DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটৰ চিকিৎসালয়ত অঘটন: আৰক্ষীৰ লাঠীৰ কোবত যুৱকৰ মৃত্যু হোৱাৰ অভিযোগত উত্তপ্ত পৰিস্থিতি

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
August 12, 2021 9:52 am
aza
195
VIEWS
Share on FacebookShare on Twitter

এনকাউণ্টাৰ নহয় এইবাৰ আৰক্ষীৰ লাঠিৰ কোবত যুৱকৰ  মৃত্যু  হোৱাৰ অভিযোগত  এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’য় গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত।

খবৰ অনুসৰি গোলাঘাটৰ কমাৰগাওঁ অঞ্চলৰ অৰবিন্দ শইকীয়া নামৰ লোকজন কোনো ৰোগত আক্ৰান্ত হৈ ভৰি ফুলি যোৱাত  মঙলবাৰে বিয়লি  পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্ত্তি কৰাইছিল।

অৱশ্যে গোলাঘাটৰ চিকিৎসালয়ত কোনো চিকিৎসা নকৰি যোৰহাট মেডিকেল কলেজ হাস্পাতাললৈ ৰোগী জনক স্থানান্তৰিত কৰে। চিকিৎসকৰ কথা অনুসৰি ৰোগীজনক লৈ যাবৰ বাবে ততাতৈয়াকৈ পৰিয়ালৰ লোকে টকা যোগাৰ কৰিবলৈ ঘৰলৈ গৈছিল।

আৰু সেই সময়তে এই ঘটনাটো সংঘটিত হ’য়।চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে ৰোগী জনে চিকিৎসালয়ৰ ভিতৰত কোনো কথাত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি খঙতে এডোখৰ ইটা দাঙি মাৰিবলৈ উদ্যত হ’য় ।

লগে লগেই ৰোগীজনক চম্ভালিবলৈ চিকিৎসালয় চাউনীত থকা আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ ৰোগীজনক নিয়ন্ত্ৰণলৈ আনে।যদিও পৰিয়ালৰ লোকে ঘৰৰ পৰা ঘূৰি আহি ৰোগীজনক মৃত অৱস্থাত উদ্ধাৰ কৰে।

এতিয়া পৰিয়ালৰ লোকৰ অভিযোগ যে আৰক্ষীয়ে ৰোগীজনক লাঠীৰে মৰিয়াই মাৰিছে। আৰক্ষীয়ে ৰোগীজনক মৰিয়াই দুডালকৈ লাঠী ভাঙি দিয়াৰো অভিযোগ আনিছে পৰিয়ালটোৱে ।ইফালে সাংবাদিকৰ আগত আৰক্ষীয়ে দিয়া  ভাষ্য মতে ৰোগীজনে আৰক্ষীক দেখি দৌৰি ওলাই যাওঁতে এখন ৰখাই থোৱা গাড়ীত খুন্দা মৰাৰ ফলতহে ৰোগীজনৰ মৃত্যু হৈছে।

যদিও  পৰিয়ালৰ লোকে এই সকলো কথা খণ্ডন কৰি আৰক্ষীৰ লাঠীৰ কোবতহে ৰোগী জনৰ এনেদৰে মৃত্যু হৈছে বুলি অভিযোগ আনিছে আৰু সেই লৈ নিশা চিকিৎসালয়ৰ চৌহদত এক উত্তপ্ত পৰিবেশৰ উদ্ভৱ হ’য়।  উল্লেখযোগ্য যে এতিয়া এই  সমগ্ৰ ঘটনা টোৰ

উচিত তদন্তৰ অবিহনে মৃতদেহ চমজি নলয় বুলিও সকিয়নী প্ৰদান কৰিছে পৰিয়ালৰ লোকে। তেনেক্ষেত্ৰত ৰাইজৰ দাবী যে জিলা প্ৰশাসনে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি সমগ্ৰ ঘটনাৰ সত্য উদঘাটন কৰক।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd