DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধানসভাত দিয়া চিৰিয়াখানাৰ জীৱ-জন্তুৰ সংখ্যাৰ তথ্যত বিসংগতি আছে : চিৰিয়াখানা সুৰক্ষা মঞ্চ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 29, 2018 10:45 pm
Assam-Assembly-Report

অসম বিধান সভা। ফাইল ছবি।

268
VIEWS
Share on FacebookShare on Twitter

অসম ৰাজ্যিক চিৰিয়াখানাত বৰ্তমান কিমানখিনি জীৱ-জন্তু আছে, তাৰ সঠিক তথ্য বৰ্তমানলৈকে দিব নোৱৰা এক অভিযোগ উঠিছে। এই অভিযোগ আনিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই।

এই সম্পৰ্কত আজি চিৰিয়াখানাৰ কাষতে থকা চিৰিয়াখানা সুৰক্ষা মঞ্চৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি পুনৰবাৰ চিৰিয়াখানা কৰ্তৃপক্ষ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে চিৰিয়াখানা সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্য।

উক্ত সংবাদমেলত তেওঁ কয়, “আৰ টি আই তথ্য মতে ২০১৭ চনৰ ১ ছেপ্তেম্বৰলৈকে চিৰিয়াখানাৰ জীৱ-জন্তুৰ সংখ্যা আছিল ১২২৩টা। তাৰ বিপৰীতে ইণ্টাৰনেটত এই সংখ্যা ৮৯৫টা বুলি উল্লেখ আছে।”

আনহাতে, চিৰিয়াখানা কৰ্তৃপক্ষই  দিয়ামতে বন মন্ত্ৰীয়ে বিধানসভাত দাখিল কৰা তথ্য অনুসৰি ২০১৭ চনৰ ১ ছেপ্তেম্বৰলৈকে ১১২৯টা আৰু ৩১আগষ্ট ২০১৮ত ১২০৪ টা জীৱ-জন্তু আছে। চিৰিয়াখানা সুৰক্ষা মঞ্চই এই কথা সংবাদমেলত জনায়।

ইয়াৰোপৰি, চিৰিয়াখানা কৰ্তৃপক্ষৰ ‘আৰ টি আই আৱেদনৰ উত্তৰত দিয়া তথ্য শুদ্ধ নে, ইণ্টাৰনেট অথবা বিধানসভাত দাখিল কৰা তথ্য সত্য?’ এইবুলি ৰাজকুমাৰ বৈশ্যই সংবাদমেলত প্ৰশ্ন কৰে।

উক্ত সংবাদমেলত ‘জাতি-মাটি-ভেটি’ৰ কথা কোৱা পৰিৱৰ্তনকামী চৰকাৰখন বহিৰাগত এটা লবীৰ দ্বাৰা পৰিচালিত হৈ আছে বুলি অভিযোগ কৰে বৈশ্যই।

তেওঁ লগতে কয়, “সঠিক তথ্য দিব নোৱাৰা উক্ত বহিৰাগত লবীয়ে ১৭৫ হেক্টৰ ভূমি বহিৰাগত এটা লবীৰ হাতত গতাব বিচাৰি আছে।”

আনহাতে, চলিত বৰ্ষৰ এপ্ৰিল মাহত অনুষ্ঠিত বিধান সভাৰ অধিৱেশনত চিৰিয়াখানাত সংঘটিত কেলেংকাৰিৰ তদন্তৰ দায়িত্ব অতিৰিক্ত মুখ্য সচিবক দিয়া হৈছিল বুলি দাবী কৰি বৈশ্যই লগতে প্ৰশ্ন কৰে, “তাৰ পৰিৱৰ্তে পুনৰ বন সংৰক্ষক এগৰাকীক অৰ্পণ কৰাৰ ৰহস্য কি?”

ইয়াৰোপৰি চলিত বিধান সভাৰ শীতকালীন অধিবেশনত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক বাদ কৰি অন্য ১২৫গৰাকী বিধায়কে চিৰিয়াখানাৰ প্ৰসংগ উত্থাপন নকৰা কথাটো ৰহস্যজনক বুলি সন্দেহ প্ৰকাশ কৰি বৈশ্যই কয়, “বাকী বিধায়কসকলে চিৰিয়াখানাখনক জাতীয় সম্পদ বুলি নাভাবে। হয়তো তেওঁলোকে ১৭৫ হেক্টৰ মাটিৰ ভাগ আশা কৰি আছে।”

 

Recent News

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ!

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd