• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

২৭ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিব যোগী চৰকাৰে : ৰাজ্যজুৰি এছ এফ আইৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 16, 2025 3:47 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰ শিক্ষাখণ্ডত ডাঙৰ পৰিবৰ্তন হ’বলৈ ওলাইছে। ৰাজ্যৰ কমেও ২৭ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় পৰ্যায়ক্ৰমে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

প্ৰথম পৰ্যায়ত ‘মাৰ্জাৰ’ৰ নামত প্ৰায় ৫ হাজাৰ বিদ্যালয় বন্ধ কৰাৰ বাবে চৰকাৰী জাননী জাৰি কৰা হৈছে। বাওঁ ছাত্ৰ সংগঠন এছ এফ আইয়ে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

Apply Now

সোমবাৰে এই চৰকাৰী সিদ্ধান্তৰ প্ৰতিবাদত এছ এফ আইয়ে উত্তৰ প্ৰদেশৰ ৯ খন জিলাৰ বিভিন্ন স্থানত প্ৰতিবাদী সমদল, সমাৱেশ আৰু প্ৰতিনিধি কাৰ্যসূচী অনুষ্ঠিত কৰে। চুলতানপুৰ, এলাহাবাদ, চাহাৰনপুৰ, বাৰাণসী, কানপুৰ, লক্ষ্ণৌকে ধৰি কেইবাখনো জিলাত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই পদযাত্ৰাত অংশগ্ৰহণ কৰে। পদযাত্ৰাৰ অন্তত চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত জিলা দণ্ডাধীশৰ কাৰ্যালয়ত প্ৰতিনিধি দাখিল কৰা হয়।

চুলতানপুৰত অনুষ্ঠিত প্ৰতিবাদী সমদলৰ পৰা এছ এফ আই অল ইণ্ডিয়াৰ সভাপতি আদৰ্শ এম সাজীয়ে কয়, ‘এই সিদ্ধান্ত কেৱল প্ৰশাসনিক নহয়, ইয়াৰ ৰাজনৈতিক উদ্দেশ্য হৈছে দুখীয়া আৰু প্ৰান্তীয় লোকৰ শিক্ষাৰ অধিকাৰ কাঢ়ি লোৱা।

সাজীয়ে দাবী কৰে যে চৰকাৰী বিদ্যালয় বন্ধ কৰিলে ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয়লৈ যোৱাৰ দূৰত্ব আৰু খৰচ বৃদ্ধি পাব, যাৰ ফলত বহু ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰিব। তেওঁ কয়, ‘যি ৰাজ্যত বিজেপিৰ ‘ডাবল ইঞ্জিন’ চৰকাৰ আছে, তেনে ৰাজ্যত চৰকাৰী শিক্ষানুষ্ঠানক সৰ্বাধিক ধ্বংস কৰাৰ প্ৰৱণতা দেখা যায়। এই সিদ্ধান্তই ভৱিষ্যত প্ৰজন্মৰ শিক্ষাৰ অধিকাৰ কাঢ়ি নিব।”

ইতিমধ্যে চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। বাদী ট্যাব খান ছলেমানীৰ হৈ অধিবক্তা প্ৰদীপ যাদৱে আদালতত কয় যে, “১৬ জুনত উত্তৰ প্ৰদেশ চৰকাৰে জাৰি কৰা জাননী কাৰ্যকৰী হ’লে শ শ চৰকাৰী বিদ্যালয় বন্ধ হ’ব। ফলত লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব।”

তেওঁ আৰু কয় যে এই সিদ্ধান্ত ভাৰতৰ সংবিধানৰ ২১(ক) অনুচ্ছেদ অৰ্থাৎ ‘শিক্ষাৰ মৌলিক অধিকাৰ’ৰ স্পষ্ট উলংঘা। যদিও এলাহাবাদ উচ্চ ন্যায়ালয়ে এই গোচৰ খাৰিজ কৰিছিল, তথাপিও উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য কান্ত আৰু জয়মল্য বাগচিৰ বিচাৰপীঠে বিষয়টো গুৰুত্বসহকাৰে লৈ শুনানিৰ অনুমতি দিছে। এই সপ্তাহতে এই গোচৰৰ প্ৰথম শুনানি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

এই ঘটনাই ৰাজনৈতিক মহলৰ পৰাও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সোমবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে এক্সত পোষ্ট কৰি লিখিছে, “উত্তৰ প্ৰদেশ চৰকাৰে এই অমানৱীয় সিদ্ধান্তৰ জৰিয়তে দলিত, জনজাতি আৰু সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ অধিকাৰ কাঢ়ি লৈছে। একত্ৰীকৰণৰ নামত ৫ হাজাৰ বিদ্যালয় বন্ধ কৰা হৈছে। ২৭ হাজাৰ বিদ্যালয় বন্ধ কৰাৰ পৰিকল্পনা আছে।”

তেওঁ আৰু কয়, “ইউ পি এ চৰকাৰৰ দিনত সংবিধানত শিক্ষাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু প্ৰতিখন গাঁৱতে এখনকৈ বিদ্যালয় স্থাপনৰ উদ্যোগ লোৱা হৈছিল। বিজেপি চৰকাৰে সেই গাঁথনি ধ্বংস কৰি আছে।”যোগী আদিত্যনাথ চৰকাৰৰ এই সিদ্ধান্ত এতিয়া ৰাজ্যৰ শিক্ষা ব্যৱস্থা আৰু সামাজিক ভাৰসাম্যৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। ক্ৰমান্বয়ে এই আন্দোলন ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে। আদালতৰ ৰায় আৰু ৰাজনৈতিক হেঁচাত চৰকাৰে নিজৰ সিদ্ধান্ত সলনি কৰিবনে নাই সেয়া হ’ব লক্ষ্যণীয়।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd