সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা যুৱৰাজ সিঙক পুনৰ এবাৰ দেখিবলৈ পোৱা যাব ক্ৰিকেট ফিল্ডত।
অৱসৰ লোৱা যুৱৰাজে পুনৰ ক্ৰিকেটলৈ উভতি আহি আগন্তুক ঘৰুৱা ছিজনত পঞ্জাৱৰ হৈ খেলাৰ সম্ভাৱনা আছে। পঞ্জাৱ ক্ৰিকেট সংঘৰ সচিব পুনীত বালীয়ে এই কথা জনায়।
উল্লেখ্য যে যুৱৰাজে যোৱা বৰ্ষৰ জুন মাহত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। তেওঁ ২০১৭ চনত ভাৰতৰ হৈ শেষবাৰ খেলিছিল।
যোৱা মহাত সচিব বালীয়ে যুৱৰাজক অৱসৰৰ সিদ্ধান্ত উঠাই লৈ পঞ্জাৱৰ যুৱ ক্ৰিকেটাৰক সহায় কৰাৰ আহ্বান জনাইছিল। এই আহ্বানৰ সহাৰি জনাই যুৱৰাজে অনুশীলনো আৰম্ভ কৰিছে।
বালীয়ে বুধবাৰে সন্ধিয়া কয়, ‘এই সন্দৰ্ভত এতিয়ালৈকে মোক একো জনোৱা নাই। ময়ে তেওঁক অৱসৰৰ সিদ্ধান্ত উঠাই লৈ পঞ্জাৱৰ যুৱ খেলুৱৈক সহায় কৰাৰ বাবে অনুৰোধ জনাইছিলো। আজি সকলো কথা স্পষ্ট হোৱাৰ সম্ভাৱনা আছে’।
উল্লেখ্য যে যদিহে যুৱৰাজে পুনৰ ক্ৰিকেটলৈ ঘূৰি আহে তেন্তে তেওঁ পঞ্জাৱৰ হৈ কেৱল টি-২০ মেচতহে অংশ ল’ব।
পঞ্জাৱৰ যুৱ খেলুৱৈ শুভমন গীল, অভিষেক শৰ্মা, প্ৰভচিমৰন সিং আৰু অনমোলপ্ৰীত সিঙৰ সৈতে যুৱৰাজে মোহালীৰ পি চি এ ষ্টেডিয়ামত অনুশীলন কৰা পৰিলক্ষিত হৈছিল।
ইয়াৰ উপৰি পঞ্জাৱৰ অফ ছিজন শিৱিৰত যুৱৰাজ সিঙে কেইখনমান মেচত অংশ লৈছিল আৰু ইয়াৰ পিছতে বালীয়ে তেওঁক পুনৰ ক্ৰিকেট জগতলৈ ঘূৰি আহিবলৈ অনুৰোধ জনাইছিল।
উল্লেখ্য যে যুৱৰাজ সিঙে ভাৰতৰ হৈ ৩০৪খন এদিনীয়া, ৪০খন টেষ্ট আৰু ৫৮খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ভাগ লৈছিল।