মহানগৰীৰ কইনাধৰাত দুৰ্বৃত্তৰ গুলীত নিহত যুৱক; অপৰাধীৰ সন্ধানত অভিযান আৰক্ষীৰ

গুৱাহাটীৰ কইনাধৰাত বৃহস্পতিবাৰে সন্ধিয়া দুৰ্বৃত্তই এজন যুৱকক গুলীয়াই আহত কৰিছিল। গুৰুতৰভাৱে আহত যুৱকজনৰ পিছত মৃত্যু ঘটে।

বাতৰি অনুসৰি, মহানগৰীৰ লতাকাটা অঞ্চলৰ নিবাসী অঞ্জন নাথ নামৰ যুৱকজনৰ নিশা প্ৰায় ৯:৩০ বজাত মেট্ৰ’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা বুলি জানিব পৰা গৈছে।

কইনাধৰা অঞ্চলৰ সমীপত অচিনাকি দুষ্কৃতিকাৰীয়ে যুৱকজনৰ বুকুত গুলীওৱাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, যুৱকজনে গুৱাহাটীৰ বশিষ্ঠ চাৰিআলি অঞ্চলৰ এটা বাণিজ্যিক বাহনৰ ডিলাৰত কাম কৰিছিল।

লগতে পঢ়কঃ ২১২ জন ভাৰতীয়ক লৈ নতুন দিল্লীত অৱতৰণ কৰিলে ‘অপাৰেচন অজয়’ৰ প্ৰথমখন বিমান

সংকটজনক অৱস্থাত তেওঁক খানাপাৰাৰ মেট্ৰ’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত আঘাতৰ ফলত তেওঁৰ মৃত্যু হয় বুলি চিকিৎসালয়ৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়ে।

ইপিনে, ঘটনাৰ বাবে দায়ী দুৰ্বৃত্তক বিচাৰি উলিয়াবলৈ চেষ্টা চলাই আছে আৰক্ষীয়ে। যুৱকজনক কিয় গুলীওৱা হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

অঞ্চলটোৰ স্থানীয় লোকে ব্যক্তিগত শত্ৰুতা হ’ব পাৰে বুলি সন্দেহ কৰাৰ বিপৰীতে একাংশই ডকাইতিৰ চেষ্টা বুলিও সন্দেহ প্ৰকাশ কৰিছে।

অভিযোগ অনুসৰি স্কুটিৰে আহিছিল দুষ্কৃতিকাৰী।

লগতে পঢ়কঃ দিল্লীত ৰহস্যজনক মৃত্যু অসমীয়া যুৱকৰ

ঘটনাস্থলীত থকা এজন ব্যক্তিয়ে সংবাদ মাধ্যমক জনোৱা মতে, যুৱকজনে মটৰ চাইকেলত বহি থকাৰ সময়তে ৰাজীৱ গান্ধী নগৰৰ পৰা স্কুটীৰে ওলাই অহা এজন ব্যক্তিয়ে তেওঁৰ বুকুত গুলীয়াইছিল।

গুলী লগাৰ লগে লগে যুৱকজন মাটিত বাগৰি পৰে আৰু কোনো লোকে চিনাক্ত কৰাৰ আগতেই সন্দেহজনক লোকজনে পলায়ন কৰে।

আৰক্ষীয়ে অঞ্চলটোত থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰি সন্দেহজনক লোকজনৰ সন্ধান উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।

লগতে পঢ়কঃ বিশ্বকাপত নেজ পেলালে কেংগেৰুৱে! নিৰ্মম দক্ষিণ আফ্ৰিকা; আত্মসমৰ্পণ অষ্ট্ৰেলিয়াৰ

উল্লেখ্য যে যোৱা কেইদিনমানৰ পৰা মহানগৰীত বন্দুক জড়িত অপৰাধৰ ঘটনা বৃদ্ধি পাইছে।

ইপিনে, ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ডিজিপি জিপি সিং আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই।