• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

অনবদ্য যশস্বী: সেহৱাগক অতিক্ৰমি ৰচিলে অনন্য অভিলেখ, ঈৰ্ষণীয় কৃতিত্ব অৰ্জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2024 8:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অব্যাহত আছে যশস্বীৰ যশস্যা। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ সাফল্যৰ দৌৰ অব্যাহত ৰাখি যুৱ তাৰকাগৰাকীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাতো যশস্বীৰ অনবদ্য প্ৰদৰ্শনে সকলোকে মোহিত কৰিছে।

ক্ৰমাগত দুখন মেচত দুটাকৈ দ্বিশতকীয় ইনিংছেৰে নৱ বেটিং চাঞ্চল্য হৈ পৰা যশস্বীয়ে চলি থকা শৃংখলাৰ চতুৰ্থখন মেচতো আন এক প্ৰশংসনীয় ইনিংছ খেলে। এই ইনিংছটোৰ সময়ত যশস্বীয়ে অৰ্জন কৰে কেইবাটাও ঈৰ্ষণীয় কৃতিত্ব।

Apply Now

যুৱ তাৰকাগৰাকীয়ে চলিত টেষ্টৰ দ্বিতীয়দিনা কালি ১১৭টা বলত ৮টা চাৰি আৰু এটা ছয়েৰে ৭৩ ৰাণ সংগ্ৰহ কৰে। এইদৰে তেওঁ সৰ্বাধিক ছয় কোবোৱা ভাৰতীয় বেটাৰৰ তালিকাত কেইবাগৰাকীও তাৰকাক অতিক্ৰম কৰে।

এইপৰ্যন্ত টেষ্ট কেৰিয়াৰত জয়ছোৱালে ২৬ টা ছয় কোবাইছে। এইদৰে তেওঁ ভাৰতীয় তাৰকা বিৰাট কোহলীৰ সৈতে সমতা স্থাপন কৰে।

আনহাতে তেওঁ ইতিমধ্যেই অতিক্ৰম কৰিছে কে এল ৰাহুল (২৪), যুৱৰাজ সিং (২২), ৰবি শাস্ত্ৰী (২২), মহিন্দৰ অমৰনাথ (২২), ৰাহুল দ্ৰাবিড় (২১), মহম্মদ আজহাৰুদ্দিন (১৯), মনছুৰ আলী খান পটাউদী (১৯), চেতেশ্বৰ পূজাৰা (১৬), গৌতম গম্ভীৰ (১০)ৰ দৰে তাৰকাক।

ভাৰতীয় খেলুৱৈৰ ক্ষেত্ৰত টেষ্টত সৰ্বাধিক ছয়ৰ ৰেকৰ্ড আছে বীৰেন্দ্ৰ ছেহৱাগৰ (৯০) নামত। অৱশ্যে জয়ছোৱালে চলিত বৰ্ষত মাত্ৰ পাঁচখন মেচত ২৩টা ছয় কোবাই ছেহৱাগৰ নামত থকা ভাৰতীয় বেটছমেনৰ দ্বাৰা এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ছয়ৰ অভিলেখ অতিক্ৰম কৰে।

টেষ্ট ক্ৰিকেটত সৰ্ব্বাধিক ছয় কোবোৱা শীৰ্ষ তিনিগৰাকী বেটাৰ হৈছে ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছ (১২৮), নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক ব্ৰেণ্ডন মেককালাম (১০৭) আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেন এডাম গিলক্ৰিষ্ট (১০০)।

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা শৃংখলাত জয়ছোৱালে এইপৰ্যন্ত চাৰিখন মেচৰ ৭ ইনিংছত ১০৩ গড়ে ৬১৮ ৰান সংগ্ৰহ কৰিছে। খেলিছে দুটাকৈ দ্বিশতকীয় অৰ্ধশতকীয় ইনিংছ। এইদৰে এটা টেষ্ট শৃংখলাত ৬০০ ৰাণ সংগ্ৰহ কৰা ভাৰতৰ পঞ্চমজন বেটাৰ ৰূপে পৰিগণিত হয় জয়ছোৱাল।

এই অভিজাত তালিকাত এতিয়া জয়ছোৱালে ভাৰতীয় বেটিঙৰ আনকেইগৰাকীমান মহাতাৰকা সুনীল গাভাস্কাৰ, বিৰাট কোহলী, ৰাহুল দ্ৰাবিড়ৰ লগতে দিলীপ চৰদেছাইৰ সৈতে একেলগে স্থান লাভ কৰিছে।

জয়ছোৱাল লগতে ইংলেণ্ডৰ বিৰুদ্ধে এটা টেষ্ট শৃংখলাত ৬০০ ৰাণ সংগ্ৰহ কৰা তৃতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে কোহলী আৰু দ্ৰাবিড়ৰ নামত আছিল এই কৃতিত্ব। জয়ছোৱালে কোহলীক অতিক্ৰমি এই তালিকাত শীৰ্ষস্থান লাভৰ বাবে আৰু মাত্ৰ ৩৮ ৰানৰ প্ৰয়োজন।

উল্লেখ্য যে, চলিত টেষ্টখনত ইংলেণ্ডে প্ৰথমে বেটিং কৰি জ’ ৰুটৰ শতক আৰু অ’লি ৰবিনছনৰ অৰ্ধশতকৰ সহায়ত প্ৰথম ইনিংছত ৩৫৩ ৰান সংগ্ৰহ কৰে। আনহাতে ভাৰতে দ্বিতীয় দিনৰ খেল সমাপ্তিলৈকে ৭ উইকেটত ২১৯ ৰাণ সংগ্ৰহ কৰিছে।

জয়ছোৱালে সৰ্বাধিক ৭৩ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে গিলৰ বেটৰ পৰা আহে ৩৮ ৰাণ। দিনটোৰ খেল সমাপ্তিৰ পৰলৈ ধ্ৰুৱ জুৰেল (৩০) আৰু কুলদীপ যাদৱ (১৭) ক্ৰীজত অপৰাজিত হৈ ৰয়। ইংলেণ্ডৰ প্ৰথম ইনিংছতকৈ ভাৰত এতিয়াও ১৩৪ ৰাণত পিছপৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd