কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন; অৱসৰ প্ৰাপ্ত আৰু কৰ্মৰত হাতী মাউট আৰু ঘাঁচিক সম্বৰ্ধনা

বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লগতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বিশ্ব হস্তী দিৱস উদযাপন কৰা হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন প্ৰকৃতি সংগঠনৰ সহযোগত কহঁৰাৰ মিহিমুখত পুৱাতে বিভাগীয় হাতীৰ স্নান আাৰু গণেশ পূজাৰে হস্তী দিৱসৰ কাৰ্যসুচী আৰম্ভ কৰা হয়৷ 

গনেশ পূজাৰ প্ৰসাদ বিতৰণৰ পিচতেই হস্তী দিৱসৰ আমন্ত্ৰিত অতিথি সকলে বিভাগীয় হাতীক খাদ্য প্ৰদান কৰে ৷ এই কাৰ্যসুচীত বন বিষয়া প্ৰয়াত টংকেশ্বৰ মহন্তৰ পৰিয়ালৰ তৰফৰ পৰাও বিভাগীয় হাতীৰ বাবে খাদ্য আগবঢ়ায় ৷ ইয়াৰ লগে লগে বিভাগীয় প্ৰতিটো হাতীৰ স্বাস্থ্যও পৰীক্ষা কৰা হয় ৷

লগতে পঢ়ক: Raju Srivastava: মুখত হাঁহি বিৰিঙাবলৈ আইচিইউত ব্যস্ত চিকিৎসক! কেনে আছে ৰাজু শ্ৰীবাস্তৱ?

পৰৱৰ্তী সময়ত অনুষ্ঠিত হোৱা হস্তী দিৱসৰ মূল কাৰ্যসুচীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, কাজিৰঙাৰ জেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মা, বন বিভাগৰ পশু চিকিৎসক ডা৹ কৰুণাকান্ত ডেকা, জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলী, জেষ্ঠ সাংবাদিক স্বপন নাথ, জীপ চাফাৰী সন্থাৰ সভাপতি তুলসী বৰদলৈ, হুকুমা বিল প্ৰতিৰক্ষা আৰু উন্নয়ন সমিতিৰ সভাপতি কমল গগৈৰ লগতে সহকাৰী বন সংৰক্ষক, বনাঞ্চলিক বিষয়া সকলৰ লগতে বিভাগীয় হাতী মাউট সকলেও অংশ গ্ৰহণ কৰে ৷

এই অনুষ্ঠানতে কাজিৰঙাৰ পৰা অৱসৰ গ্ৰহণ কৰা ১১ গৰাকী হাতীৰ মাউট আৰু ৯৫ গৰাকী কৰ্মৰত হাতীৰ মাউট আৰু ঘাঁচিক উদ্যান কৰ্তৃপক্ষৰ ফালৰ পৰা সম্বৰ্ধনা আৰু পাৰিতোষিক প্ৰদান কৰা হয় ৷

ইয়াৰ পিছতেই হাতীৰ মাউটৰে সৈতে মতবিনিময় শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানটো গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাৰ লগকে পশু চিকিৎসক ডা৹ কৰুণাকান্ত ডেকা আৰু ডা৹ চামচুল আলীয়ে আঁত ধৰি হাতী মাউটৰে সৈতে মত বিনিময় কৰে ৷

লগতে পঢ়ক: Allu Arjun: দৈনিক ১০ কোটি টকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে আল্লু অৰ্জুনে; কাৰণটো কি জানেনে?

শেষত কহঁৰাৰ শতবৰ্ষ সমাৰোহ কেন্দ্ৰত আয়োজিত ক’ভিড ১৯ ৰ বুষ্টাৰ প্ৰতিষেধক প্ৰদান অনুষ্ঠানেৰে কাজিৰঙাৰ বিশ্ব হস্তী দিৱসৰ সামৰণী মৰা হয় ৷