• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনত জয়ী হোৱাৰ ৪৮ ঘন্টাৰ পাছতে গুজৰাটত ভূমি বেদখলৰ বাবে ইউছুফ পাঠানলৈ জাননী জাৰি

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
June 14, 2024 4:31 pm
4.2k
VIEWS
Share on FacebookShare on Twitter

তৃণমূলৰ বিজয়ী প্ৰাৰ্থী তথা প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ উত্থাপন হৈছে। গুজৰাটৰ বৰোদা পৌৰসভাৰ এখন মাটি অবৈধভাৱে দেৱাল গাঁঠি ঘেৰাও কৰা বুলি অভিযোগ উত্থাপন হৈছে। সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি বৰোদা পৌৰসভাইও এই সন্দৰ্ভত পাঠানলৈ জাননী প্ৰেৰণ কৰিছে। তেওঁক শীঘ্ৰে দেৱালখন আঁতৰাবলৈ কোৱা হৈছে।

এই লোকসভা নিৰ্বাচনত বহাৰমপুৰ সমষ্টিৰ পৰা তৃণমূলৰ টিকটত জয়লাভ কৰে ইউছুফে। পাঁচবাৰৰ সাংসদ তথা ৰাজ্যিক কংগ্ৰেছৰ সভাপতি অধীৰ চৌধুৰীক পৰাস্ত কৰি তেওঁ এক নজিৰ গঢ়ি তুলিছিল। পিটিআইয়ে জনোৱা মতে, বৰোদা পৌৰসভাই যোৱা ৬ জুনত পাঠানলৈ জাননী প্ৰেৰণ কৰিছিল। কাকতলীয়াকৈ ৪ জুনত এই সমীক্ষাৰ ফলাফল প্ৰকাশ পাইছিল। অৰ্থাৎ বাহাৰমপুৰ জয়ী হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰতে বিজেপি পৰিচালিত পৌৰসভাৰ পৰা ইউছুফে জাননী লাভ কৰে।

ইউছুফে যি মাটি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে, সেই মাটি পৌৰসভাৰ মালিকানাধীন। বৰোদাৰ বিজেপিৰ এজন কাউন্সিলাৰ বিজয় পাৱাৰে কয় যে ২০১২ চনত ইউছুফে এই মাটি ক্ৰয় কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়ত তেওঁ পৌৰসভাৰ অনুমতি লৈ গৈছিল। কিন্তু তেতিয়াৰ গুজৰাট চৰকাৰে পৌৰসভাৰ প্ৰস্তাৱ নাকচ কৰিছিল। পাৱাৰে কয় যে মাটিখিনি ইউছুফৰ ঘৰৰ ওচৰত। তেওঁৰ মন্তব্যৰ পিছতে বৰোদা পৌৰসভাইও ইউছুফক জাননী দিয়াৰ বিষয়টো স্বীকাৰ কৰিছে।

ইয়াৰ পূৰ্বে বিজেপিৰ কাউন্সিলাৰগৰাকীয়ে কয় যে ২০১২ চনত যেতিয়া ইউছুফৰ ঘৰ নিৰ্মাণৰ কাম চলি আছিল তেতিয়া তেওঁ এই কাষৰীয়া মাটিখিনি অধিক মূল্যত ক্ৰয় কৰিব বিচাৰিছিল। লগতে তেওঁ প্ৰতি বৰ্গমিটাৰত ৫৭ হাজাৰ টকা দিয়াৰ প্ৰস্তাৱ আগবঢ়ায়। পৌৰসভাৰ ব’ৰ্ডৰ বৈঠকত এই প্ৰস্তাৱ গৃহীত হয়। কিন্তু চৰকাৰে অৱশেষত মাটি বিক্ৰীৰ অনুমতি নিদিলে। কাউন্সিলাৰগৰাকীয়ে কয় যে তেওঁৱেই পৌৰসভাক জনাইছিল যে মাটি বেদখল কৰা হৈছে। লগতে এই সন্দৰ্ভত তদন্তৰ দাবী জনায়।

মন কৰিবলগীয়া যে এই নিৰ্বাচনত তৃণমূলৰ অন্যতম চমক আছিল ইউছুফ। তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে গুজৰাটৰ পৰা বংগলৈ আনি টিকট দিছিল। অধীৰ ৰঞ্জনৰ ‘গড়’ বেহৰমপুৰত তেওঁ হৈ পৰিছে দলৰ ট্ৰাম্প কাৰ্ড। ৫২ হাজাৰৰো অধিক ভোটত তেওঁ অধীৰক পৰাস্ত কৰে। এই জয়ৰ বাবে দলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে ঘৰুৱা বৈঠকত তেওঁক ‘জায়ান্ট কিলাৰ’ বুলি অভিহিত কৰে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd