত উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশৰ এনে দৃষ্টিকটু ত্ৰুটি সঁচাকৈয়ে অতি তাৎপৰ্যপূৰ্ণ।‘

ইপিনে, অখিল গগৈৰ ক্ষেত্ৰত দেখুওৱা দুজন ৰাজসাক্ষী বৰ্তমানো ৰহস্যজনকভাৱে গোপনীয়কৈ ৰখা হৈছে বুলি শইকীয়াই দাবী কৰি লগতে কয় ‘প্ৰথমজন ৰাজসাক্ষীয়ে দিল্লীৰ আদালতত কৈছে যে তেওঁক অখিল গগৈয়ে মাওবাদী শিবিৰলৈ পঠিয়াইছিল কিন্তু শিবিৰৰ পৰা ঘুৰি আহি অখিলক সাক্ষাৎ কৰাত গগৈয়ে কয় যে অসমত মাওবাদী পদ্ধতিৰে কাম নহ’ব। দুয়োজন গুপ্ত ৰাজসাক্ষী যেতিয়া ‘মাওবাদী শিবিৰলৈ গৈছিল’’ বুলি উল্লেখ কৰিছিল সেই সময়খিনিত চিপিআই(মাওবাগদী) দল ভাৰত চৰকাৰৰ নিষিদ্ধ সংগঠনেই নাছিল। ২০০৯ চনৰ ২৬ জুনতহে এই সশস্ত্ৰ সংগঠনক নিষিদ্ধ ঘোষণা কৰা হৈছিল।‘

‘আটাইতকৈ ডাঙৰ কথা, এই গুপ্তসাক্ষী দুজনৰ বক্তব্যৰ বাহিৰে অখিল গগৈৰ বিৰুদ্ধে মাওবাদীৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে যোগাযোগ থকাৰ সামান্যতম তথ্য প্ৰমাণো NIAৰ চাৰ্জশ্বীটত নাই।‘ শইকীয়াই লগতে কয়।

আনহাতে, উক্ত সংবাদমেলৰ জৰিয়তে শইকীয়াই ‘সাহস আছে যদি বিজেপি চৰকাৰে অখিল গগৈক মুকলি কৰি দি নিৰ্বাচন খেলিবলৈ’ প্ৰত্যাহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd