• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউএপিএৰ অধীনত আটক ধুবুৰীৰ যুৱক, উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে গুৱাহাটীলৈ স্থানান্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2025 6:00 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী জিলাৰ এজন ৩২ বছৰীয়া যুৱকক পুৱতি নিশা আৰক্ষীৰ এক অভিযানত আটক কৰা হৈছে। অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ (ইউএপিএ)ৰ অধীনত আটক কৰে। এতিয়া  উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। আটকাধীন যুৱকজনৰ নাম তপন ৰায় বুলি চিনাক্ত কৰা হৈছে। তেওঁ ধুবুৰীৰ আগমনি আৰক্ষী থানাৰ অধীনস্থ ঝাপুছাবাৰী প্ৰথম খণ্ডৰ নিবাসী অনিল চন্দ্ৰ ৰায়ৰ পুত্ৰ।

তপন ৰায়ৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ৰ ধাৰা ৬(২) (অপৰাধমূলক কাৰ্যকলাপ), ১৪৭ (দাঙ্গা), আৰু ৩০৮(২) (হত্যাৰ চেষ্টা)ৰ লগতে ইউএপিএৰ ধাৰা ১০ (অবৈধ সংগঠনৰ সদস্যতাৰ বাবে শাস্তি) আৰু ১৩ (অবৈধ কাৰ্যকলাপৰ পোষকতা, প্ৰৰোচনা বা সমৰ্থনৰ বাবে শাস্তি)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। ইউএপিএ সাধাৰণতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টিকাৰী গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়, যাৰ ফলত এই গ্ৰেপ্তাৰৰ গুৰুত্ব আৰু সংবেদনশীলতা স্পষ্ট হৈ পৰিছে।

Apply Now

আৰক্ষী সূত্ৰৰ মতে, গ্ৰেপ্তাৰৰ সবিশেষ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। তথাপিও, ইউএপিএৰ অধীনত অভিযোগ জাপি দিয়াটোৱে এই গোচৰৰ সম্ভাৱ্য ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰভাৱৰ ইংগিত  বহন কৰিছে। তপন ৰায়ক গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ পিছত ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এনআইএ)ৰ দৰে কেন্দ্ৰীয় সংস্থাৰ তত্ত্বাৱধানত তদন্ত চলিব পাৰে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।

ইউএপিএ হৈছে এনে এক আইন, যি অবৈধ কাৰ্যকলাপ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে জনাজাত। এই আইনৰ ধাৰা ১০ আৰু ১৩ৰ অধীনত অভিযুক্ত ব্যক্তিয়ে সাত বছৰলৈকে কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ উপৰিও, ইউএপিএৰ অধীনত জামিন পোৱাটো অত্যন্ত কঠিন, কিয়নো ধাৰা ৪৩ডি(৫) অনুসৰি অভিযুক্তই প্ৰমাণ কৰিব লাগে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰথম দৃষ্টিত সত্য নহয়। এই কঠোৰ বিধানৰ বাবে এই আইনৰ প্ৰয়োগক লৈ বিভিন্ন সময়ত সমালোচনা উত্থাপিত হৈ অহিছে, কিয়নো ই ব্যক্তিৰ মৌলিক অধিকাৰৰ সৈতে সংঘাতৰ সৃষ্টি কৰিব পাৰে।

 ধুবুৰী জিলাৰ এই ঘটনাই স্থানীয় লোকৰ মাজতো উদ্বেগৰ সৃষ্টি কৰিছে, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি সংবেদনশীল এই গোচৰৰ পৰৱৰ্তী  স্থিতিৰ ওপৰত সকলোৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

October 12, 2026 7:52 am
ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

October 12, 2026 7:52 am
ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd