• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

দিশহাৰা বাজবলঃ বৃ্হৎ জয়েৰে শৃংখলাত অগ্ৰগতি ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2024 6:30 pm
India vs England Yashasvi Jaiswal Ravindra Jadeja
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজকোটত শোচনীয়ভাৱে আত্মসমৰ্পণ কৰিছে বাজবল শৈলীয়ে। ভাৰতীয় বলিং আক্ৰমণৰ চমকৰ সমুখত, বিশেষকৈ ‘ৰাজকোটৰ ৰজা’ ৰবীন্দ্ৰ জাদেজাৰ তাণ্ডৱত বিধ্বস্ত ইংৰাজ বাহিনীয়ে ৪৩৪ ৰাণৰ বৃ্হৎ ব্যৱধানত পৰাজয় স্বীকাৰ কৰিছে।

যুৱ তাৰকা যশস্বী জয়ছোৱালৰ দুৰ্দান্ত দ্বিশতক আৰু শুভমন গিল, ছৰফৰাজ খানৰ অৰ্ধশতকীয় ইনিংছেৰে ভাৰতে ইংলেণ্ডৰ সমুখত বান্ধি দিছিল ৫৫৭ৰাণৰ বৃ্হৎ লক্ষ্য। পিছে এই লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডে মাত্ৰ ১২২ ৰাণতে ইনিংছ সামৰিবলৈ বাধ্য হয়।

Apply Now

উল্লেখ্য যে, টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিং কৰি অধিনায়ক ৰোহিত শৰ্মা আৰু ৰবীন্দ্ৰ জাদেজাৰ শতক, ছৰফৰাজৰ অৰ্ধশতক আৰু ধ্ৰুৱ জুৰেল, অশ্বিন, বুমৰাহৰ গুৰুত্বপূৰ্ণ অৱদানৰ সহায়ত সংৰহ কৰিছিল ৪৪৫ ৰাণ।

আনহাতে ইংলেণ্ডে বেন ডাকেটৰ প্ৰায় অকলশৰীয়া প্ৰচেষ্টাৰেই ৩১৯ ৰাণ সংৰহ কৰিছিল প্ৰথম ইনিংছত। ভাৰতে প্ৰথম ইনিংছত ১২৬ ৰাণৰ অগ্ৰগতি লাভ কৰাৰ পিছত দ্বিতীয় ইনিংছত প্ৰদৰ্শন কৰে বেটিং বিক্ৰম। দিশহাৰা হৈ পৰে ইংৰাজ বলিং আক্ৰমণ।

বিশেষকৈ শৃংখলাটোত দ্বিতীয়টো দ্বিশতক সংৰহ কৰা জয়ছোৱাল ইংলেণ্ডৰ বাবে হৈ পৰে মূৰৰ কামোৰণি স্বৰূপ। কালি ১০৪ ৰাণৰ ব্যক্তিগত স্ক’ৰত ৰিটায়াৰ্ড হাৰ্ট হোৱা জয়ছোৱালে আজি গিলৰ বিদায়ৰ পিছত বেটিং কৰিবলৈ আহি বিস্ফোৰক ৰূপ ধাৰণ কৰে।

মাত্ৰ ২৩৬ টা বলত ১৪ টা চাৰি আৰু ১২ টা ছয়েৰে ২১৪ ৰাণৰ বিধ্বংসী ইনিংছেৰে অপৰাজিত হৈ ৰয়। তেওঁৰ লগতে ছৰফৰাজেও ৭২ টা বলত ৬ টা চাৰি আৰু ৩ টা ছয়েৰে ৬৮ ৰাণ কৰি অপৰাজিত থাকে। আনহাতে কালিৰ অপৰাজিত বেটাৰ গিলে ৯১ ৰাণ কৰি দুৰ্ভাগ্যৱশতঃ ৰাণ আউট হয়।

এনে বেটিং বিক্ৰমৰ সুবাদত ভাৰতে ৪ উইকেটত ৪৩০ ৰাণত ইনিংছ ঘোষণা কৰে আৰু ইংলেণ্ডৰ সমুখত ৫৫৭ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। এই বৃ্হৎ লক্ষ্য আগত লৈ দ্বিতীয় ইনিংছ আৰম্ভ কৰা ইংলেণ্ডে সপ্তম অভাৰত প্ৰথমটো উজুটি খায়।

দলীয় স্ক’ৰ ১৫ত দলটোৰ হৈ প্ৰথম ইনিংছত বিস্ফোৰক ১৫৩ ৰাণৰ ইনিংছ খেলা ডাকেট ৰাণ আউট হয়। ইয়াৰ পিছতে খহনীয়াৰ সৃষ্টি হয় ইংলেণ্ডৰ বেটিং লাইন আপত। ভাৰতীয় বলাৰৰ সমুখত থৰকাছুটি হেৰুওৱা ইংলেণ্ডৰ মাত্ৰ ৫০ ৰাণতে ৭ টাকৈ উইকেটৰ পতন ঘটে।

অষ্টম উইকেটৰ যুটীত ফ’কছ্ আৰু হাৰ্টলীয়ে ৩২ ৰাণৰ যুটী বান্ধে যদিও জাদেজাই ফ’কছক বিদায় দি এই যুটী ভংগ কৰে। ইয়াৰ পাছতে অভিজ্ঞ স্পিনাৰ অশ্বিনে হাৰ্টলীক বিদায় দি জয় চমু চপায় আনে। উল্লেখ্য যে মেচৰ দ্বিতীয় দিনাই অশ্বিনে পাৰিবাৰিক স্বাস্থ্যজনিত সমস্যাৰ বাবে আধাতে দল এৰি দিছিল যদি আজি পুনৰ দলৰ হৈ খেলপথাৰত নামে।

শেষৰ ফালে টেইল এণ্ডাৰ বেটাৰ মাৰ্ক উডে মাত্ৰ ১৫ টা ৬ টা চাৰি আৰু ১টা ছয়েৰে ৩৩ ৰাণৰ মাৰমুখী ইনিংছ খেলিছিল যদিও জাদেজাই তেওঁক বিদায় দি ইনিংছটোত নিজৰ পাঁচ উইকেট সম্পূৰ্ণ কৰাৰ লগতে ভাৰতীয় দলৰ বাবে আকাংক্ষিত জয় কঢ়িয়াই আনে।

স্মৰ্তব্য যে, ৰাণৰ হিচাপত টেষ্ট ইতিহাসত ভাৰতৰ এয়া সৰ্ববৃ্হৎ জয়। ইয়াৰ পূৰ্বে ভাৰতৰ সৰ্ববৃ্হত জয়ৰ অভিলেখ আছিল নিউজিলেণ্ডৰ বিপক্ষে। ২০২১ চনত মুম্বাইত ভাৰতে সেইবাৰ ৩৭২ ৰাণৰ ব্যৱধানত জয়লাভ কৰিছিল। আনহাতে আজি ইংলেণ্ডে দলটোৰ দ্বিতীয় সৰ্বাধিক ব্যৱধানৰ পৰাজয়ৰ সন্মুখীন হয়।

প্ৰথম ইনিংছত অৰ্ধশতকীয় ইনিংছ আৰু মুঠ্ ৭ টা উইকেট দখল কৰি দলৰ জয়ত মুখ্য ভূমিকা লোৱা জাদেজা মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়। এই জয়েৰে ভাৰতে পাঁচখনীয়া মেচৰ শৃংখলাটোত ২-১ৰ অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ চতুৰ্থখন ২৩ ফেব্ৰুৱাৰীৰ পৰা ৰাঁচীত অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd