NORTHEAST NOW (Assamese)

বিবাহৰ আয়োজন আয়োজন হৈয়ে ৰ’লঃ এনকাউণ্টাৰত প্ৰাণ হেৰুৱালে আৰক্ষী জোৱানে

December 26, 2023 3:11 pm · এন ই নাও নিউজ, গুৱাহাটী
ৰাথীয়ে ২০১৯ চনত আৰক্ষী বাহিনীত যোগদান কৰিছিল

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। যোৱা ৰাজ্যখনৰ কনৌজত হোৱা এক এনকাউণ্টাৰত গুলীবিদ্ধ হৈ প্ৰাণ হেৰুৱায় এজন আৰক্ষী জোৱানে।

নিহত জোৱানজনক শচীন ৰাথী বুলি চিনাক্ত কৰা হৈছে। দুৰ্ভাজ্ঞজনকভাৱে অহা বৰ্ষৰ আৰম্ভণিতেই ৰাথীৰ পৰিয়ালে তেওঁৰ বিয়াৰ প্ৰস্তুতি চলাইছিল।

কিন্তু এই সুখকৰ মুহূৰ্তৰ পৰিৱৰ্তে এতিয়া পৰিয়ালটোৱে ৩০ বৰ্ষীয় যুৱকজনৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি চলাবলগীয়া হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, উত্তৰ প্ৰদেশ আৰক্ষীয়ে যোৱা নিশা এজন কুখ্যাত অপৰাধীক কৰায়ত্বৰ বাবে এক অভিযান চলাইছিল।

প্ৰায় ২০টা গোচৰত আৰক্ষীৰ ৱাণ্টেড তালিকাত আছিল অশোক যাদৱ নামৰ লোকজন। আৰক্ষীৰ ভাষ্য মতে যাদৱক কনৌজত থকা নিজ গৃ্হৰ পৰা গ্ৰেপ্তাৰৰ উদ্দেশ্যে গৈছিল আৰক্ষীৰ এটা চাৰিজনীয়া দল।

এই দলটোৰ অংশ আছিল ৰাথী। আৰক্ষী উক্ত স্থানত উপস্থিত হোৱাৰ পিছতে অশোক যাদৱ আৰু তেওঁৰ পুত্ৰ অভয়ে দলটোৰ ওপৰত গুলীচালনা কৰি পলাবলৈ চেষ্টা কৰে বুলি আৰক্ষীয়ে দাবী কৰে।

এই আক্ৰমণত ৰাথীৰ উৰুত গুলীয়ে আঘাত হানে। গুলীবিদ্ধ হোৱাৰ পিছতে ৰাথীক কানপুৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।

কিন্তু অধিক ৰক্তক্ষৰণৰ ফলত মাজনিশালৈ মৃত্যু হয় ৰাথীৰ। মুজাফ্ফৰনগৰৰ বাসিন্দা ৰাথীয়ে ২০১৯ চনত আৰক্ষী বাহিনীত যোগদান কৰিছিল।

অহা বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত এগৰাকী মহিলা কনিষ্টবলৰ সৈতে বিবাহ ঠিক হৈছিল ৰাথীৰ। কিন্তু বিবাহ উদযাপনৰ বাবে সাজু হোৱা পৰিয়ালটো এতিয়া শোকত ভাগি পৰিছে।

ইফালে ৰাথীৰ দেহত গুলী লগাৰ পিচতে ঘটনাস্থলীলৈ অধিক আৰক্ষী প্ৰেৰণ কৰা হয়। প্ৰায় এঘণ্টা ধৰি চলি থকা এনকাউণ্টাৰৰ অন্তত যাদৱ আৰু তেওঁৰ পুত্ৰক জিম্মাত লোৱা হয়।

Related News