NORTHEAST NOW (Assamese)

তামুলপুৰৰ কুমাৰীকাটাত বিশ্ব এইডছ দিৱস পালন : সজাগতা সমদলৰ আয়োজন

December 2, 2018 4:16 pm · দীপক কুমাৰ পাঠক

সমগ্ৰ দেশৰ লগতে  বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ অন্তৰ্গত  কুমাৰীকাটাতো ১ ডিচেম্বৰ শনিবাৰে ৩৮  সংখ্যক বিশ্ব এইডছ দিৱস পালন কৰা হয়। বেচৰকাৰী সংস্থা নৱোদয় ফাউনণ্ডেশ্যন, সম্ভাৱনা, আৰু নাগ্ৰিজুলি উন্নয়ন সমিতিৰ দ্বাৰা আয়োজন কৰা বিশ্ব এইডছ উপলক্ষে  এটা সজাগতা সমদল উলিওৱা হয়।

তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে উদ্বোধন কৰা সমদলটো ৰাইজিং ষ্টাৰ একাডেমি  স্কুলৰ পৰা আৰম্ভ কৰি কুমাৰীকাটা স্বাস্থ্যকেন্দ্ৰত সমাপ্ত কৰা হয়। দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ  বিজিৎ গৌৰা নাৰ্জাৰীসহ দুই শতাধিক ছাত্ৰ-ছাত্ৰী, পুৰুষ-মহিলাই এই সমদলত যোগদান কৰে।

সজাগতা সমদলৰ শেষত এখন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাত কুমাৰীকাটা স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্য বিষয়া অৰিন্দম কলিতা, সম্ভাৱনা সংস্থাৰ সভাপতি মীৰজান আলী, ৰাইজিং ষ্টাৰ একাডেমিৰ অধ্যক্ষ ঘনশ্যাম দাসসহ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সভাত স্বাস্থ্য বিষয়া অৰবিন্দ কলিতাই  এইডছ্ ৰোগ কিদৰে বিয়পে, ইয়াৰ প্ৰতিকাৰ,  সম্পৰ্কে আৰু  এইডছৰ বিষয়ে কেনেদৰে সজাগতাৰ সৃষ্টি কৰিব পাৰি সেই বিষয়ে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

Related News