DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম বিজেপি মুখপাত্ৰ মাৰ্ঘেৰিটাৰ মতে কংগ্ৰেছ তত্ত্বাৱধায়ক ৰাৱত “মহা দুৰ্নীতিপৰায়ণ”

বিজেপিৰ হাতত কেলেংকাৰিৰ তথ্য আছে, গতিকে সেইবোৰ ৰাজহুৱা কৰি তদন্তৰ ব্যৱস্থা কৰক: কংগ্ৰেছ মুখপাত্ৰ মুকুল শৰ্মা।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 2, 2018 5:21 pm
BJP spoke person Pabitra Margherita addressing press conference at BJP party office in Guwahati on 02-12-18. Pix BY UB photos

পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল। ছবি- ইউ বি।

382
VIEWS
Share on FacebookShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হৰিশ ৰাৱতক “মহা দুৰ্নীতিপৰায়ণ”ৰূপে অভিহিত কৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই।

মাৰ্ঘেৰিটাৰ মতে অসমৰ “দুৰ্নীতিপৰায়ণ” কংগ্ৰেছ নেতাসকলক নিয়ন্ত্ৰণ কৰিবলৈ দায়িত্ব দিয়া হৈছে “মহা দুৰ্নীতিপৰায়ণ” ৰাৱতক।

‘‘তিহাৰ জে’লৰ পৰা গঁড় হত্যালৈকে বিভিন্ন অভিজ্ঞতাৰে মহিমামণ্ডিত কংগ্ৰেছী নেতাসকলক যিকোনো লোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সেই কথা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই জানে। কংগ্ৰেছৰ দুৰ্নীতি পৰায়ণ নেতাসকলক নিয়ন্ত্ৰণ কৰিবৰ বাবে মহা দুৰ্নীতিপৰায়ণ এগৰাকী ব্যক্তিক অসমৰ তত্বাৱধায়কৰ দায়িত্ব দিছে,” দেওবাৰে সংবাদমেলত এই মন্তব্য মাৰ্ঘেৰিটাৰ। অৱশ্যে নিজৰ দল বিজেপিটো যে তিহাৰ ফেৰৎ শীৰ্ষ নেতা আছে সেই কথা তেওঁ সংবাদমেলত উল্লেখ কৰা নাছিল।

বিৰোধী কংগ্ৰেছক ব্যক্তিগত লিমিটেড কোম্পানিৰ লগত তুলনা কৰি মাৰ্ঘেৰিটাই ৰাৱতক সেই কোম্পানিৰ চি ই অ’ অৰ্থাৎ কৰাপছন এক্সিকিউটিভ অফিচাৰ ৰূপে অভিহিত কৰিছে।

তেওঁ লগতে কয় যে ইন্টাৰনেটত ‘‘ষ্টিং অপাৰেশ্বন অন হৰিশ ৰাৱাত’’ চাৰ্চ কৰিলেই তেওঁ কৰা হৰ্ছ ট্ৰেডিঙৰ কথা পোৱা যায়। উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী কেইবাটাও কেলেংকাৰিত জৰিত থকাৰ উদাহৰণো দিছে মাৰ্ঘেৰিটাই।

‘‘৩০০ কোটি টকাতকৈও অধিক এন এইচ্ছ ৭৪ কেলেংকাৰি য’ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটিৰ মূল্য ২০ গুণ পৰ্য্যন্ত বঢ়াই দিছিল হৰিশ ৰাৱাত চৰকাৰে। সেই কেলেংকাৰি পোহৰলৈ অহাৰ পাছত তেওঁৰ চৰকাৰৰ বহু আমোলা বিষয়া এতিয়া কাৰাগাৰত আছে,” মন্তব্য মাৰ্ঘেৰিটাৰ।

পিছে ৰাৱাতৰ বিৰুদ্ধে মাৰ্ঘেৰিটাই অনা প্ৰত্যেকটো অভিযোগৰ “আদৰণি” জনাই কংগ্ৰেছ মুখপাত্ৰ শৰ্মাই শাসকীয় বিজেপিক সেই কেলেংকাৰিসমূহৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে।

আসন্ন পঞ্চায়ত নিৰ্বাচনত পৰাজয়ৰ ভয়ত “দিক বিদিক হেৰুৱাই” বিজেপি নেতাই এনে মন্তব্য কৰিছে বুলি দাবী কৰি কংগ্ৰেছ মুখপাত্ৰজনে কয়, ‘‘বিজেপিৰ হাতত কেলেংকাৰিৰ তথ্য আছে, গতিকে সেইবোৰ ৰাজহুৱা কৰি তদন্তৰ ব্যৱস্থা কৰক।”

তত্বাৱধায়ক ৰাৱতক উত্তৰাখণ্ডৰ “আটাইতকৈ নিকা মুখ্য মন্ত্ৰী” আছিল বুলিহে দাবী কৰিছে মুকুল শৰ্মাই।

Recent News

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd